পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিৰাট পৰ্ব্ব 43 গোষ্ঠঘৰ এৰি গোপ পলাইল সমস্ত। খালে জোলে পশে কতো লুকাই বৰত॥ বস্ত্ৰ কাঢ়ি লৈলে কতো দিগম্বৰ বেশ। অতিনাদ কৰি পলাই মুক্ত কৰি কেশ॥ ১৯৪৪১ কতো কাম্পে শ্ৰুতি নাহি থাকি গৈল পৰি। নগৰক কতো কতো গৈলেক লৱৰিখ॥ শূন্য নগৰীক গৈলা কটক ডকাই। হাট বাট শূন্য ভৈল৷ প্ৰজা কেহো নাই॥ '৪২ এহি দেখি মনে দুখ কৰিয়া অপাৰ। ত্বৰিতে পাইলেক মৎস্যৰাজাৰ দুৱাৰ॥ যি থানত উত্তৰ কুমাৰ বসি আছে। নমস্কাৰ কৰি তাস্ত জনাইলেক পাচে॥ ১৯৪৪৩ কৰযোৰে বোলে প্ৰভু শুনিয়ো কুমাৰ। বাৰ্তা নতু শুনা কাৰ্য্য বৰ অৰ্থান্তৰ॥ ষাঠি হাজাৰ গৰু পালে আছিলেক যত। কুৰুবলে লুৰি আসি নিলেক সমস্ত॥ ১৯৪৪৪ দশ কুৰি একেলগে বান্ধি এক জৰী। কতো কতো গোৱালক নিলে বন্দী কৰি॥ নজানে৷ পাচত আৰে৷ কাক মাৰে কাটে। তাক লাগি প্ৰভু তুমি খেদি যাৱা জাণ্টে॥’৪৫ তুমি বিনা আমাক ৰাখস্তা আন নাই। কৌৰৱক জিনি পা ওলটাই॥ তোমাতেলে ৰাজ্যভাৰ দিয়া গৈলৰাজা। তোমাতেলে গহ কৰি আছে সব প্ৰজা৷ ১৯৪৪৬ পাণ্ডৱৰ মধ্যে যেন অৰ্জ্জুন প্ৰধান। তুমি সম বীৰ যৎস্যবংশে নাহি আন তব পিতা মৎস্যৰাজা সভামাজে বসি। তোমাকেসে বাৰম্বাৰ আছিল প্ৰশংসি॥ ১৯৪৪৭ উত্তৰ সদৃশ পুত্ৰ নাহিকে আমাৰ। মৎস্যৰাজবংশে বাপু, ভৈলা কুলোম্বৰ॥ মহাবল পৰাক্ৰমী হইবে ধহুৰ্দ্ধৰ। কীৰিতি জলাইবা বালু আমাৰ বংশৰ॥ ১৯৪৪৮ সিসব বচন আদি কৰিয়ো সাফল। আনিয়োক পাল বা তিনি ভুল 3039 যতেক গোৱাল আছে ভাগ ধৰি কৰে। । তোমাৰ লগত সৰে চলো চপকৰে। ১৯৪৪৯ । গোৱালৰ বাণী শুনি ৰাজাৰ তনয়। খ্ৰীজনৰ মাজে দৰ্প কৰিয়া বোলয়। শূন্য যে নগৰী শুনি পাইলেক আসঙ্গ। কৗৰৱক যুজিবাক মোৰ বৰ ৰঙ্গ॥ ১৯৪৫০ কৈত পাওঁ এগোটা সাৰথি চাওঁ ভাল। কৌৰৱৰ জিনি গই মই আনো পাল॥ আজি দুৰ্য্যোধনৰ যে ভাঙ্গো মহমহ। ভীষ্ম-দ্ৰোণ গুৰুৰ যে বুজো কেনে গহ৷ ১৯৪৫১ কৰ্ণ ৰূপ দুঃশাসন বীৰ অশ্বত্থামা। T আদি মোৰ সমৰত দেখোক মহিমা। কিন্তু মোৰ লগত সাৰথি কেহো নাই। আতেসে কৌৰৱে আজি পাইলে বৰ লাই॥’৫২ আঠাইশ দিবস যুদ্ধ যৈসানি কৰিল। নিশি ঘোৰ সমৰত সাৰথি মৰিল॥ যদি আজি এগোটা সাৰথি ভাল পাওঁ। তেৱে মই কৌৰৱক যমক পঠাওঁ॥ ১৯৪৫৩ ইন্দ্ৰে বজ্ৰ ধৰি যেন মাৰি দানৱক। ৰাখিলন্ত সুৰপুৰ দেৱতাগণক॥ ময়ে৷ আজি সেহিমতে কৰে ধনু ধৰি। মাৰো কৌৰৱক ঘোৰ শৰবৃষ্টি কৰি॥ ১৯৪৫৪ যদি তাৰ সখা হুয়া আসম্ভ অৰ্জুন। তাহাঙ্কে৷ জিনিয়া পাল আনিবে। এখন॥ কিন্তু মোৰ যোগ্য আব্জি নাহিকে সাৰথি। কৌৰৱৰ ভাগ্যে একাদশে বৃহস্পতি৷ ১৯৪৫৫ কুমাৰৰ দৰ্প বাণী শুনিয়া দ্ৰৌপদী। স্ত্ৰীজাতি চঞ্চল যে নসৈলেক হৃধি॥ অৰ্জ্জুনৰ পম কোন আছে জগতত। মিছা দৰ্প কৰে স্ত্ৰীজনৰ আগত। ১৯৪৫৬ পৰৰ কন্দলে যেন পুত্ৰৰ বৰাই। যেই সেই মৰোক মোহোদ হানি নাই। কৌৰৱ কৰোক হুই আৰে হৌক জঙ্গ। ষাড়ে মেড়ে লখাই আজি চাই থাকো বঙ্গ॥ '৫৭ ।