সমললৈ যাওক

পৃষ্ঠা:Assam Buranji.djvu/১০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৯৯

পহুমৰিয়া গােঁসই সকল সিস্য ; এই হেতুকে ঐ তাৰতম্য থাকিল, এবং ৰাজ ঘৰত কদাচিত একত্রে বহা হলেও মাজত ঠকুৰা লগা আৰ ঢৰা দিএ।

বিসয়া পতাৰ স্থানৰ নিয়ম।

 তিনি জনা ডাঙ্গৰিয়া পাতিব লাগিলেই, বৰ চৰাৰ উতৰ টুপৰ ঘঁৰিয়াল ধৰা খুঁটাতে ধৰাই বা ওচৰতে থিয়কৈ সৰ্গ- দেৱৰ আজ্ঞা সুনালেই কাপৰ দিএ, তাতে ডাঙ্গৰিয়া বহে; অন্যবােৰ মানুহ দস্তুৰ মতে আঠুলৈ বহে। পাচে কথা সুনুআ সকলে কব লগা তাৱত কথা কই; তাতে ডাঙ্গৰিয়াই প্রত্যুতৰ প্রার্থনা সৰ্গদেৱলৈ সেই কথা সুনুআ সকলৰ দ্বাৰাই জনাই। তাৰ পৰা উঠি চৰাৰ মাজৰ নিজ ঠাইত তলচাত বহেগৈ ; কিন্তু কোন জনা নিজ ঠাইত নবহি, সেই উঠা- তেই বাজ ঘৰলৈ জাইগৈ। জাঁওতে জদি পুৰ্বৰে পৰা অনাই প্রস্তুতে থই, দোলাতে জাবলৈ পাই; জদি দোলা প্রস্তুতে নে- থাকে, ৰাজ সালৰ ঘােৰা দিএ ; তাতে উঠি ঘৰলৈ জাই। দাঁতিয়লিয়া তিনি জনাক চৰাৰ দখিন টুপৰ ঘঁৰিয়াল ধৰা খুঁটাৰ কাৰতে সি তিনি জনাৰ ক্ৰমেই পাতে। বৰ বৰুআ বৰ ফুকন আদি গুআহটিয়া উজনিয়া দুয়াে দল চৰাৰ ফুকনক পাতিব লগাত প্রথমে সপত খুআই ; এই সপত খুউআ কৰম প্রথমেই ডাঙ্গৰিয়া ৩ জনা ও দাঁতিয়লিয়া তিনি জনা এই চই জনাতো আচে। পাচে বৰ বৰুআ বহা খুঁটাৰ