পৃষ্ঠা:Assam Buranji.djvu/১০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১০০

চতিটৰ সোঁ মাজতে সৰ্গদেৱৰ আজ্ঞা সুনালেই খেৰ দিএ, তাতে আঠুলৈ বহে; অন্য মানুহাে আঠুলৈ বহে। পাচে কথা সুনুআ সকলে কব লগা খনি কই; তাকে সুনি হােআ জনাই প্রত্যুতৰ প্রার্থনা সৰ্গদেৱলৈ জনায়েই, নিজ ঠাইত দস্তুৰ মতে বহেগৈ । আৰু ডাঙ্গৰিয়া সকলৰ এজনা জিয়া হৈ থকাতে এজনাক পাতিব লাগিলে, বৰ কটকি এটা গৈ আগৈএ ঘৰতে সৰ্গদেৱৰ আজ্ঞাৰে ডাঙ্গৰিয়া ভাঙ্গি, দোলা আৰআন কাৰ্হি আনিলেহে, পাচে এজনাক পাতিব পাই। কিন্তু তিনি জনা ডাঙ্গৰিয়াৰে পৰা বৰ বৰুৱাক বাজকৈ দুয়ে দল চৰাৰ ফুকন পর্জন্তে পাতিব লগা হলেই, বৰ বৰুআ চৰাত বহি থকাতেহে পাতিব পাই। আৰু এই পর্জন্তে পতাত পাতি- বলৈ জোআ বৰুআ ফুকন এটিয়াকৈ জাব নেপাই ; মজুমদাৰ বৰুআ, ও খেৰ বিচনি পােৱা চমুআ ফুকন, আন ফুকন বৰুআও জাক পাঁচে, মুঠে দুই তিন চাৰি ইমান বৰুআ ফুকন কথা সুনাবলৈ জাই। ৰাজখােআ সকলক হলে, চৰাৰ দখিন টুপে কথা সুনাই পাতিএই বা নৌ পাতোঁতেই বৰ বৰুআ জতে থাকে ততে গৈ, কথা সুনুআ গৰাকিএ বৰ বৰুআত জনাই থব পাই। চেটিয়া পাত্র বৰুআ ঘৰফলিয়া এই দুইক টুপৰ জোৰাৰ পচিম ফালৰ ফকামৰ কোঠাত পাতে, ঐ টুপতে চাঙ্গৰুঙ্গ বৰুআহঁতকো পাতে। ঐ তিনি জনা ডাঙ্গৰিয়াৰে পৰা দুয়াে দল চৰাৰ