পৃষ্ঠা:Assam Buranji.djvu/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭

জলিল। ঐ পাট্‌কাইচেঙ্গকানৰ অৰ্থ এই, পাট কাটি, কাই কুকুৰা, চেঙ্গ সপত, কান লগালে, সেই ঠাইতে। পৰে চুডাঙ্গফা ৰজা দেও দিহিঙ্গৰ কোসৰ চৰগুআত নগৰ কৰি সিঙ্গৰি ঘৰ পাট ঘৰ উঠি, ঐ উজনি ফালৰ সিমাৰ কিচু ওচৰ হোআকৈ আপোনাৰ মাটিত গৰ বাহৰ এনে নিবন্ধ কৰি ৰাখিলে। পাচে কাল ক্ৰমে ১৩২১ সঁকত স্বৰ্গি হল, ভোগ ৯ বচৰ। ইতি। ৮।

 এঁওৰ মৰনান্তে এঁওৰে ৩ পুত্ৰৰ মধ্যে চুজাঙ্গফা ১৩২৯ সঁকত ৰজা হল। পিত্ৰিৰাজ্যকে মাত্ৰ ভোগ কৰি ১৩৪৪ সঁকত স্বৰ্গি হল। ভোগ ১৫ বচৰ। এঁওৰ দিনতে নাংচুখাম্ বৰ গোহাঁই হল। ইতি। ৯।

 এঁওৰ মৰনান্তে এঁওৰ ৪ পুত্ৰৰ মধ্যে চুফকফা ১৩৪৪ সঁকত ৰজা হৈ পিত্ৰিৰাজ্য মাত্ৰ ভোগ কৰি, ১৩৬১ সঁকত স্বৰ্গি হল। ভোগ ১৭ বচৰ। এঁওৰ দিনত খেনলুঙ্গ বুৰা গোহাঁই হল, ও নাঙ্গনিম বৰ গোহাঁই হল। ইতি। ১০।

 এঁওৰ মৰনান্তে এঁওৰ ২ পুত্ৰৰ মধ্যে চুচেনফা ১৩৬১ সঁকত ৰজা হল। এঁওৰ দিনত টঙ্গচু নগাৰে ৰন হল। নগাৰ চাঙ্গে সহিতে গৰকি ৰন জিকিলে। পাচে ১৪১০ সঁকত ৰজা দেও স্বৰ্গি হল। ভোগ ৪৯ বচৰ। ইতি। ১১।

 এঁওৰ মৰণান্তে এওঁৰে পুত্ৰ চুহান্‌ফা ১৪১০ সঁকত

ৰজা হল। এঁৱেই ত্যাওকাংবান্‌ৰেকক বৰ গোহাঁই পাতিলে,