পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/১৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৪১৬ মহাভাৰত


মহানদী গঙ্গা দেৱী বহুস্ত সদায়।

যাহাত মৰিলে প্ৰজা কুৈণ্ঠক পায়॥ ২০৯০৮

ৰাজাগণ সমস্তে মিলিছে একতৰ।

যুদ্ধ বিনা মৰণ নিন্দিত ক্ষত্ৰিয়ৰ।।

তৈকে প্ৰতি চলি যাউক কুৰু পাণ্ডু যত।

ৰণভূমি প্ৰভু নিৰ্ম্মিয়োক সি থানত॥ ২০৯০৯

মাধৱ বদতি কৰ্ণ শুনিয়ো বচন।

সাজু হুয়া চলোক নৃপতি দুৰ্য্যোধন॥

পাণ্ডৱ আসিব সাতদিনৰ ভিতৰ।

কুৰুক্ষেত্ৰে সমৰ মিলিবে গুৰুতৰ॥ ২০৯১০

সঞ্জয় বদতি কথা শুনিয়ো শ্ৰৱণে।

ভাল বুলি কৃষ্ণক নমিলা বীৰ কৰ্ণে॥

পাণ্ডৱৰ থানক চলিলা দামোদৰ।

মনোদুখে কৰ্ণে আসি পশিলা নগৰ॥ ২০৯১১

বৈশম্পায়ন বদতি শুনিয়ো নৰেশ্বৰ।

আত অনন্তৰে কথা শুন৷ নিৰন্তৰ।।

কৃষ্ণো গৈল তোমাৰ প্ৰপিতামহী কুন্তী।

কান্দন্তে আছন্ত দেৱী মহাশোকে আতি॥ ২০৯১২

সেহি সময়ত যাই বিদুৰ মিলিলা।

কুন্তীৰ আগত কথা কহিবে লাগিলা॥

শুন৷ ৰাজমাতা কুন্তী বচন আমাৰ।

শ্ৰীমদে অন্ধ দুৰ্য্যোধন দুৰাচাৰ॥ ২০৯১৩

যুগুত বচন বুলিলন্ত যদুপতি।

অৰ্দ্ধৰাজ্য খুজিলন্ত পাণ্ডৱক প্ৰতি॥

আমিয়ো বুলিলো তাক সময়ন্তি মনে।

কাণতো নলৈলা তাক ৰাজা দুৰ্য্যোধনে॥ ২০৯১৪

বিনা যুদ্ধে পাওৱক ৰাজ্য নেদে জানি।

তেবেসে উলটি গৈল প্ৰভু চক্ৰপাণি॥

মহাদুষ্ট পাপী ইটো ধৃতৰাষ্ট্ৰৰায়।

শতপুত্ৰমদে অন্ধ জ্ঞানচক্ষু নাই। ২০৯১৫

সি কাৰণে মাধৱৰ বাক্য নকৰিল।

হেৰা তাৰ কাল আসি সমীপ চাপিল॥

দুৰ্জ্জয় সমৰে সবান্ধৱে হুইবে ক্ষয়।

ইহাক স্মৰন্তে মোৰ নিদ্ৰা নিমিলয়। ২০৯১৬


কৰ্ণক পাণ্ডৱৰ লগত মিলিবলৈ কুন্তীদেৱীৰ অনুৰোধ


শুনিয়া কুন্তীৰ শোক দশগুণে ভৈল।

মনে মনে গোসানীয়ে গুণিবাক লৈল।।

ৰাজ্যলোভে পাণ্ডৱে কৰিবে ঘোৰ ৰণ।

কৌৰৱক মাৰিবে আমাৰ জ্ঞাতিগণ॥ ২০৯১৭

কেহো মমা কেহো পিতা কেহো হৱে ভাই।

গুণি গুণি চাহন্তে পৰৰ কেহো নাই॥

যদি যুদ্ধ কৰে জ্ঞাতিগণ যাইবে মৰি।

যুদ্ধ বিনা নপাই আপুনাৰ বসুন্ধৰী। ২০৯১৮

দুখিতৰ সুখ নিমিলয় একোকাল।

এতেকে আমাৰ তেৱে মৰণেসে ভাল॥

যদি নিদাৰুণ হুয়া কৰন্ত সমৰ।

কটা-কটি লাগিবেক কুৰু-পাণ্ডৱৰ।। ২০৯১৯

চেদীপ পাঞ্চাল মৎস্য আদি বংশ যত।

বৃষ্ণি বংশো আসি মিলিবেক সমৰত॥

সবেয়ো সম্বন্ধে হৱে কুটুম্ব আমাৰ।

প্ৰাণতো অধিক দেখো স্নেহ তাসম্বাৰ। ২০৯২০

তেসম্বে ৰণত পৰি হুইবেক নিৰ্য্যাণ।

আত পৰে কিবা মোৰ দুখ আছে আন॥

পৰম দুখিত মোৰ পাঞ্চটি তনয়।

তাসম্বাৰ কিছো সুখ নেদেখিলো মই।। ২০৯২১

মহাঘোৰ সমৰ্ক অভিলাষ মনে।

কৃষ্ণে সমে পাঞ্চো ভাই সাজিবা যতনে।।

কুৰুগণ মধ্যে দ্ৰোণ কৰ্ণ পিতামহ।

দুৰ্য্যোধন ৰাজাৰ তিনিত মাত্ৰ গহ।। ২০৯২২

ত্ৰিভুৱনে প্ৰচণ্ড যুদ্ধত অগ্ৰগণী।

কৌৰৱৰ অৰ্থে জানো যুজিবন্ত তিনি।।

এসম্বে যদ্যপি মোৰ মাৰে পুত্ৰচয়।

তেবে নিদাৰুণী কোন পুৰী যাইবো মই।। '২৩

নজানো আপুন পৰ সকলো সমান।

এগুটি মৰিলে মই নধৰিবো প্ৰাণ।।

অনুমানে জানো মই দ্ৰোণৰ হৃদয়।

পাণ্ডৱকে পুত্ৰকে দেখন্তে এক নয়।। ২৩৯২৪