পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিৰাট পৰ্ব্ব হুৱৰ্ণ ৰচিত ধনু জ্বলৈ দেখ যাক। স্থৱৰ্ণৰ গুৱালি উৰয় ঝাকে ঝাক॥ ১৯৫৫৫ হুৱৰ্ণ পুথিয়া বাণ দেখি কচিকৰ। এহি ধনুখান ষুধিষ্ঠিৰৰ হাতৰ। ডাঙ্গৰ দীঘল ধনু ভয়ঙ্কৰ আতি। পিঠিত লগাইল সুৱৰ্ণৰ শত হাতী॥ ১৯৫৫৬ অৰ্দ্ধচন্দ্ৰ শৰ ভল্ল দীঘল ডাঙ্গৰ। এহি ধনু-বাণ তূণ দুৰ্জ্জয় ভীমৰ। ৰত্নময় ধনুখান খচিত বৈদুৰ্য্য। পিঠিত লগাইল হুৱৰ্ণৰ শত সূৰ্য্য॥ ১৯৫৫৭ হৰিদ্ৰাবৰণ শৰ আতি তীক্ষ্ণতৰ। মাদ্ৰিভুত নকুলৰ এহি ধঙ্কুশৰ॥ সুৱৰ্ণৰ কামে ধনু জ্বলে অতিৰেক। হুৱৰ্ণ ফিৰিঙ্গ৷ দিল পিঠিত শতেক॥ ১৯৫৫৮ শনাইত প্ৰচণ্ড যমদণ্ড সমসৰ। এহি ধনুৰ্ব্বাণ সহদেৱৰ হাতৰ॥ নান৷ দিব্যৰত্নে ৰিচিত চমৎকাৰ। জম্মুনদ সুৱৰ্ণৰ জ্বলে শত ভাৰ। ১৯৫৫৯ তাল বৃক্ষ সম শৰ দীঘল ডাঙ্গৰ। বৈৰ বীৰ ক্ষয়ঙ্কৰ দেখি ভয়ঙ্কৰ। দেৱ বিশ্বকৰ্ম্মে যাক প্ৰবন্ধে স্ৰঞ্জিল। সুৰাসুৰ নাগ যক্ষ সবেও পূব্জিল॥ ১৯৫৬০ অৰ্জ্জুন গাণ্ডীবধভু জগতে প্ৰখ্যাত। সহস্ৰ বৎসৰ পূৰ্ব্বে আছিল৷ ব্ৰহ্মাত॥ দক্ষ প্ৰজাপতিক যে ব্ৰহ্মাদেৱে দিল। পঞ্চদশশত বৰ্ষ তেহেস্তে ধৰিল # ১৯৫৬১ পঞ্চদশ বৎসৰ ধনু আছিল ইন্দ্ৰত। চন্দ্ৰতো আছিল ধহু বৰিষ যে শত বৰুণে ততেক দিন ধৰিলন্ত পাচে। পাষষ্ঠি বৎসৰ যে অৰ্জ্জুনতো আছে। ১৯৫৬২ সুৱৰ্ণৰ তূণ ভৰি আছে শৰচয়। সহজ বৎসৰে নাহি খয়বৰ গৃদ্ধ কক্ষপত্ৰে চাইল শনাই তীবান। বাহুকী সদৃশ বৈৰ বীৰ ১৩২৫ জগত প্ৰসিদ্ধ মোক বোলে সব্যসাচী। এই দশ নাম মোৰ লৈয়ে৷ গণি বাচি॥ উত্তৰে বেলিন্ত আত নাহিকে প্ৰত্যয়। অৰ্জ্জুনৰ দশ নাম জগতে জানয়। ১৯৫৬৪ বিশেষত তান তুমি আছিল৷ সাৰথি। শুনি আছা দশ নাম মোৰ হেন মতি॥ শুনাশুনি কহিবাক পাৰে সৰ্ব্বজনে। কহিয়োক কোন নাম ভৈল. কি কাৰণে॥ ৬৫ অৰ্জ্জুনে বোলস্ত গুন ৰাজাৰ তনয়। কহে৷ মই সাঙ্গে দশ নামৰ নিৰ্ণয়॥ পৃথিবীমগুলে যত আছে ৰাজাগণ। সবাকে জিনিয়৷ মই লৈলো বহু ধন॥ ১৯৫৬৬ ধনমাজে বসি আছে৷ হৰিষে নিৰ্ভয়। সেহিবেলা মোৰ নাম ভৈল ধনঞ্জয়॥ সুৱৰ্ণে ৰচিত চিত্ৰ সন্নাহ৷ গাৱত। পূৰ্ণিমাৰ চন্দ্ৰ সম অগ্নিবৰদত্ত॥ ১৯৫৬৭ শ্বেত চাৰি ঘোৰা মোৰ বহে ৰথখান। সি কাৰণে বোলে মোক খেত যে বাহন॥ সপ্তদ্বীপা পৃথিবীৰ আছে যত লোক। কাহাৰে৷ গাৱৰ বৰ্ণে সম নাহি মোক৷ ১৯৫৬৮ শুক্ল কৰ্ম্ম কৰো মোৰ দেখি বহু গুণ। দেৱঋষিগণে নাম থৈলন্ত অৰ্জ্জুন! যেতিক্ষণে ধনু ধৰি সমৰক যাওঁ। বিনা যুদ্ধে নিজিনিয়া ভঙ্গে নপলাওঁ॥ ১৯৫৬৯ দেৱাহুৰ নাগ যক্ষ কাকো নাহি ভয়। সি কাৰণে সবে মোক বোলয় বিজয়॥ পূৰ্ব্বফাল্গুনীঋক্ষে ফাল্গুন মাসত। হিমৱন্ত পৰ্ববতত জাত পূৰ্ণিমাত। ১৯৫৭০ দেৱবীৰ্ষ্য কলেৱৰ নাহি ক্ষতি-কুণ। সি কাৰণে সবে মোক বোলয় ফাল্গুন॥ যৈসানি পূৰ্ব্বত আমি দানৱ বুধিল। দিব্য যে কিনীটি এক ইন্দ্ৰে থোক দিল '৭১ দেৱঋষিগণ সৰে কৰি পুষ্পবৃষ্টি। সেহিবো মোৰ নাথ থৈলভ কিৰীটি।