পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/১৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

উদ্যোগ পৰ্ব্ব দুৰাচাৰ পাপিষ্ঠ দাম্ভিক দত্তময়। দশোদিশ ইঙ্গিতে জিনিল দুৰাশয়। যুদ্ধক নোৱাৰি যিটো ভেল্টে নৃপবৰ। তাৰ ৰাজ্য কাঢ়ি লৈয়া পাতয় কিঙ্কৰ॥ ২০৫৩১ যুদ্ধ কৰি ৰাজ৷ যিটো সমৰত ঘাটে। তাক আনি সপুত্ৰ বান্ধৱে ধৰি কাটে॥ পৰম দৰ্পিষ্ঠ সিটো নৃপতি প্ৰবল। ময়মত অদ্ভুত হস্তীৰ গাৱে বল॥ ২০৫৩২ থিয় হুইলে দত্তৰ আগত কাৰ গছে। তোৰ সম লক্ষেক নৃপতি দোলা বহে॥ এহিমতে দত্তৰ অনেক কাল গৈল। শুনা আত অনন্তৰে যেন কথা ভৈল॥ ২০৫৩৩ প্ৰতিদিনে দত্তে সমাজত বসি বোলে। দেখিয়া বীত্ব মোৰ ব্ৰাহ্মণ সকলে বিচাৰিয়ো দেৱালুৰ গন্ধৰ্ব্বৰ কাছে। মোৰ সম বলৱস্ত বীৰ কোন আছে। 20534 এহিমতে নিতে প্ৰশংসয় আপুনাক। শুনি বিপ্ৰগণে ক্ৰোধে নসহিলে তাক॥ শুন অৰে দত্ত ইটো গৰ্ব্ব পৰিহৰ। দেখি আছে৷ বলী ততোধিক ধনুৰ্দ্ধৰ॥ ২০৫৩৫ যদি সমৰক মনে আছে অভিলাষ। এতিক্ষণে নৃপতি চলিয়ো তান পাশ॥ গন্ধমাৰ্দ্দনৰ কোলে পৰ্বতৰ কাছে। বদৰিকাশ্ৰম নাম গ্ৰাম তৈত আছে। ২০৫৩৬ তাতে ঘোৰ তপস্যা কৰয় অনুপাম। দেখিবিহি ঋষি নৰনাৰায়ণ নাম॥ যদি গহ আছে তোৰ এতিক্ষণে লৰ। হেন শুনি দপ্তৰ কৌতুক ভৈল বৰ। ২০৫৩৭ শুনি যেন স্বৰ্গ পাইলে হৰিষিত মনে। সমদল কটকে চলিল৷ তেতিক্ষণে॥ তাৰ যত সৈন্য কোনে লেখিবে প্ৰত্যেকে। পোন্ধৰ মাসৰ পথ ঘুৰিল কটকে। ২০৫৩৮ এহিমতে বদৰিকাঙ্খম পাইল পাচে। বিচাৰিল নবনাৰায়ণ যৈত আছে। ১৭ ১৩৯৩ ঘোৰ তপস্যাত ক্লেশ শৰীৰ ওখান। দেখি দত্তে দুহাত্তো মাগিলে যুদ্ধ দান॥ ২০৫৩৯ নাৰায়ণে দত্তক মাতিলে হেন শুনি। মোত যুদ্ধ খোজা ৰাজা জানি কি জানি। যুদ্ধকে। নজানো শৰীৰতো নাহি বল। ঘোৰ তপস্যাত গাব ওখাইল সকল॥ ২0540 বিশেষত ঋষি মোৰ ধলু শৰ নাই। মোত যুদ্ধ খোজ ৰাজা দুই চক্ষু খাই। অন্য যুদ্ধে ভুঞ্জস সকলে বসুন্ধৰী। কিসক মৰিবে চাষ ঘোৰ যুদ্ধ কৰি৷ ২০৫৪১ আমাৰ বচনে এভো যুদ্ধ পৰিহৰি। সুখে গৈয়৷ আপুনি ভুঞ্জিয়ে৷ বহুন্ধৰী। হেন শুনি দত্তে মাতে মহাক্ৰোধ কৰি। শীঘ্ৰে যুদ্ধ দিয়োক বিলম্ব পৰিহৰি। ২০৫৪২ দাম্ভিকৰ দত্ত গুচাইবাক মন কৰি। নাৰায়ণে নৰক মাতিলা চক্ষু ঠাৰি॥ চক্ষুৰ নিচানে নৰ অনুমতি পাই। বিৰিণাৰ শৰ ধনু সাজিলন্ত যাই। ২০৫৪৩ বিৰিণাৰ কৰিলা অক্ষয় তূণ বাণ। বাকলিৰ কৰিল কৱচ পৰিধান॥ পাচে ইসিকাৰ ধনু টঙ্কাৰ কৰিল। দশোদিশ পূৰ্লি সাগৰে৷ খলকিল। ২০৫৪৪ দেখি দত্তে আনন্দে কাচিল যুদ্ধকাচে। চতুৰ্দ্দিশে নৰৰ বেঢ়িলে আগে পাচে। বাতাসে আনিয়া ঘোৰ খৰতৰ বেগে। প্ৰচণ্ড সূৰ্য্যক যেন ঢাকিলেক মেঘে॥ ২০৫৪৫ দাৰুণ দুৰ্ব্বাৰ দন্ত ৰাজাৰ কটক। নৰক আৱৰি যদি দিলে শৰজাক॥ প্ৰচণ্ড প্ৰহাৰ কোপে উঠি গৈল মৃত্যু। পাচে নৰে তুলি লৈল| ইসিকাৰ ধনু॥ ২০৫৪৬ দম্ভব সেনায়ে প্ৰহাৰিলে যত যান। তাক লাগি হানিলেক খৰিকাৰ বাণ॥ একো খৰিকাৰ যাণ এক কোটি ভৈল। শৰ সব কাটিলেক ধূলি উৰি গৈল। ২০৫৪৭