পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৩১৬ নমো নমো কৃষ্ণদেৰ অনেক কৰোহে৷ সেৱ ইবাৰ নেৰিব৷ মোক স্বামী। তধু পদকমলত আশা কৈলো স্বৰূপত সিদ্ধি কৰা প্ৰভু অন্তৰ্য্যামী॥ ১৯৪২৬ পদে কৰো নমস্কাৰ সাধু ভক্ত সবাহাৰে মোক তোৰা নিন্দা নকৰিবা। অনেক শাস্ত্ৰৰ তত্ত্ব পাচে মোক অৱজ্ঞা কৰিবা। গুচয় মনৰ দুখ মহাক্ষাৰত গুচে জৰা আদি ব্যাধিচয়। ভাৰত প্ৰৰণ কৰা বিচাৰিয়া তোৰা সবে কেন জানি বুদ্ধলোক সুখে সংসাৰক তৰা মৰি পাইবা থান যে অক্ষয়॥ ১৯৪২৭ জনম সাফল হৌক মিলয় অক্ষয় সুখ কৃষ্ণপদ হৃদি ধৰি এৰা সবে ভাষভুষ কাম। সবে এক মন কৰি নিৰন্তৰে বোলা ৰাম ৰাম॥ ১৯৪২৮ কুৰুবলৰ দ্বাৰা সংৰাজৰ উত্তৰৰ পাল হৰণ পদ জয় জয় নমো হৰি ত্ৰৈলোক্যৰ নাথ। শ্ৰীবৎসলাঞ্ছন নমো নমো জগন্নাথ | সৃষ্টি স্থিতি লয় মহা জগত কাৰণ। অপাৰ সংসাৰ পাৰ কৰা নাৰায়ণ॥ ১৯৪২৯ জয় নমে৷ কালিকাদেৱীৰ দুই পাৱে। বিস্তাৰ বদনী জগতৰ তুমি মাৱে। গ্ৰীৱে নৰমুণ্ডমালা মৃতকবাহিনী। হুয়োক প্ৰসন্ন মাঝ ত্ৰিতয়নয়নী॥ ১৯৪৩০ জয়তি পাওৱগণ বিষ্ণুৰ ভকত। প্ৰতিজ্ঞ৷ সাফলি মৎস্যৰাজাৰ ৰাজ্যত॥ ৰঞ্চিলা অজ্ঞাতবাস ছুৰ্ঘোৰ দুঃসহ। জগতি কংসাৰি কবি উত্তৰ গোগ্ৰাহ। ১৯৪৩১ দক্ষিণৰ কথা যেতে ভৈল৷ সমাপত। বৈশম্পায়নে কছে জন্মেজয়ৰ আগত। ৰণ হাৰি হুশৰ্ম্মায়ে পৰাভৱে পৈলা। শুনা পাচে উত্তৰত যেন কথা ভৈলা। ১৯৪৩২ আৰো দিনা খেদি গৈলা ৰাজা দুৰ্য্যোধন। তুলত পদাতি ৰখী মহাপাত্ৰগণ | ভীষ্ম গুৰু দ্ৰোণ কৰ্ণ অশ্বত্থামা কৃপ। একে বীৰে জিনিবাক পাৰে সাতোদ্বীপ॥১৯৪৩৩ দুঃশাসন দুন্মুখ সহিত বিবিংশতি। শকুনি বিকৰ্ণ চিত্ৰসেন মহাৰথী॥ চতুৰঙ্গদলে ৰাজা আসিলেক সাব্জি। লেখা জোখা নাহিকে কটক গঞ্জবাঞ্জী। ১৯৪৩৪ অসংখ্যাত ছত্ৰ চিহ্ন সুৱৰ্ণৰ দণ্ড। হস্তীযূথ চলে যেন কালমেঘ খণ্ড॥ সেনাৰ আন্দোলে ভূমি কম্পি কম্পি যায়। অল্প নদী মানে সবে নামন্তে গুথায়॥ ১৯৪৩৫ হিল দল ভাঙ্গি পথ কৰিল কটক। ডৰে সৰ্প পলাইল বাসা ছাৰয় চটক॥ সৈন্যৰ প্ৰাৰম্ভে নাকলিয় দিশ পাশ। সাগৰ শঙ্কাস সেনা দেখি লাগে ত্ৰাস॥ ১৯৪৩৬ কুৰুসেন৷ সাগৰৰ পটন্তৰ নাই। বাৰিষাৰ মেঘ যেন চানিয়া চলয়। ঢাক ঢোল শব্দ মৃদঙ্গ শঙ্খনাদ। প্ৰলয় কালত যেন মেঘৰ সংবাদ॥ ১৯৪৩৭ সাগৰৰ উৰ্ম্মি যেন শুনি কোলাহল। মহাভয় ভৈল মৎস্যৰাজাৰ গোৱাল॥ গোৱাল সেনাত বৰ লাগি গৈল ঢাঙ্ক। ককা ভায়া খুড়া বুলি পাৰে আৰ্জু ডাক॥১৯৪৩৮ লাথি ভুকু ঘৰাকাতি মাৰয় চৱৰ। তুম্বুল ৰোলক তাত উঠি গৈল বৰ ষাঠি যে হাজাৰ মৎস্যনৃপতিৰ পাল। কৌৰৱে লুৰিল সবে পলাইল গোৱাল॥১৯৪৩৯ আগুৱান সেনা যত গৈলে আগবাঢ়ি। দখি খাই গোৱালৰ বজ্ৰ লৱে কাঢ়ি আগভেন্টি বাৱতী মাৰে বাৰুচাট। ধৰ ধৰ মাৰ মাৰ বোলে কাট কাট। ১৯৪4•