সমললৈ যাওক

পৃষ্ঠা:Assam Buranji.djvu/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩

১২০৩ সকত স্বৰ্গি হল, ভোগ ১৩ বচৰ। এঁওৰ দিনতে ঐ ক্লিংলুন্‌মাংৰাই মৰিলত পুতেক থাওৰুৰু বুৰা গোহাঁই হল, ও কান্‌ঙ্গন মরিলত পুতেক চাওবিন বৰ গোহাঁই হল। ইতি।২।

 এঁওৰ মৰনান্তে এঁওৰ চাৰি পুত্ৰৰ মধ্যে চুবিন্‌ফা ১২০৩ সঁকত ৰজা হৈ সেই ৰাজ্যকে মাত্ৰ ভোগ কৰি, ১২১৫ সঁকত স্বৰ্গি হল, ভোগ ১২ বচৰ। এঁওৰ দিনতে ঐ থাওৰুৰু বুৰা গোহাঁই স্থানান্তৰ হৈ মৰিলগৈ। ইতি। ৩।

 এঁওৰ মৰনান্তে এঁওৰ ২ পুত্ৰৰ মধ্যে চুখাংফা ১২১৫ সঁকত ৰজা হল। এঁওলৈকে কমতেস্বৰে দুই জিয়েকক দি মিত্ৰ কৰিলে। এই দুই জিয়ৰিৰে বৰ জনাৰ নাম ৰাজনি, সৰু জনাৰ নাম ভাজনি; এঁওৰ সন্তান নেথাকিল, ৰাজনিৰ গৰ্ভে তাওচুলাই নামে এটি কোঁঅৰ হল। আৰু অন্য এজনা কুঁঅৰিৰ গৰ্ভে ৩ জনা কোঁঅৰ হল; আৰু বৰ জনাৰ নাম চুখ্ৰাম, মধ্যম জনাৰ নাম চুতু, সৰু জনাৰ নাম ত্যাওখামথি। পাচে ১২৫৪ সঁকত স্বৰ্গি হল, ভোগ ৩৯ বচৰ। ইতি। ৪।

 এই জনাৰ মৰনান্তে এঁওৰ বৰ পুতেক চুখ্ৰামখা ১২৫৪ সঁকত ৰজা হৈ পিত্ৰি ৰাজ্যকে ভোগ কৰি, ১২৮৬ সঁকত স্বৰ্গি হল, ভোগ ৩২ বচৰ। এঁওৰ দিনত ঐ থাওৰুৰুৰ পুত্ৰ চাউ-ফ্ৰংডাম বুৰা গোঁহাই হল, ও চাওবিন মৰিলত খুন্তালাকৰ তাফ্ৰিখিন বৰ গোহাঁই হল। ইতি। ৫।

 এঁওৰ মৰনান্তে এঁওৰ ভায়েক চুতুফা ১২৮৬ সঁকত ৰজা