পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিৰাট পৰ্ব্ব ধৱল পতাকা ছত্ৰ হালি জালি যাই। শুক্ল মেঘখণ্ড যেন আকাশে উৰাই। ১৯৪৮৭ আকাশে চলিল যেন গড় মহাপাথী। ক্ষণেকে কৌৰৱ সমে ভৈলা দেখাদেখি | শ্মশান শালৰ বন সমীপ কাছত। কৌৰৱ সম্মুখে পাচে ৰাখিলন্ত ৰথ॥ ১৯৪৮৮ উত্তৰে দেখিল সেনা সাগৰ পৰাই। হস্তী ঘোৰা ৰথ পাইক লেখা জোখা নাই। অসংখ্যাত ছত্ৰচিহ্ন হুৱৰ্ণৰ দণ্ড। ফুলি আছে বৃক্ষে যেন মহাবন খণ্ড॥ ১৯৪৮৯ মহাৰথিগণ আছে আতি আড়ম্বৰে। শত্ৰুচাপ সম ধলু ধৰি নিৰন্তৰে॥ মদমত্ত হস্তী সব লৈলে পটোৱাৰ। সিন্দুৰে মণ্ডিত গণ্ড স্ৰৱে মদধাৰ॥ ১৯৪৯০ মাহুতে খুম্পিলে বৃক্ষ ভাঙ্গি কৰে চুৰ। কাল পৰ্ববতক যেন দেখি কতো দূৰ। ৰাহুতে খেলাৱে ঘোৰা পক্ষী সম উৰে। হেন দেখি চাৰি খুড়া ভূমিত নপৰে॥ ১৯৪৯১ ধামুকি ধনুক ধৰি ধমুগুণ মাজে। ডাবৰ খাণ্ডাক কাঢ়ি যুক্তিবাক সাজে॥ বান্ধৱতি বাৰূ ধৰি মাৰে বাৰূছাট। ঘোৰৰাৱে খাণ্ডা তুলি বোলে কাট কাট॥’৯২ ঢাক ঢোল তৱল মৃদঙ্গ কাংস্য বাৱে। আকাশ পাইলেক ধ্বনি শঙ্খশিঙ্গা বাৱে॥ ঝঞ্জৰা মহৰি ভেৰি পল্লব গোমুখ। সৈন্যৰ আৰাৱ-ৰাৱে শুনি কাম্পে বুক॥ '৯৩ সুৱৰ্ণৰ ধ্বঙ্গচয় চমৎকাৰ দেখি। ৰথতে পৰিল ঢাকি দুই হাতে আখি। অৰ্জ্জুনক চাই বোলে বুৰিলে৷ সাৰথি। পালটাও ৰথখান পলাও সম্প্ৰতি॥ ১৯৪৯৪ চক্ষু মেলি দেখা ইটো কৌৰৱী সেনাক। কাহাৰ শকতি আছে যুজিবে ইছাক॥ এতেক সেনাৰ যাজে আমি একেশ্বৰ। ইন্দ্ৰ যম সমসৰ গবে দুৰ্দ্ধৰ ১৯৪৯৫ ১৩২১ শুনি আছে৷ ভীষ্ম গুৰু দ্ৰোণৰ মহিমা। মহাবলী কৰ্ণ ৰূপ বীৰ অশ্বত্থামা॥ তুতি ইন্দ্ৰ সম দেখি কৌৰৱ নৃপতি। মানুষে যুজিবে কাৰ বাপৰ শকতি॥ ১৯৪৯৬ যাৱদেকে কুৰুসেনা নতু আগভেন্টে। পালটোৱা ৰথখান পলাই যাওঁ ঝাণ্টে॥ অৰ্জ্জুনে বোলন্ত কেনে কৰ উপালন্ত। এতিক্ষণে কৈক গৈল এতমান দম্ভ॥ ১৯৪৯৭ দৰ্শ কৰি খেদি আসি দেখি দেশ ভঙ্গ। দেখি ৰিপুগণে আজি পাইবেক আসঙ্গ॥ কৈত শুনি আছা হেন ক্ষত্ৰিয়ৰ ধৰ্ম্ম। ৰণ এৰি পলাই কোন শৃগালৰ জন্ম॥ ১৯৪৯৮ শৰ ধৰ্ম্ম কৱচক এৰ দুৰাচাৰ। মিছাতেসে বহু কেনে গভৰ ভাৰ। শত্ৰুৰ আগত দেখি পলাইবাক চাস। গলে হাণ্ডি বান্ধি তই মৰিবাক যাস॥ ১৯৪৯৯ আগে নাসিলি হস্তে যেনে যুৱাই হৌক। তোহোৰ লগত লোকে হাসিবেক মোক॥ আশেষ বীৰত্ব আগে বুলি আছ মোত। সৈৰিন্ধী প্ৰশংসি মোক কহিলেক তোত॥’৫০০ দৰ্প কৰি আসিয়াছ স্ত্ৰীজনৰ মাজে। এবে গঙ্ক নিনি বেটা যাইবি কোন লাজে॥ উত্তৰেও বোলয় গত নাহি কাজ। হাসোক বা লোকে মোক তাতো নাহি লাজ॥ ৫০১ প্ৰাণত অধিক বৰ কোন ধন আছে। জীওঁ যেৱে ধনজন সবে পাইবো পাচে পালটোৱা ৰথখান দুহত্তো পলাওঁ। নেউক পাল গোৱালক সুৰি সবে গাওঁ। ১৯৫০২ উত্তৰে যতেক বোলে কটাক্ষে নচাস্ত। অৰ্জ্জুনে অধিকে ৰথ আগত ডকাস্ত হেন দেখি উত্তৰে কান্দন্ত ডৰে বৰ। উলটি ৰথৰ নামি দিলেক লৱৰ। ১৯৫০৩ অৰ্জ্জুনে নামিয়া দেখি যাস্ত পাচে পাচে। অদভুত দেখি কুবলে চাহি আছে।