পৃষ্ঠা:Assam Buranji.djvu/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬

হেতুকেই বামুনি কোঁঅৰ বুলিলে । পাচে ঐ তাউচুলাই কোঁঅৰৰ মুখে অসমত বংস নাই হেন জানি, নৰা ৰজা চুৰুন্‌ফাই তেঁওৰ ফালৰ তাচিন্‌পৌ বৰ গােহাঁইক সেনাপতিকৈ দেস লােআৰ মনেৰে পঠালে। সেই বৰ গােঁহাই আহি কুঁহিয়াৰ বাৰিত কোঠ দিলেহি । আমাৰ ৰজা দেও বাৰ্হি গৈ জুধৰ আৰম্ভন কৰাত নৰাহঁতে বােলে, আমাৰ ৰজাৰ বংসৰ ৰজা নাই বােলাত্হে আমি আহিলোঁ; এতিয়া আমাৰে ৰজাৰে একো বিবাদ নাই, এই বুলি হুহকি গল। এনেতে আমাৰ ফালৰ ত্যাতান্‌বিঙ্গ বৰ গােহাঁই বাৰ্হি গৈ পাটকাইতে দুয়াে দল মিলা মিলি হল। পাচে দুয়াে ফালৰ ৰাজ আজ্ঞাৰে দুয়াে দলে পাট‌্কাইৰ ওপৰৰ নঙ্গঞাঙ্গ পানিতে হাত জোবৰাই, এবং কুকুৰাকো কাটি সপত কৰি লাক্লি ডাপমাও ১৩২৩ সঁকত পাট‌্কাই পৰ্বতকে সিমা কৰি দুয়াে বৰ গােহাঁইৰ দুটা মুর্তি সিলতে কটালে। নঙ্গঞাঙ্গৰ অৰ্থ এই, নঙ্গ বিল, ঞাঙ্গ আচে। আৰু বুলিলে বােলে, এই পর্বতকে আমি সিমা কৰিলোঁ; এতেকে দুইৰো মুর্তি এই চিন থাকিব, অৰু এই সিমা এৰি কোনেও বাৰ্হি কোনাে ফাললৈ আক্রমন কৰিব নেপাই। এই ৰুপে মিলা মিলি কৰি সিমা পাতি উভয়েই আপােন ঠায়ে ঠায়ে গল।এই পাটকাই পর্বতক চুকাফা ৰজা দেও অসম দেসলৈ অহা কালত ডইকাউৰঙ্গ বুলিচিলে। তাৰ অৰ্থ এই, ডই পর্বত,কাউ ৯টা, ৰঙ্গ গােট খোআ। পাচে এই সিমা কৰাৰ পৰা