পৃষ্ঠা:Assam Buranji.djvu/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২

কটকি পঠালে। সেই পত্ৰ পাই চোম দেওক অনা বুলি মনেৰে ভবা কথা অস্থিৰ মানি, ঘৰৰে এজনাই দেস মাৰি লোআ বাৰ্তা সুনি নইচান্‌ফা ৰজাই হৰ্স পাই, পুনৰ চুকাফা ৰজালৈ সোনোআলি টুপি ও ঘোৰা দি পঠালে। তাৰে পৰা নৰা ৰজাৰে গতাগত চলিত কৰি ৰাখিলে। এই নইচান্‌ফা ৰজাকে অসমিয়া বুৰঞ্জিত চুখ্ৰান্‌ফা বোলে। আৰু পুৰ্ব্বত খুন্‌লুঙ্গ ককায়েক, খুন্‌লাই ভায়েক, এই হেতুকে খুন্‌লাইৰ পৰা তোলনিয়া ৰুপেই বা তেঁওৰ পদত স্থিতি হৈএ জি কেই ঘৰ বাৰ্হিল সেই কেই ঘৰক, খুন্‌লুঙ্গৰ পৰা সেই ক্ৰমে বৰ্হা কেই ঘৰে বয়োধিক হলেও ভাই ৰজাহে বোলে এবং খুন্‌লাইৰ পৰা বৰ্হা কেই ঘৰেও খুন্‌লুঙ্গৰ পরা বৰ্হা কেই ঘৰক বয়স কনিষ্ঠ হলেও ককাই ৰজা বোলে। কিন্তু এই সমন্ধ ভাই ভাই সমানত্হে দদাই ভতিজা, ককা নাতি, এনে জাৰ জেতিয়া হই, তেতিয়া ঐ দদাই ভতিজা বা ককা নাতি, এই সমন্ধকেই ধৰে; তাতে ককাকক পুথাও, নাতিয়েকক সাজি, বৰ বাপেকক নিচাও, এনে ভাসা মাত্ৰ লৰে। এই হেতুকে অসমৰ সমন্ধ অদ্য পৰ্য্যন্তে গুৰিৰ বৰ ঘৰেই বৰ, গুৰিৰ সৰু ঘৰেই সৰু, এই ৰুপে ভাই ভাই সমান পুৰুসত চলিত হৈ আচে। ইতি। ১।

 এঁওৰ মৰনান্তে এঁওৰ ৩ পুত্ৰৰ মধ্যে চুতেউফা ১১৯০ সঁকত ৰজা হৈ পিত্ৰাৰ্জিত ৰাজ্য খনিকে মাত্ৰ ভোগ কৰি