পৃষ্ঠা:Assam Buranji.djvu/১৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


| ১৪ হল। পাচে চুটিয়াৰ ৰজাই সখি কৰি চৰা নাও খেলাবলৈ নি, ১২৯৮ সঁকত মাৰিলে; ভোগ ১২ বচৰ। ইতি। ৬। এঁওৰ মৰনান্তে মন্ত্রি লােকেই কোঅৰ কাবাে অসিই ভাল নেপাই, ১২৯৮ সঁকৰ পৰা ১৩০২ সঁকলৈকে ৰাজ্য সাসন কবে; এই হেতুকে অৰাজক বোলা জাই ৪ বচৰ। ইতি। পৰে মন্ত্রি লােকে আসই পাই ১৩০২ সঁকত ত্যাওখাথিক ৰজা পাতি ললে। এঁওৰ দিনতে চাউথাইখুম বুবা গােহাই হল, ও বৰ গােহই পৰিয়া ত্যাতাবিঙ্গ বব গোহাঁই হল। এই জনা বজাৰে বৰ সৰু দুজনা কুঁঅৰি ; সৰু জনাব গর্ভ হৈচিলে। এনেতে বৰ কুঁঅৰিকে ৰজা দেৱে নিজ ৰাজ পাটৰ অধিকাৰ পাতি থৈ ভাত্রিববি চুটিয়া ৰজাক ধৰিবলৈ গল। পাচে চুটিয়া ৰজা পলাই পৰ্বতলৈ গল । ৰজা দেও নগৰলৈ আহি নগৰ নৌ পাওতেই, এখেত বৰ কুঁৱৰিএ সতিনিৰ খেপত থাকি মিচা দাই এটা উলিয়াই সৰু কুঁৱৰিক কাটিবলৈ দিলে। পাচে কাটিবলৈ নিওতে বাটৰ পৰা বুৰা গোহাঁই ডাঙ্গৰিয়াই সগর্ভা দেখি ন কটাকৈ ৰাখি, ভুত তুলি সেই কুঁঅৰিক দিহিঙ্গত উটাই দিলে; ৬টি গৈ হাবুঙ্গ পালেগৈ। তাতে হাবুঙ্গিয়া ব্রাহ্মন এটাই দেখি তুলি নি, তাৰ ঘৰেতে প্রতিপাল কৰি ৰাখিলে। কালক্রমে তাতে কেঁঅৰ এটি জন্মিল, কুঁৱৰি মৰিল ; ব্রাহ্মনিএ অপপানাৰ পুতেহঁতে সহিতে প্রতিপাল কৰি কেঁঅৰক তুলিলে। এখেত ৰজা দেও নগৰলৈ আহি কিছু কাল আচিলে,