পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দুৰ্য্যোধনৰ দ্বাৰা পাওৱৰ অনুসন্ধান পদ জয় জয় নমো হৰি ত্ৰৈলোক্যৰ বাপ। যাহাক স্মৰণে তৰি সংসাৰৰ তাপ। যাৰ নাম লৈলে তৰি সমস্তে সংসাৰ। হেনয় কৃষ্ণক কৰে৷ কোটি নমস্কাৰ॥ ১৯২৫১ নমে৷ কুলদেৱী কালিকাৰ দুইপাৱ। বিস্তাৰ বদনী সংসাৰৰ তুমি মাৱ। গ্ৰীৱে নৰমুণ্ডমাল৷ মৃতকবাহিনী। হুয়ো সুপ্ৰসন্ন মাৱ জগতজননী॥ ১৯২৫২ জয়তি পাগুৱগণ হৰিৰ ভকত। বিৰাট পৰ্ব্ব প্ৰতিজ্ঞ৷ সাফলি মৎস্যৰাজাৰ ৰাজ্যত॥ বঞ্চিলা অজ্ঞাত বাস দুৰ্ঘোৰ দুঃসহ। ভগতি কংসাৰি কবি দক্ষিণ গোগ্ৰাহ্॥ ১৯২৫৩ বৈশম্পায়ন বদতি শুনিয়ো জন্মেজয়। কীচক মৰিল মৎস্যৰাজ ভৈলা ভয়। বিস্ময় ভৈলাহা ৰাজা দেখি অদভুত। ডৰে ৰাজা নোহে কেহো ৰাজা ৰাজহুত। '৫৪ হাটে ৰাটে মণ্ডপে যে নগৰে সৰ্ববথা। দশে কুৰি পচিশে কহয় এহি কথা॥ আছিল পাপিষ্ঠ দুষ্ট কীচক শতেক। ৰাত্ৰি দিনে পৰহিংস৷ কৰয় অনেক। ১৯২৫৫ পৰ নাৰী হৰৈ লুৰি আনৈ বহু ধন। অনেক ৰাজাৰ ৰাজ্য কৰিলেক ছন। গন্ধৰ্ব্বৰো নাৰীক যে ঝোঙ্কাৱে নিস্খল *1 অন্যায় কৰ্ম্মক কৰি গৈল ৰসাতল॥ ১৯২৫৬ চক্ষুৱে নেদেখৈ পথ আতি মদগবে। অধৰ্ম্মে গ্ৰসিল আমি মাৰিল গন্ধৰ্ব্বে॥ এহি কথা অন্যো অন্যে কহে সৰ্ব্বলোকে। কীচকৰ নাৰী সবে কান্দে বৰ শোকে। ১৯২৫৭ সেহি সময়ত দুৰ্য্যোধনৰ চৰিয়া। ৰাজ্যে ৰাজ্যে পাণ্ডৱৰ ফুৰৈ ৰাৰ্ত্ত৷ লৈয়৷॥ এহি কথা শুনি মহা হৰিষিত ভৈল। পাণ্ডৱক খুজি নপাই জনাইবাক গৈল॥ ১৯২৫৮ হস্তিনাপুৰত ৰঙ্গে ৰাজা দুৰ্য্যোধন। মহাসুখে যে ৰাজ্য কৰে সিংহাসন। ভীষ্ম গুৰু দ্ৰোণ ৰূপ অশ্বত্থামা কৰ্ণ। ঊনশত ভাই সমে ৰাজা দুৰ্য্যোধন॥ ১৯২৫৯ সুশৰ্ম্মা নৃপতি সেই বিপুল সভাত। আনো কুল বৃদ্ধ মন্ত্ৰী আছে যত যত॥ আগবাঢ়ি চৰে গৈয়া জুৰি যোৰহাত। আদেশ নৃপতি বুলি কহৱৈ ৰাজাত॥ ১৯২৬০ তোমাৰ আদেশে প্ৰভু ফুৰিলো সমস্তে। উত্তৰ দক্ষিণ পূৰ্ব্ব পশ্চিম দিশতে॥ অনেক প্ৰকাৰে আমি বিচাৰিলো ফুৰি। কোথা গৈল পাণ্ডৱ নপাইলো খুজি লুৰি॥’৬১ শীত বাত ৰৌদ্ৰ বৃষ্টি সহিলো দুৰ্ঘোৰ। দিন ভাগে ভিক্ষা মাগি ৰাত্ৰি ভাগে চোৰ॥ শয়ন ভোজন স্নান পাণ্ডৱৰ কৰ্ম্ম। লক্ষণ প্ৰভৃতি আমি জিজ্ঞাসিলো ধৰ্ম্ম॥ ১৯২৬২ হাটে বাটে কুগ্ৰামে যে নগৰে ভুৱনে। ব্ৰজে মঠে মণ্ডপে ফুৰিলো তপোবনে। তপস্বী সন্ন্যাসী জটী ঋষিৰ আশ্ৰমে। পৰ্ববত কন্দৰ ৰম্য গহ্বৰে দুৰ্গমে॥ ১৯২৬৩ সিংহ ব্যাঘ্ৰ থাকৈ যৈত ভালুক বানৰ। নিৰ্জ্জন থানত চাহিলওঁ নিৰন্তৰ। নদীৰ তীৰত বৃক্ষলতাৰ সান্দিত। পুণ্য তীৰ্থ আছৈ যৈত ভাৰত ভূমিত॥ ১৯২৬৪ পন্থত কৰ্দ্দম দেখো আছে কি পিছলি। পাণ্ডৱৰ খোজ চাহে৷ নিহালি নিহাল॥ হেন নাহি থান আৰ নচাহিলো তাক। সিন্ধুৰাজ্য মৎস্যে ফুৰি গৈলো দ্বাৰকাক॥’৬৫ শ্ৰীমন্ত বৈকুণ্ঠ সম দেখিলো তাহাত। যেহিমতে বাঞ্ছা কৰে সেহি পায় তাত॥