পৃষ্ঠা:Assam Buranji.djvu/২৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


ত্ৰিতিয় খণ্ড।


 এঁওৰ মৰনান্তে এঁওৰে পুত্ৰ চুহুম্মুঙ্গ ১৪১৯ সঁকত ৰজা হল। দিহিঙ্গৰ চৰগুআৰ ঐ বৰ নগৰত সিঙ্গৰি ঘৰ উঠিল। কেঁঅৰৰ দিহিঙ্গিয়া ফৈদৰ মাজত প্ৰধান ৰজা হল দেখি, এওঁকে দিহিঙ্গিয়া ৰজা বোলে। এঁৱেই দিহিঙ্গৰ মথাউৰি বন্ধালে; এবং তিপমিয়া ও চাৰিঙ্গিয়া এই দুখন মেল পাতিলে। এঁওৰ দিনৰে পৰা সঁকাদিত্যৰ সঁক চলাই; আৰু প্ৰথমে চুকাফা ৰজা দেৱে বৰাই অহা খামজাঙ্গত থকা আইতনিয়া ও পানি নৰাৰেই জুধ হল। সিহঁত ঘাটিলত বৰ কাঁহ জাঙ্গফাই নৰা দা, এই সকল দ্ৰব্যেৰে পাল সেৱা কৰি থাকিবলৈ নিবন্ধ কৰি দিলে। আৰু চুটিয়াৰ ৰজা ধিৰনাৰায়ন মন্ত্ৰি কাচিতাৰা এই দুইৰে লাক্লি কাপচিঙ্গা ১৪২২ সঁকত দিখৌ মুখতে জুধ হল। পাচে চুটিয়া ভাগি চন্দনগিৰি পৰ্বত উঠিলগৈ; তালৈকে আমাৰ সেনাই খেদি গল। তাৰে কিছু সেনা পৰ্বত উঠাত সিল বগৰাই মাৰিলে। অৱসেস ৰনুআ পৰ্বত উঠি চুটিয়াৰ ৰজা মন্ত্ৰি হালৰে মুৰ দুটা কাটি আনি দেখালেহি। পাচে সেই মুৰ দুটাকে চৰাই দেও ও সৰগ দেও এই দুই দেও ঘৰৰ বৰ জখলাৰ মুৰতে পুতি তাৰ ওপৰত সিল দিলে; সেই সিলতে ভৰি দি দেও ঘৰলৈ ৰজাদেও সকল উঠে। এই ৰন জিকি হাতি ঘোৰা সোন ৰুপ অস্ত্ৰ সস্ত্ৰ অনেক দ্ৰব্য পালে; সোনৰ