পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৩২৬ হেৰ দেখ উত্তৰ মোহোৰ দুই হাতে। কৰ বান্ধি আছে ধহুগুণ আঝোৰস্তে॥ ১৯৫৭২ দুয়ো হাতে আমি শৰশ্ৰম শিখি আছি। সি কাৰণে সবে মোক বোলে সব্যসাচী॥ কাতৰ কৰয় ৰণ হাৰিয়া পলাই। অস্ত্ৰহীন প্ৰাণীক নমাৰে৷ ছেগ পাই॥ ১৯৫৭৩ নিন্দিত কৰ্ম্মক মই নকৰোও কিছো। সি কাৰণে মোৰ নাম বুলিয় বিভম্ব॥ ইন্দ্ৰৰ তনয় আমি মহা পৰাক্ৰম। বৈৰ বীৰ দমন বামন সমাগম॥ ১৯৫৭৪ দেৱাহৰ নাগ যক্ষ হাৰিল আমাত। সি কাৰণে বিষ্ণু-নাম ত্ৰৈলোক্য প্ৰখ্যাত। কৃষ্ণত ভকত আতি নিপম দেহ। ছোটহস্তে পিতৃৰ আমাত বৰ স্নেহ॥ ১৯৫৭৫ উত্তম সুন্দৰ বৰ্ণ দেখি মোক শ্যাম। কৌতূকে পিতৃয়ে মোক দিলে কৃষ্ণনাম॥ বৈশম্পায়ন বদতি শুনিয়ে| নৰেশ্বৰ। হেন শুনি নামি মৎস্য ৰাজাৰ কুমাৰ॥ ১৯৫৭৬ প্ৰদক্ষিণে অৰ্জ্জুনক নমস্কাৰ কৰি। আশেষ প্ৰণতি কৰৈ চৰণত ধৰি॥ মহাভাৰত নমো ধনঞ্জয় কুকুলে অৱতাৰ। অজ্ঞান দোষক প্ৰভে৷ ক্ষমিও আমাৰ॥ ১৯৫৭৭ নচাইলো গোৱাইলো হাস পৰিহাস ভাৱে। সিসব দোষক ক্ষমা কৰা তজু পাৱে। এৱে জানো প্ৰভো মোৰ কিছে৷ শঙ্কা নাই। আপুনি অৰ্জ্জুন যাৰ ভৈলন্ত সহায়॥ ১৯৫৭৮ যাহাৰ বীৰত্ব গুণ কহে তিনিলোক। এৱে কি কহিবে৷ মোক আজ্ঞা কৰিয়োক অৰ্জ্জুনে বোলন্ত শুন ৰাজাৰ তনয়। আমি বিদ্যমানে কিছো নকৰিবি ভয়॥ ১৯৫৭৯ ঝাণ্ট কৰি আনি দিয়ো মোৰ ধনুশৰ। হেৰ জান তোৰ গফ পাইলে আসি ঘৰ॥ অৰ্জুনৰ এহি বাণী শুনিয়৷ উত্তৰ। বৃক্ষৰ নমাইয়া আনি দিল৷ ধনুশন॥ ১৯৫৮০ অৰ্জ্জুনক সবে শৰে বুলিলা প্ৰণামি। আজ্ঞা দিয়ে৷ প্ৰভে৷ তুমি কি কৰিবে৷ আমি॥ তোমাৰ অনিষ্ট চিন্তে কোন দুৰাচাৰ। আজ্ঞা দিয়া আমি তাক কৰে৷ বুন্দামাৰ॥ ৮১ অৰ্জ্জনে আশ্বাসি হাসি বুলিলা বচন। তুমি আসি কতো কালে ভৈলো দৰিশন॥ চিৰকালে বন্ধনৰ ভৈলাহা মেলান। ৰিপুসৈন্যশোণিত কৰাহা আজি পান৷ ১৯৫৮২ এতিক্ষণ সবে পশি থাকাহা তূণত। সমৰ বেলাত মোৰ পৰিব৷ মনত॥ যেতিক্ষণে যাক মই মাৰিবাক চাওঁ। সাৱধানে থাকা যেন শীঘ্ৰে লাগ পাওঁ॥ ১৯৫৮৩ অৰ্জ্জুনে শৰক হেন বুলিল৷ আশ্বাসি। কৌতুকে তূণত সবে থাকিলেক পশি॥ পুনৰপি কৰযোৰে মৎস্যৰ নন্দন। অৰ্জ্জুনক চাই হেন বুলিলা বচন॥ ১৯৫৮৪ শুনি আছে৷ তোমাৰ অশেষ পৰাক্ৰম। সাক্ষাততে যেন নাৰায়ণ ইন্দ্ৰ সম॥ ত্ৰিভুৱনে খ্যাতিলস্ত বীৰ ধনঞ্জয়। তুমি বিদ্যমানে মোৰ কিছো নাহি ভয়॥ ১৯৫৮৫ একেসে কাৰ্য্যত মোৰ মনত বিস্ময়। উগুলথুগুল মোৰ মুগুচে সংশয়॥ সৰ্ববাঙ্গে সুন্দৰ দেহ চন্দ্ৰতো অধিক। নপুংসক ভাৱ হেন ভৈলা তুমি কিক॥ ১৯৫৮৬ অৰ্জ্জুনে বোলস্ত গুন ৰাজাৰ তনয়। নপুংসক ভৈলে! মই জানিবা নিশ্চয়। •জ্যেষ্ঠ ভাইৰ সত্য বচনক অনুসৰি। বৰিষেক আছে। মই ব্ৰহ্মচৰ্য্য ধৰি॥ ১৯৫৮৭ সমাপত ভৈল আৱে অঙ্গীকাৰ ব্ৰত। মোহোৰ বীৰত্ব আজি দেখ সমৰত॥ ঊৰ্দ্ধবাহু কৰি হেৰ বোলো তোক দৃঢ়! মোৰ বাহুযুগে তোৰ ভৈল ৰক্ষাগড় # ১৯৫৮% বৃক্ষলতা দুৰ্গময় ভৈলা শৰচয়। ৰধত সম থাকিবি নিৰ্ভৰ #