পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মহাভাৰত ১৩.৪ ইন্দ্ৰ অম্ৰাবতী যোনে৷ হুহি তাক সম। চৌপাশে সাগৰ গড় দেৱৰো দুৰ্গম॥ ১৯২৬৬ নানাবিধ ফলে ফুলে বৃক্ষ সমাকুল। পাৰিজাত আদি কৰি পায় সধে ফুল॥ হাটি বাটি খুলি তাৰ নাহি আদি অন্ত। গৃহময় দেখি বাহু প্ৰহৰ পৰ্য্যন্ত॥ ১৯২৬৭ হীৰ্ম্মাণি মাণিক শুদ্ধ হুৱৰ্ণে ৰচিল। দেৱ বিশ্বকৰ্ম্মে যাক প্ৰৱন্ধে গঢ়িল॥ সাৰথি আছে তৈত পাণ্ডৱ বৰ্জ্জিত। সকলে দ্বাৰকাখান কৰি বিত বিত॥ ১৯২৬৮ পৃথিৱীৰ মধ্যে ৰাজ্য আছে যত যত। প্ৰৱন্ধে ফুৰিলে৷ আসি সিসব ৰাজ্যত॥ সেতুবন্ধ ফুৰি আমি খুজিয়া নপাইলো। দক্ষিণ সাগবে পাচে পূৰ্ব্বক উজাইলো॥ ১৯২৬৯ উদয়গিৰি কামৰূপ কৰিলো বিচাৰ। ব্ৰহ্মকুণ্ড হস্তে দুই লোহিতৰ পাৰ॥ কিৰাট দুৰ্গম পথে ফুৰি কছাৰীত। বিচাৰি নপাইলো প্ৰভো পৰ্ব্বতমালাত॥১৯২৭০ নগা মিৰি ভোগ মিচি ৰাজ্যত পৰ্য্যটি। মৎস্যৰাজা চাই আসি পাইলোহে! উলটি॥ কথ৷ এক তৈত প্ৰভু শুনিলো বিচিত্ৰ। ত্ৰিগৰ্ত ৰাজাৰ আনে চিন্তিলন্ত হিত॥ ১৯২৭১ যাৰ হেতু হুখে নবসয় সিটো ৰাজ্য। কুলস্ত্ৰীয়ে সাধিল৷ বেশ্যাৰ যেন কাৰ্য্য॥ ইহান পৰম শত্ৰু আছিল যতেক। গন্ধৰ্ব্বে মাৰিল আসি কীচকে শতেক॥ ১৯২৭২ কিন্তু আমি পাণ্ডৱৰ নপাইলো অন্বেষ। আৱে যিৰা যুৱায় প্ৰভু কৰিয়ে৷ আদেশ॥ চৰৰ বচন শুনি ৰাজা দুৰ্য্যোধন। বিমৰিষি বোলৈ সবে আছ! পাত্ৰগণ॥ ১৯২৭৩ চৰৰ বচন যেন শুনি আছা আক। যাবে কি কৰিবে৷ সবে বুলিয়ে৷ আমাক॥ তেহয় বৎসৰ গৈল গুচিল পাণ্ডৱ। মুখে ৰাজ্য কৰো কিছো নাহি উপদ্ৰৱ॥১৯২৭৪ মহাৰঙ্গে প্ৰজা মোত খাটে একচিত্তে। নাহি সুখ শান্তি মোৰ পাণ্ডৱ থাকিতে॥ প্ৰতিজ্ঞ৷ সাম্ফল আসি হুইবে পাণ্ডৱৰ। অল্প দিন আছে মাত্ৰ অজ্ঞাত বৎসব॥১৯২৭৫ এৱে যদি এগোটাক পাওঁ পাণ্ডৱৰ। তেৱেতে৷ প্ৰতিজ্ঞা ভঙ্গ হোৱয় পূবৰ॥ বাহ্ৰয় বৎসৰ আৰো যাইবে বনবাসে। পুনৰপি সবে ৰাজ্য পাইবো অপ্ৰয়াসে॥ ১৯২৭৬ লুহি যদি আসৈ তেৱে মিলিবে সঙ্কট। অকণ্টকা পৃথিৱীত মিলিবে প্ৰকট॥ কৰ্ণে বোলে চৰিয়াৰ শাস্তি জানো ভাল। কৰ্ণমানে সবাহাৰে৷ ছিৰিয়োক গাল॥ ১৯২৭৭ পাণ্ডৱৰ খতি খাই মিছা কথা কহে। যত ধন পায়৷ আছে লৈয়োক আগ্ৰহে॥ নোহে বান্ধি থৈয়োক বৰিষ পাঞ্চ সাত। আনে যেন কেহো মিছা নকহে তোমাত॥ ৭৮ প্ৰকৃত চৰিয়া আৰ আছে কোন ভালা। তোমাৰ কাৰ্য্যক ঘিবা নকৰয় হেলা॥ কিছু ধন দিয়৷ তাক শীঘ্ৰে চলি যাউক। ৷ ৰাজ্য ফুৰি সবে গৈয়৷ পাণ্ডৱক চাউক। ১৯২৭৯ কৰ্ণক সম্বুধি মাতৈ দুষ্ট দুঃশাসন। যতেক বুলিলা মানে কিছু মুহি কৰ্ণ অকাৰণে চৰিয়াক গৰ্জ্জস নুবুজি। মৰিল পাণ্ডৱগণ কৈত পাইৰ খুজি॥ ১৯২৮০ অন্ন বিনে শৰীৰে কতেক দুখ সহে। আহাৰ নভৈলে বহ্নি শৰীৰক দহে। নিৰাহাৰ ডবে ভয়ে মৰিল পাণ্ডৱ। আউৰ কৈত খুজি তাৰ পাইৰ মৰা শৱ॥ ১৯২৮১ বাঘৰ ভয়ত যেন লুকাস্ত হৰিণ। নিতে নিতে পাণ্ডৱে সলাপ্ত পৰ্ব্ববন॥ সঙ্কট কণ্টক বনে ফুৰে খালে জোঙ্গে। কিবা সৰ্পে দংশিলেক খাইলে বাঘে ঘোঙ্গে॥৮২ কিবা নিশি সাম্ভৰিয়া পাৰ হস্তে গাঙ্গে। মৰিল পাণ্ডৱ জানিলোহে৷ সাঙ্গে সাঙ্গে॥