পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/১৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

উদ্ভোগ পৰ্ব্ব এভো প্ৰতি প্ৰতি কৰ্ণ কহো তযু আগে। এহিক্ষণে চলা ফিৰি যাইবাক নলাপে॥ ২০৮৯১ কৰ্ণ বোলে জগতকে আছ৷ বন্দী কৰি। তোমাৰ মায়াক প্ৰভু এৰাইতে নপাৰি। সি কাৰণে তষু বাক্য নীৱয় মনে। প্ৰাণতো অধিক মোৰ ৰাজা দুৰ্য্যোধনে॥ ২০৮৯২ অগৰু চন্দন দিয়া কৰি বহুমান। নিতে পূজা কৰে মোৰ বাহু দুইখান॥ দুৰ্য্যোধন নাম মাত্ৰ মইসে নৃপতি। তেহ্ল বৰ্ষ অকণ্টকে ভুঞ্জো বহুমতী। ২০৮৯৩ কৰ্ণ সম বীৰ কেৱে নাহি ত্ৰিভুৱনে। ৰাজাগণ মধ্যে প্ৰশংসয় দুৰ্যোধনে॥ আসি আছে যত পৃথিৱীৰ বীৰ্চয়। মাস দুই তিনি কৰি প্ৰবাস খাটয়॥ ২০৮৯৪ এৱে যদি যাওঁ মই তব ৰাক্য পালি। শুনি ৰাজাগণে মোক পাৰিবেক গালি॥ অধিবৰ্থ পিতৃ পাইলো কত তপস্যায়। ৰাধা সম মাতৃ মোৰ ত্ৰিভুৱনে নাই॥ ২০৮৯৫ নকৰিলে ঘিণ মোৰ মূত্ৰ পুৰীষত। কৰিলেক জাতকৰ্ম্ম আদি কৰ্ম্ম যত॥ বহুসেন নাম থৈলা হাবিলাষে আতি। বিবাহ কৰাইল৷ কন্য৷ মহা ৰূপৱতী॥ ২০৮৯৬ 1415 সত্যে ৰণ জিনিষেক পাণ্ডৱসকল। জয়ধ্বনি শুনি পাণ্ডৱৰ সুমঙ্গল॥ বিশ্বকৰ্ম্মে নিৰ্ম্মি আছে দিব্যমায়াবলে। ভয়ঙ্কৰ প্ৰচণ্ড বানৰ গোট জ্বলে। ২০৯০০ যিবেলাত দেখা শ্বেতবৰ্ণ চাৰি হয়। আগত সাৰথি কৃষ্ণ আছে ধনঞ্জয়॥ বামত গাণ্ডীৱ ধৰ্ম্ম কৰিৰে টঙ্কাৰ। দক্ষিণত দেবদত্ত শৰ চমৎকাৰ॥ ২০৯১ যি বেলা সংগ্ৰামে বীৰ ভীষ্ম অনিৰ্বাৰ। দ্ৰোণ কৃপ অশ্বত্থামা নৃপতি আমাৰ॥ একৈকৰ লগে চলে সৈন্য গুৰুতৰ। নিবাৰম্ভ যি বেলা অৰ্জ্জুন একেশ্বৰ | 2090২ সিবেলাত ঘোৰৰণে দেখিবা আপুনি। কৌৰৱ পতঙ্গ বীৰ অৰ্জ্জুন অগনি॥ যিবেলাত বেঢ়ি থাকা কুৰুবাৰ্চয়। তৃণৱত কৰি ভামসেনে নগণয় | ২০৯০৩ তেসম্বাৰ মধ্যে পশি ক্ৰোধে বিপৰীত। বাঘে যেন হৰিণৰ পিৱয় শোণিত॥ সেহিমতে ভীমে দুঃশাসন ধৰি বলে। তেজ খাই নাচন্ত পৰম কৌতূহলে। ২০৯০৪ সিবেলা দেখিব৷ বীৰ দাৰুণ সমৰ। ডৰে নিদ্ৰা নাসিব সমস্ত কৌৰৱৰ॥ যিবেলা দেখিবা যুধিষ্ঠিৰ মহাশয়। তপোবলে আপুনাৰ সৈন্যক ৰখিয়॥ ২০৯০৫ তেজবলে বিনাশিবে শত্ৰু সৈন্য বৰ। সি বেলা দেখিবা বীৰ দাৰুণ সমৰ। কিন্তু কৰ্ণ শুনা আৱে আমাৰ বচন। কাৰ্ভিক নিবৰ্ত্তি মাস হুইবেক আঘ্ৰণ॥ ২০৯০৬ আজি হস্তে লেখি সাতদিনৰ ভিতৰে। দুৰ্ঘোৰ সমৰ হুইবে কুৰু-পাণ্ডৱৰে॥ ঘোৰ শৰে যত প্ৰজাগণে চোট পাই। নপকিবে নগলিবে জাৰ জহ নাই॥ ২০৯০৭ | কৰ্ণে বোলে শুনা প্ৰভু আমাৰ বচন। তাসঘাত জন্মিল আমাৰ পুত্ৰগণ। নাতি দেখি ৰাজাৰ হৰিষ কৰে মন | ৰাত্ৰিদিনে আনন্দে যে বোলয় মনতে। পিও-জলাঞ্জলি পাইবো কৰ্ণপুত্ৰ হন্তে॥ ২০৯৯৭ আজি যদি প্ৰভু তেসম্বাক বঞ্চো মই। মোকো দৈৱে ৰঞ্চিকে কহিলো নিশ্চয়॥ আসি আছে যত পৃথিৱীৰ ৰাজাগণ। যুদ্ধ কৰিবাক প্ৰতি সবাহাৰে মন॥ ২০৮৯৮ যুদ্ধ বিনা মৰণ নিন্দিত ক্ষত্ৰিয়ৰ। আকে জানি সমৰ মিলায়ো গদাধৰ॥ মাধৱ বদতি কৰ্ণ জানিছা আপুনে। তথাপিতো কিছো কহো শুনিয়ে৷ শ্ৰৱণে৷ ১৯৯ | পুণ্যভূমি মহা কুৰুক্ষেত্ৰ বিতোপন॥