বৰ সবাহত মহন্ত সকলৰ নির্মালি লােআত সৰ্গদেও বৰ চৰাৰ বহা কোঠাৰ অগ্নি কোনৰ খুঁটাতে সৰুকৈ ভেঁটি এটি কৰাই তাতে দস্তুৰ মতে বহে। চাৰি সত্ৰিয়া সকলে সর্গদে-ৱৰ সিৰতে নির্মালি দিএহি; তাতকৈ নাম সকলে হাতত দিএহি ; তাতকৈ নাম সকলে ভকতৰ হাতৰ পৰা আপুনি নিৰ্মালিৰ সৰাই নি আগ বৰ্হাই দিএহি, সর্গদেৱে সেই সৰা-ইৰ পৰা আপােন হাতে লই; তাতকৈ নৰম সকলে নিল-গতে দেখা দি আসিৰ্বাদ কৰে, সৰ্গদেৱৰ পাঁচনিতে নিৰ্মালিৰ সৰাই আনি আগ বহাই দিএহি, সর্গদেৱে আপোন হাতে লই। আৰু চাৰি সত্ৰিয়া অধিকাৰি হলে সৰ্গদেৱৰ আগত বহিবলৈ কলা পাতৰ ওপৰত বগা কামলি পাই; ডেকা অধিকাৰে জোৰ কলা পাত পাই; বৰ চৰাত হলে উতৰ টুপৰ পৰা একোঠা সােমাই, তাতে ঢাৰি কঠতে কাপৰৰ তলচা বৰ গাৰু লৈ বহে; ইতৰ সকলে কামলি দিলেহে পাই; নিদিলে কোনাে সকলে কলা পাত পােআও আচে , নােপােআও আচে। এবং সৰ্গদেৱক সাখ্যাত কৰাত চাৰি সত্ৰিয়াক বাপু, তাতকৈ নাম মহন্ত, তাতকৈ নাম মেধি, এই ক্রমে বোলে। এই মহন্ত সকল বৰ বৰুআৰ তাবে চোকৰধৰা বৰাৰ দ্বাৰা চলাচল কৰে। গুআহাটিত হলে সত্ৰিয়া বৰুআ এটা