পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিৰাট পৰ্ব্ব স্পৰ্শ নামে মণি গোট আছয় উত্তম। ধন উপাৰ্জ্জন্তে কিছো নাহি পৰিশ্ৰম। ১৯৫২১ তাম্ৰ কাংস্য লোহা ৰূপা যতেক স্থৱৰ্ণ। পৰশ মাত্ৰকে হোৱৈ সবেখানি স্বৰ্ণ॥ আউৰ মণি গোট আছে হুইবে ৰণ জয়। সিংহ বাঘ ৰাক্ষস কাহাকো নাহি ভয়৷ ১৯৫২২ নেভেদৈ নেছেদৈ দেহা একো অস্ত্ৰঘাৱে। অগ্নিতে৷ মৰণ নাই মণিৰ প্ৰভাৱে আউৰ মণি গোট আছৈ ত্ৰৈলোক্যতে সাৰ। বিনা নাৱে হুই সাতো সাগৰৰ পাৰ। ১৯৫২৩ স্বৰ্গকো যাইবাৰ পাৰি পাতালপুৰক। হুহি শঙ্কা দেৱাহুৰ গন্ধৰ্ব্ব নাগক॥ হেন শুনি অৰ্জ্জুনৰ সম্পঞ্জিল হাস। এহি মণি আছে যেৱে কিসক পলাস॥ ১৯৫২৪ জিনিবে পাস তই এহি তিনিলোক। তেৱে কিয় কাকূতি কৰল হেন মোক॥ ধিক্ যে আছোক মণি পাইলো গোড়শুদ্ধি। বাহুত বান্ধিয়া থওঁ শোভৰ ঔষধি॥ ১৯৫২৫ নাহি মণি কিছো মুহি জানিলো স্বৰূপ। পলাইবাক লাগিয়৷ কৰস চাপ্‌চুপ। এহি শুনি কান্দে মৎস্যৰাজাৰ কুমাৰ। অৰ্জ্জুনে বোলন্ত তই নকৰিবি ডৰ। ১৯৫২৬ মই আজি যুঁজো দেখ কৌৰৱী সেনাক। সাৰথি যে হুইয়া তই ৰথখান ডাক॥ একেশ্বৰে দেখা আজি মোৰ মুনিষাই। কৌৰৱক জিনি পাল আনো ওলটাই। ১৯৫২৭ অনেক আশ্বাস তাক বুলি সকঙ্কণে। আপুনি ৰথত ধৰি তুলিলা অৰ্জ্জুনে উত্তৰক আগ কৰি উঠিল পাচত। সমীধবৃক্ষক লাগি ডাকিলেক ৰথ॥ ১৯৫২৮ বৈশম্পায়ন বদতি শুনিয়ো নৰনাথ। সেহি বেলা বিমঙ্গল কৌৰৱসেনাত॥ বৃক্ষসব ভাগে তুমি কাম্পে ঘনে ঘন। হেন দেখি সবাকে বুলিলা শুৰু জোণ॥ ১৯৫২৯ অদভুত বিমঙ্গল দেখা উতপাত। সৈন্যৰ মাজত আসি পৰিল নিৰ্ঘাত॥ ওপৰত কাক সেন শগুণ বনাই। ১৩২৩ খৰ বায়ু বৱে খোলা খাপৰ উৰাই॥ ১৯৫৩০ নিগ্ৰীক বদন কেন দেখিয়ো সেনাক। মেঘ সবে ৰুধিৰ বৰিষে ঝাকেঝাক॥ আপুনি তূণৰ শৰ খসি খসি পৰে। হস্তী ঘোৰা কান্দে বৰ বিমঙ্গল ৰৱে। ১৯৫৩১ ধ্বজত পৰিয়া কাকে কৰে কাহাকাহা। চৌপাসে শুনাহ৷ কেন শৃগালৰ ৰাহা॥ বিপৰীত বিমঙ্গল মিলে তিলে তিল! ধ্বজচয় কাম্পৈ ঘোৰ সমৰ মিলিল। ১৯৫৩২ নপুংসক বেশে দেখা আলৈ একেশ্বৰ। প্ৰজ৷ সংহৰিতে যেন ৰুদ্ৰৰূপে হৰ। ই তিনি ভুৱনে লোক আছে কোন জন। নিশ্চয়ে জানিবা সাব্জি আসম্ভ অৰ্জুন। ১৯৫৩৩ ঘোৰ যুদ্ধ হুইব আজি প্ৰজাৰ মৰণ। আপুনাক সাৱধান হোৱা বীগণ॥ দ্ৰোণক সম্বোধি বোলৈ ৰাজা দুৰ্য্যোধন। হেন জান! গুৰু মোৰ দৈৱেসে প্ৰসন্ন॥ ১৯৫৩৪ অনেক প্ৰৱন্ধে খুজি নপাইলোহো যাক। মোৰেসে বিধাতা আনি মিলাইলেক তাক॥ তেহয় বৎসৰ নতু যান্ত সাৱশেষে। হেনতো অৰ্জ্জুনে যদি মোক খেদি আসে॥ ৩৫ পুনৰপি পাণ্ডৱৰ প্ৰতিজ্ঞ৷ হুই ভঙ্গ। ইহাত অধিক মোৰ আছে কোন ৰঙ্গ॥ বাহয় বৎসৰ আৰে৷ যাইবে বনবাসে। দ্ৰোণক সম্বুধি ৰাজা খলখলি হাসে। ১৯৫৩৬ নাসম্ভ অৰ্জুন মুহি আসে আনি কেৱ। দানৱ মনিৰ যক্ষ হুদ্মে এক দেৱ। যদি মৎস্য নৰপতি খেদি আসে সাব্জি। দুৰ্ব্বাৰ সমৰে তাক মাৰি পেলো আজি॥১৯৫৩৭ মুহি হানি গদা তাক কৰো বুন্দামাৰ। হেন জান সে পাত ছিল তাৰ।