পৃষ্ঠা:Assam Buranji.djvu/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫

পৰে পাত্ৰ মন্ত্ৰি সকলে ১৩১১ সঁকত ৰজা ভাঙ্গি প্ৰকাৰান্তৰে মাৰিলে; ভোগ ৯ বচৰ। ইতি। ৭।

 পাচে মন্ত্ৰি সকলে আসই ভাল নেদেখি তাউচুলাই কোঁঅৰক ৰজা নেপাতি, ১৩১১ সঁকৰ পৰা ১৩২০ সঁকলৈকে ৰাজ্য সাসন কৰি আচিল; এই হেতুকে অৰাজক বোলা জাই, ৯ বচৰ। ইতি।।

 পাচে ৰজা হবলৈ নোপোআ বেজাৰত তাউচুলাই কোঁঅৰে উজাই নৰা দেসলৈ গৈ, চুৰুন্‌ফা নৰা ৰজাত জনালেগৈ বোলে, অসম দেসত তোমাৰ বংস নাই কিয়া হল। এই কথা কবলৈ তাউচুলাই জাঁওতেই এখেত গৰু সলাবলৈ জোআ মানুহে ঐ হাবুঙ্গিয়া বামুনৰ ঘৰত বৰ মানুহৰ সন্তান জেন দেখি পৰস্পৰে সুধি আদ্যুপান্ত বুজি আহি, কোঁঅৰটিৰ বাৰ্তা জনোআত ডাঙ্গৰিয়া সকলে কোঁঅৰক আনিবলৈ মানুহ পঠালে। সেই মানুহে গৈ আনিবলৈ ধৰাত কোঁঅৰে বোলে, আই ভাইবোৰ ন গলে অকলে নেজাঁও। এনে বোলাত বামুনৰ ঘৰোআহকে তুলি আনিলে। পাচে ১৩২০ সঁকত সেই কোঁঅৰক চুডাঙ্গফা নাম দি ৰজা পাতিলে। ৰজা হৈ বামুনৰ লৰাহঁতক আপোনাৰ ককাই ভাই হেন বুলি ৰ্কোঁঅৰ কৰি দিহিঙ্গত পাতিলে। সেই বামুনৰ ৺ লক্ষ্মিনাৰায়ন সালগ্ৰাম এখনি আচিল। সেই সালগ্ৰাম ভিতৰত ৰাখিলে, তাৰে পৰা চাঙ্গত লক্ষ্মিনাৰায়ন চলিল;আৰু এই জনা ৰজাকো এবং বামুনৰ সেই লৰাহঁতকো এই