পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/১৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

$58 আকাশত দেৱগণ কৰে জয় জয়। পাচে নৰে মাৰিলে দত্তৰ সেনাচয়॥ একো খৰিকাৰ বাণ এক কোটি ভৈল। দণ্ডৰ সেনাক ঢাকি বৰিষিধে লৈল। ২০৫৪৮ বাসৱৰ বজ্ৰ যেন হুদৃঢ় সন্ধানে। কতো মুখে পশিয়া ওলাই নাকে কাণে॥ কাৰো গল কটা যায় খৰিকাৰ বাণে। শৰীৰত পশিয়া পীড়ই মৰ্ম্মস্থানে॥ ২০৫৪৯ হেন মতে সৈন্য সৰু পৰাভৱ দেখি। আগবাঢ়ি ধাইলে দম্ভে খানিকে। নাপেখি॥ দুই দণ্ডমানে যুদ্ধ ভৈলেক ভুম্বল। ঠাক ঠিক শব্দ শুনিয়৷ হুলস্থূল॥ ২০৫৫০ পাচে ইসিকাৰ বাণে নৰ মহাবলে। ধ্যু শৰ ৰথ ধ্বজ কাটিলা সকলে॥ আৰে৷ বিন্ধিলেক তাক খৰিকাৰ বাণে। শৰীৰত পৰিয়া পীড়য় বৰ টানে॥ ২০৫৫১ নাকে মুখে দত্তে আতি পীড়া পায়া বৰ। উলটিয়া দত্তে ভিৰি দিলেক লৱৰ॥ যৈকে পলাই যাই তৈকে খেদি নেই বাণে। শৰীৰত পৰিয়া বজাই নাকে কাণে॥ ২০৫৫২ হেন দেখি দম্ভৰ ব্যাকুল ভৈল মন। উলটি নগৰ পাৱে পশিল শৰণ। কৰিলেক তিনি সত্য দৰ্প দত্তে এৰি। প্ৰশংসি দম্ভক নৰে সাদুৰ্ব্বাদ কৰি॥ ২০৫৫৩ শিখিলেক তেৱে ৰাজনীতি যত বন্ধ। তেৱেসে নৰেও তাৰ ৰাখিলেক কন্ধ। যিটো নৰে দন্তক কৰিল৷ পৰাজয়। পাণ্ডুবংশে তেহেন্তে চিনিব ধনঞ্জয়॥ ২০৫৫৪ নাৰায়ণ চিনিবিহি কৈলো সাৰে সাৰ। বৃষ্ণিবংশে ভৈলা তেস্তে কৃষ্ণ অৱতাৰ॥ হেন জানি দুৰ্য্যোধন মোৰ বোল ধৰ। কৃষ্ণ ধনঞ্জয়ক যে হেলা পৰিহৰ॥ ২০৫৫৫ পৰম পুষ দুয়ো জগতকৰণ। মোৰ বোলে আদৰিয়ো দুইহানো চৰণ॥ মহাভাৰত যদি অৱহেলস সবংশে যাইবি ক্ষয়। এহি বুলি ৰৈল জমদগ্নিৰ তনয়॥ ২০৫৫৬ শ্ৰীকৃষ্ণৰ দুৰ্য্যোধনক পৰামৰ্শ দান কণ্ব ঋষি বুলিলেক নাৰদে বুলিল। তাসম্বাৰ বাক্য দুৰ্য্যোধনে নাদৰিল। দুৰ্জ্জন সহিতে অৱহেল৷ কৰি বৰ 1 ঊৰুত চাপৰ মাৰি হাসিলা বিস্তৰ॥ ২০৫৫৭ দুষ্টৰ আনন্দ যে সাধুৰ হৰি হৰি। হেন দেখি ঋষিয়ে মনত দুখ কৰি॥ দেখি কণ্ব ঋষি শাপ দিলা অভিমত। ঊৰু ভগ্ন হৌক তোৰ ভীমৰ হাতত। ২০৫৫৮. শুনি হাহাকাৰ কৰে সভাসদ লোক। ধৃতৰাষ্ট্ৰ নৃপতি কৰন্ত বৰ শোক। ধৃতৰাষ্ট্ৰে মাধৱক মাতিলেক পাচে। তযু বাক্য কৰিবে আমাৰ মনে আছে॥২০৫৫৯ সবাহানে মনোনীত শুনি তযু বাক। কিন্তু পুত্ৰ দুৰ্য্যোধনে নমানে ইহাক। তোমাৰ চৰণে তাক কথা শিখায়োক। তেৱেতো আনন্দ হৱে সভাসদ লোক॥ ২০৫৬০ ধৃতৰাষ্ট্ৰ নৃপতিৰ বচন সাদৰি। দুৰ্য্যোধন ৰাজাক মাতিলা দেৱহৰি॥ শুন দুৰ্য্যোধন তযু পিতৃৰ বচন। পাণ্ডৱক ৰাজ্য দিবে আছে তান মন। ২০৫৬১ তুমি কেনে দাশ ঘাতুক সৰ্ব্বকাল। সন্তকূলে জন্মিলে এনুবা নুহি ভাল॥ গুৰুগৌৰৱৰ বাক্য যিটো অনাদৰি। আপুনি প্ৰবৰ্ত্তে সিটো নীতিধৰ্ম্ম এৰি॥ ২০৫৬২ সিজনৰ তিনিয়ো লোকত সুখ নাই। আক জানি অৰ্দ্ধৰাজ্য দিবাক যুৱাই॥ যদি সাঙ্গে ৰাজ্য এৰি দিয়া পাণ্ডৱক। তথাপিতো হানি নাই শুনা মোৰ বাক॥ ২০৫৬৩