পৃষ্ঠা:Assam Buranji.djvu/১০৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০১

ফুকন পৰ্জন্তে কথা সুনাই পতাতেহে, অকলেই বা লগেৰেই মজুমদাৰ বৰুআই কথা সুনুআ নিয়ত; তদতিৰক হলে অন্য ফুকন বৰুআও কথা সুনাই, কদাচিত মজুমদাৰ বৰুআকো পাঁচে। খেৰ বিচনি লোআ চমুআ ফুকন সকলক চৰাৰ উতৰ টুপে পাতে; পাচে বৰ বৰুআত কৈ থইগৈ। তিনি বৰ ভণ্ডাৰ বৰুআ, জালভাৰি ফুকন, গন্ধিয়া বৰুআ, মজুমদাৰ বৰুআ, খনিকৰ বৰুআ, সেনচোআ বৰুআ, দুই দোলাকাসৰিয়া বৰুআ, তিপমিয়া ৰাজখোআ, হাতি বৰুআ, ঘোৰা বৰুআ, এই সকলক দোলাকাসৰিয়া চৰাৰ টুপতে পাতে। দুই চাউডাঙ্গৰ বৰুআক উজনি জখলা মুখৰ চাউ- ডাঙ্গৰ চৰাত পাতে। বৰ বাটঘৰৰ মাজ কোঠা চাঙ্গৰ ওপৰতে কুকুৰাচোআ বৰুআ, পাঁচনি বৰা, বৰ তামুলি, এই সকলক পাতে। এই ঠাইতে কুকুৰা চোআ বৰা এটাই দুঅৰি বৰুআটো পাতি, বাজ দুআৰতকৈ দিএগৈ। বৰ বাট ঘৰৰ পেটে পুব ফালে চাঙ্গমাই সালৰ নিচাঙ্গতে চাঙ্গ- মাই বৰুআ, জৰাধৰা বৰুআ, বেজ বৰুআ এই সকলক পাতে। তিনি দুলিয়া বৰুআক নেওগ বৰাহঁতকো সৰ্গদেৱৰ দোলা ঘৰত পাতে। এতদ্ভিন বিসয়া খনি এবং মেলডগিয়া ফুকন বৰুআ খনিকো ডঁৰিকা দুয়াৰত পাতে। দেৱলিয়া সেৱা চলো- আহঁতক ঐ দুআৰৰ বাজ খনিতে পাতে। ঐ ঠাইতে হাজৰিকাহঁতকো পাতে। মেলডগিয়াৰ টেকেলাৰ বৰুআ,