পৃষ্ঠা:Assam Buranji.djvu/১০৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


নেওগ, বৰা, এইবােৰক লেখাৰু কুকুৰাচোআ বৰাই নিজা মেল ঘৰ কিম্বা দোলাঘৰতে নিজ মেলৰ আই কুঁৱৰি দেও বা গােহই দেৱৰ আজ্ঞাৰে পাতে। কুকুৰা চোআৰ নেওগ বৰা এইবােৰক বৰ বাটঘৰতে ওজা লিগিৰাই সৰ্গদেৱৰ আজ্ঞাৰে পাতে। চাউডাঙ্গৰ সইকিয়া বৰাহঁতক ঐ চাউডাঙ্গ চৰাতে পাতে ; দোলাকাসৰিয়া বৰা ও বৰ নেওগ ইহঁতক ঢেকিয়াল বৰুৱা দোলাকাসৰিয়া বৰুৰ পালিৰ মুখৰ ওলাই, বহা ঘটিতে পাতে। আৰু মেলডগিয়া ও বৰ বৰুআ, বৰ ফুকন, ও ডাঙ্গৰিয়া সকলৰ বিসই, ও বিলাতত বাজে নেওগ, টেকেলা বৰবােৰ সৰ্গদেৱৰ আজ্ঞাৰেহে হই; হাতি ঘােৰাৰ দুই বৰ বৰা, গুৱাহাটিৰ দুই বৰ বৰা, উজনিৰাে দুই বনুআ, বৰা, এইবােৰ সৰ্গদেৱৰ আজ্ঞাৰেহে হই; কিন্তু কাৰিৰ সইকিয়া খনি মাত্র উজনিয়াৰ বৰ বৰুআই পাতে, ভাটিৰ খনি বৰ ফুকনে পাতে। জুৰাৰ বৰা খনি গা মেলৰ বৰুৱা ফুকনেই পাতে। তজবিজ মতে অপৰাধিক ডণ্ড কৰাৰ নিয়ম। সগদেৱে হলে জি ৰকনে ডণ্ড কৰাৰ ইচা হই তদপে কৰে, ইয়াত নিয়ম নাই। ডাঙ্গৰিয়া সকলে হলে ধুমেৰে খুন্দি প্রান মাৰে, ও তােম বান্ধি পানিত ডুবাই প্ৰনি মাৰে, অন্য প্রকাৰে এবং অস্ত্রাঘাতে প্রান মাৰিব নেপাই; আৰু চকু কাছে, নাক কান কাটে, আঠুৰ ঘিলা কাহে। বৰ বৰুআই হলে