পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মহাভাৰত 5002 সবে উপকীচক মৰিল কেনমতে। সিসব কাহিনী মোত কহা যথোচিতে॥ তুমিসে সুখে কি আছা নাৰীৰ সমাজে। তুমিসে সৈৰিষ্ক্ৰী নাম লৈল৷ কোন কাজে॥ ’৩৪ দ্ৰৌপদী বোলম্ভ কিয় মাতা হেন কৰি। হংস যে তুলিত শোৱা দুখে যাওঁ মৰি॥ তৃণ পাৰি শোৱৈ মাত্ৰ বাহুত শিথানে। হুখীজনে তুলি নিন্দি তাক সুখ মানে॥ ১৯২৩৫ আগে পাচে কৰি থাকে যুৱতী শতেক। আমি দিনে দিনে দুখ ভুঞ্জিছো অনেক॥ কুতূহলে থাকা তুমি নাচ গীত গাইয়া। সৈৰিন্ধীয়ে স্মথ ভুঞ্জে তুমি সুখ পায়া॥ ১৯২৩৬ সেহিদে কাৰণে হাসি পুছাহা আপুনি। অৰ্জ্জুনে লক্ষিলা দ্ৰৌপদীৰ দুখবাণী॥ অৰ্জ্জুনে বোলন্ত দ্ৰৌপদীত হুখভাৱ। মোহোৰ দুধক গান্ধাৰিণী নাৰী চাৱ। ১৯২৩৭ জীৱন্ততে মৰা মই মোৰ কোন সুখ। নজানিসে আমাক কৰিয়া মনোদুখ || পৰিচিত্ত অনুভৱ ৰাজাত জনাৱে। শুনিয়োক কোনে মোৰ দুখ পতিয়াৱে। ১৯২৩৮ তোমাৰ দুখত চাই মোৰ দুখ নিত। আপুনিসে আপুনাৰ জানয় চৰিত॥ তুমি নুবুলিলা আমি সবে জানো কালে। আমি যেনে আছিলো তুমিও জানা ভালে॥’৩৯ একে স্থানে তৈকে আসিলোহে। সমুদায় 1 হেন কি বচন মোক বুলিতে যুৱায়॥ অৰ্জ্জুনৰ সদসিদ্ধ বচন শুনিয়া। কিছে৷ নুবুলিল৷ আৰ মনত গুণিয়া॥ ১৯২৪০ শুদেষ্ণাৰ সমীপক চলিলা সুন্দৰী। দ্ৰৌপদীক প্ৰিয় বাক্য বুলি পটেশ্বৰী॥ দ্ৰৌপদীত সুন্দৰী বোলয় মনোময়। মৎস্য নৃপতিৰ গন্ধবৰ্ধত যৰ ভয়। ১৯২৪১ তোমাক মোহোৰ স্বামী বুলিলা কাতৰ। যথা মন গান্ধাৰিণী চলিয়ে| সত্বৰ। । । তব ৰূপে সুৰ নৰ মুনি মোহ যায়। তোমাক দেখিলে কোনে মোহক নযায়॥১৯২৪২ মাতৃ বাপ তপ ধৰ্ম্ম তাহাত আৰাধ। গন্ধৰ্ব্বে মাৰিবে আমি লগাই অপৰাধ॥ দ্ৰৌপদী বোলন্ত আই শুনা পটেশ্বৰী। তোমাৰেসে কিছে৷ বোল কৰিতে নপাৰি॥ '৪৩

তোমাঠেৰ যিব৷ হানি মোৰো নাই দোষ। দৈৱৰ নিবন্ধ কিক কৰিবাহা ৰোষ॥ দশ দিন আৱে মোক ক্ষমোক নৃপতি। আসিতেৱে মোক পাঞ্চ গন্ধৰ্ব্বে নিবস্তি॥ ৪৪ প্ৰিয় কাৰ্য্য তোমাৰ কৰিবে মোৰ স্বামী। অসঙ্কোচে থাকা ভয় নকৰিবা তুমি। দ্ৰৌপদীৰ বাণী পাচে মহাদৈয়ে শুনি। কিছো নুবুলিলা তাক কৰ্ম্মবশ গুণি॥ ১৯২৪৫ সুদেষ্ণাত ভাৱে থাকিলন্ত মহাসতী। কীচকৰ বধ এহিমানে সমাপতি। শুনা সবঞ্জন মহাভাৰতৰ পদ। ধৰ্ম্মৰাজা নৃপতিৰ দেখাহা আপদ॥ ১৯২৪৬ ৰাজসূয় যজ্ঞ কৰিলাহা মহাভাগ। কিৰীটিৰ আগে চৰণক পাই লাগ॥ আপুনি গোবিন্দ যাৰ লগত সহায়। ইটো কালচক্ৰে দেখা ফুৰায় বাগৰায়। ১৯২৪৭ হেনয় জনৰ আপদক কেনে দেখা। ইটো নৰ সামান্য জনৰ কোন লেখা! ইটো কথা সাৱধানে শুনা সৰ্ব্বজনে। আপুনাকো কেছো নেদেখিবা বৰ মনে৷ ১৯২৪৮ কাল ঈশ্বৰেসে বৰ জানা সৰ্ব্বজনে। জানিয়া শৰণ পশা কৃষ্ণৰ চৰণে॥ তেৱেসে ঈশ্বৰ কৃষ্ণে কৰিবস্তু দায়া। দিবন্ত মুকুতি পাচে দূৰ কৰি মায়া॥ ১৯২৪৯ সম্ভ সঙ্গে সদায়ে নেৰিবা ৰাম নাম। জানি নিৰন্তৰে নৰে বোলা ৰাম ৰাম॥ ১৯২৫০