পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/১৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মহাভাৰত তথাত সমৰে সৰেঞ্চত বীৰগণ। দিব্যৰূপে চলি যাই বিষ্ণুৰ ভৱন। ২১০০৯ তহিকে চলিবা সবে কৌৰৱসকল। সেহি থাৰে তুমিয়ো চলাহ। মহাবল॥ বৈশম্পায়ন বদতি শুনিয়ে! আতপৰে। কৃষ্ণৰ বচন শুনিলন্ত যুধিষ্ঠিৰে॥ ২১০১০ কৃষ্ণৰ বচন সাদৰিয়া মহামতি। সাতে। যে বীৰক পাতিলন্ত সেনাপতি॥ স্নাতকো দিলন্ত দিব্য অলঙ্কাৰ আনি। দিব্যৰত্নে পূঞ্জিলন্ত বসনে ভূষণি॥ ২১০১১ সবাৰো উপৰে ধনঞ্জয়ক পাতিলা। দিব্য ৰত্ন অলঙ্কাৰে শৰীৰ মণ্ডিলা॥ নিজ বাহু মেলি আনি বসাইলন্ত কোলে। জয়ধ্বনি কৰিলন্ত নৃপতিসকলে॥ ২১০১২ নকুলে ছত্ৰক তুলি ধৰিলন্ত শিৰে। সহদেৰ সাত্যকি বিঞ্চস্ত ধীৰে ধীৰে। কৃষ্ণে দুৰ্ব্বাক্ষত দিলা বৈজয়ন্তী মালা। উঠি উঠি নৃপতিসকলে প্ৰণামিলা॥ ২১০১৩ সি বেলাত উৎসৱ মিলিল বহুতৰ। পাঞ্চজন্য শঙ্খ ফুঙ্কিলন্ত দামোদৰ। অনন্ত বিজয় শঙ্খ বাইলা যুধিষ্ঠিৰে। পৌণ্ড্ৰক শঙ্খক ফুঙ্কিলন্ত বৃকোদৰে॥ ২১০১৪ মণি নাম শঙ্খক যে বাইলন্ত নকুলে। পুষ্পক শঙ্খক সহদেৱ মহাবলে॥ মত্তহস্তীগণে সবে ত্যঞ্জিলে আটাস। দুন্দুভিৰ বাদ্যত লাগিল গৰ্ভত্ৰাস॥ ২১০১৫ সসৈন্যে জোকাৰ পাৰে ৰঙ্গ আতিশয়। জয় জয় ঘুষিলেক কৃষ্ণ ধনঞ্জয় মনে গোবিন্দৰ পাৱে কৰিলন্ত নতি। আনন্দতে অৰ্জ্জন ভৈলেক সেনাপতি। ২১০১৬ দেখি যুধিষ্ঠিৰে আসি সাৱটি ধৰিল। শিৰ স্ত্ৰাণ কৰি মুখে চুম্বনক দিল। কোলে কৰি মহা স্নেহে বুলিলন্ত মাতি। আতি ধৰি তোমাক পাড়িলো সেনাপতি মোৰ অৰ্থে বাপু তই ঘোৰ সমবত'। দুৰাচাৰ কৌৰৱগণক কৰা হত। মোক আদি কৰি বাপু আমি চাৰি ভাই। যত ৰাজাগণ খানে তোমাৰ সহায়॥ ২১০১৮ সবাকো পালিবা তুমি দুৰ্ঘোৰ সমৰেণ ভীষ্ম দ্ৰোণ আদি কৰি বীৰ কৌৰৱৰে। তেসম্বে তোমাক প্ৰহাৰয় যতমান। সি দোষত বাপু নকৰিবা অপমান॥ ২১০১৯ হুকোমল লৱঘু পুলি সম কায়। হাত বিন্ধিবে নিদাৰুণ শৰ ঘায়॥ পৰাক্ৰমী দ্ৰোণৰ ত্ৰিশূল সম শৰ। কৰ্ণৰ বাণক স্মৰি কাম্পে কলেৱৰ। ২১০২০ শুনিলেয়ো ত্ৰাস লাগে ভীষ্মৰ বীৰত্ব। এত দুখ পাইলে| আমি পাপিষ্ঠৰ হেতু। এহি বুলি যুধিষ্ঠিৰে সজল নয়নে। মাধৱৰ মুখক চাহস্ত ঘনে ঘনে। ২১০২১ চাই চাই নৃপতিসকলে প্ৰশংসিলা। অৰ্জ্জুনক কৃষ্ণৰ হাতত সমৰ্পিলা॥ কৃষ্ণৰ হাতত অৰ্জ্জুনৰ হাত থৈলা। কৰযোৰে যুধিষ্ঠিৰে বুলিবাক লৈলা॥ ২১০২২ জগততাৰণ নিস্তাৰণ চক্ৰপাণি। অৰ্জ্জুনক ৰাখিব৷ সেৱক হেন মানি | যদি মোৰ ভক্তি আছে চৰণে তোমাৰ। কুম্ভী আইত যদি ভক্তি সিজিছন্ত আৰ॥ '২৩ দ্ৰৌপদীৰ ভক্তি যদি আছয় তোমাত। সি কাৰণে বোলো তুষ্ট হুয়োক আমাত॥ কৌৰৱ সমুদ্ৰ ঘোৰ তৰিবাক মনে। শৰণ পশিলো ভুৱা অভয় চৰণে॥ ২১০২৪ যত দুখ পাইলে৷ বনবাস নিকাৰত। নকুল সহদেৱে দুখ সহিবেক কত বলে দ্ৰৌপদীক জয়দ্ৰথে নিলে হবি। বিৰাটৰ গৃহত কীচকে মাৰে ধৰি॥ ২১০২৫ সিটো দুখ প্ৰভু আৱে নিৰ্বাধিৰে মনে শৰণ পশিলো