পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৩২২ স্ত্ৰীৰ আকাৰ বস্ত্ৰ নপুংসৰ বেশ। লৱৰন্তে হালে দীৰ্ঘ বেণীবন্ধা কেশ৷ ১৯৫০৪ সৰ্ববাঙ্গে সুন্দৰ শ্যাম অৰ্জ্জুনৰ চন্দ। শেষে যেন ঢাকি আছে পূৰ্ণিমাৰ চান্দ। বয়সে তৰুণ আৰ লুকোমল কায়। মৎস্যৰ কুমাৰ তাক জানি অভিপ্ৰায়॥ ১৯৫০৫ অৰ্জ্জুনৰ সহিতে আগে আসিলেক ধাই। আমাৰ সেনাক দেখি উলটি পলাই অৰ্জ্জুনৰ থানে আউৰ দেখিয়া বিক্ৰান্ত। ৰথ হস্তে নামি আৱে তাক খেদি যাস্ত॥১৯৫০৬ হেন অন্যে| অন্যে আৱে বোলম্ভ কৌৰৱ। নিশ্চয় অৰ্জুন বুলি নিচিনিল কেৱ। এতেকে অৰ্জ্জুনে খেদি উত্তৰক পাই। বামহাতে চুলত ধৰিয়া ওলটাই॥ ১৯৫০৭ পলাইতে নপাই মৎস্যৰাজাৰ নন্দন। আতি দীৰ্ঘৰাৱে তেৱে কৰিলা ক্ৰন্দন॥ ভূমিত পৰিল লুটি কতো দূৰ গই। কাকুতি কৰম্ভ হাতে দন্তে খেৰ লই॥ ১৯৫০৮ অৰ্জ্জুনৰ জালুত ধৰিয় দুই হাতে। আশেষ কাকুতি কৰি বুলিয়া কান্দম্ভে॥ কাতৰ কৰোহো দুই চৰণত ধৰো। মহাভাৰত ক্ষমা কৰা বৃহন্নলা বিপাঙ্গে নমৰে৷॥ ১৯৫০৯ সাগৰ সঙ্কাশ ইটো কৌৰৱী সেনাক। ধানশৃঙ্গ গোটে আমি যুজিবোহে৷ তাক॥ নাহিকে পদাতি ৰথী আমি একেশ্বৰ। আছোক যুজিবে৷ তাক দেখি লাগে ডৰ॥ ’১০ গুণি চোৱা বৃহন্নলা কোন পদে আটি। পৰ্ববতৰ আগে যেন বদৰিৰ পাত্তি॥ চক্ষু মেলি বৃহন্নলা দেখা কুৰুবল। সম্যেকে দেখিয়া যেন কাল মেঘদল। ১৯৫১১ চপৰা গড়ৰ লোক বৃক্ষক উৎপাতি। চপৰাচপৰি কৰি নিবে পাৰে মাটি॥ মৰণত কৰি আৱে জীৱনেসে ভাল। এৰা বৃহন্নল৷ দুয়ো পলাওঁ সকাল॥ ১৯৫১২ স্থৱৰ্ণ শতেক দেওঁ লোৱা তুমি গণি। দিব্যৰত্ন বৈদুৰ্য্যৰ দিবে৷ আঠ মণি॥ দশগোটা হস্তী আৰো দেওঁ ময়মত্ত। সুৱৰ্ণৰ দগুছত্ৰ দিবো এক শত॥ ১৯৫১৩ দশগোটা দাসী আৰো দিবোহে৷ তোমাক। ক্ষমা কৰা বৃহন্নলা এৰিয়ে৷ আমাক। হুৱৰ্ণ শতেক ৰত্ন দিবি তাকো পাইবো। ৰথখান দিবি তাত উঠিয়৷ বেৰাইবো॥ ১৯৫১৪ ছত্ৰখান দিবি যাইবো শীতল ছায়াত। তোৰ দশ মণি কোন কাৰ্য্য আছে তাত॥ উত্তৰে বোলয় শুনা মণিৰ মহিমা। একৈকৰ মূল্য তাত কৌটি লক্ষ্য সীমা। ১৯৫১৫ ইহেন মণিৰ গুণ নজানয় আনে। ৰাইৰাজেশ্বৰতো নাহিকৈ একো থানে॥ এক মণি আছে মোৰ নাম চন্দ্ৰকান্তি। নিশাভাগে জ্বলৈ যেন সহস্ৰেক বাতি॥ ১৯৫১৬ স্বভাৱে মণিৰ গুণ গ্ৰীষ্মত শীতল। পিন্ধিলে গাৱত হোৱে অষ্টগুণ বল॥ সূৰ্য্যকান্তি নামে মণি আছয় বৈদুৰ্য্য। চাহিবে নপাৰি তাক যেনে জ্বলে সূৰ্য্য॥ ১৯৫১৭ শিশিৰ কালত উষ্ণ উষ্ণত শীতল। দিনৰাত্ৰি নজানিয়৷ মণিৰ কাৰণ॥ আউৰ মণি গোট আছে দেৱতাক যোগ্য। বাঞ্চিলে পাৱয় তাত পঞ্চামৃত ভোগ্য॥ ১৯৫১৮ ষড়ৰস অন্ন পাই মধু-মিষ্ট-পিষ্ট 1 চিন্তামণি নামে মণি গোট উতকৃষ্ট॥ আউৰ মণি আছে মোৰ কামিনীমোহন। কামদেৱ সম হোৱৈ পিন্ধে যিবাজন৷ ১৯৫১৯ হস্তিনী চিত্ৰিনী নাৰী শাখিনী পদ্মিনী। দেৱকন্যাগণ বশ্য হোৱৈ সেহি মণি॥ আউৰ মণি গোট খোড়া কুজা কোঙ্গা যত। জৰা আদি কৰি ৰোগ হৰয় সমস্ত। ১৯৫২ জন্মত নপুংস যদি থাকে ভাগ্যবশে। সুন্দৰ পুৰুষ সিয়ে৷ হুইবেক আৱসে॥