পাণ্ডৱে কৰিছে বশ্য হৃদয়তে পাই। প্ৰেমঙ্গবী বান্ধি আছে মেঢ়াই মেঢ়াই॥ পাণ্ডৱক বঞ্চি ৰাজ্য নেদিবাক মন। ইঙ্গিততে জানিবন্ত দৈৱকী নন্দন॥ ২০৩৮১ ·হস্তী ঘোৰা ধন ৰত্ন যত দেশ মানে। সবে নুহি অৰ্জ্জুনৰ বাক্যৰ সমানে। পাণ্ডৱক তোমাসাৰ বঞ্চিবাক মন। দিয়৷ মানে নলৈৱন্ত দৈৱকী নন্দন || ২০৩৮২ বসিবাৰ ঠাইখানি ভৃঙ্গাৰৰ জল। কৰ্পৰ তাম্বূল বাক্য পৱিত্ৰ কোমল। এহিমানে হৈবে দদা তোমাঠেৰ হানি। আতপৰে অধিক নলৈৰ৷ চক্ৰপাণি॥ ২০৩৮৩ দুৰ্য্যোধনৰ দঙালি আৰু ভীষ্মৰ ক্ৰোধ দুৰ্য্যোধনে বোলে ভাল বুলিলা খুৰাই। প্ৰশংসে৷ তোমাৰ বাক্য কিছো দোষ নাই॥ ধনৰত্ন দিয়া লাগে প্ৰাণ আপুনাৰ। কপটীক বশ্য কৰিবেক কোন নৰ॥ ২০৩৮৪ শুন৷ পিতৃ কহে৷ মই পূজাৰ নিদান। তিনিবিধ প্ৰাণীৰ পূজাৰ যেন থান॥ উত্তমক পূজিলে মহত ধৰ্ম্ম হয়। সামান্যক পূজিলাত ইষ্টতা বাঢ়য়॥ ২০৩৮৫ অধমক পূজিলে ছুগুণে পাৱে লাই। চোতাল ছাড়িয়া পাচে মজিয়াক যাই॥ অধম দুৰ্জ্জন কৃষ্ণ যদু কুলাঙ্গাৰ। তাহাক পূজিবে ইচ্ছা ভৈলেক তোমাৰ॥ '৮৬ স্ত্ৰীলুভী কৃষ্ণৰ আনত কাৰ্য্য নাই। উদ্যোগ পৰ্ব্ব কি কৰিবে ধনৰত্ন তাৰে কোনে খাই॥ ভীষ্মে উঠি বোলে শুন ৰাজা দুৰ্য্যোধন। তষু সম দুৰ্জ্জন যতেক ৰাজাগণ॥ ২০৩৮৭ তাসম্বাৰ পূজাত কৃষ্ণৰ শ্ৰদ্ধা নাই। এখানি বচন মোৰ কৰিবি আটাই॥ সভাযাজে আসি কৃষ্ণে যি বোলস্ত তোক। সেহিখানি কৰ যদি কিনি থস মোক। ২০৩৮৮ S দুৰ্যোধনে বোলয় কৰিৰো মই তাক। আমিয়ে৷ এখানি লো নেদিবাহা হাক॥ কালি হেন হোৱে যদি কৃষ্ণ আসে ঐক। সাজু হুয়৷ থাকিবাহা মহাৰথী লোক॥ ২০৩৮৯ কৃষ্ণে যেন নজানে পৰম যত্ন কৰি। সমাজত গোবিন্দক বন্দী কৰো ধৰি॥ পোতাশালে থৈবো নিয়ে জিঞ্জিৰী লগাই। তিতিনি দিনত যেন এক সাঞ্জি খাই। ২০৩৯ ০ তেৱে আৰে৷ পাগুৱে এৰিবে ৰাজ্যআশ। পুনৰপি আপুনি চলিবে বনবাস॥ মহাশোকে বিকল পাণ্ডৱ পাঞ্চোভাই। কৃষ্ণক মেলাইবে প্ৰতি কৰিবে উপায়। ২০৩৯১ নেমেলিবে৷ কৃষ্ণক পৰম ক্ৰোধ মোৰ। অধিকে কৰিবে৷ মই যাতনা দুৰ্ঘোৰ॥ ডাঢ়ি নখ বাঢ়োক বিকৃত ৰূপ হুই। দেখি নাৰীগণে যেন তাহাক নচাই | 203৯২ ভোজনক নেদিবো শুখাউক সবে কায়। দেখিয়া মহস্তে যেন অপমান পাই॥ বৈশম্পায়ন বদতি শুনিয়ে৷ নৰেশ্বৰ। হেন শুনি মহাক্ৰোধে উঠিল ভীষ্মৰ॥ ২০৩৯৩ সভামাজে উঠি কোপে কম্পমান কায়। শনাইত খড়্গত্থান লৈলন্ত খলাই। দুৰ্য্যোধন মুখ চাই মহাকোপে আতি। মুহূৰ্ত্তেকমানে বীৰে আছিল নমাতি। ২০৩৯৪ মনত বোলন্ত খড়্গ হানি কাটো শিৰ। দেখস্তোক কৌৰৱী পাণ্ডৱী যত বীৰ। এহি মনে গুণি গৈলা ভৰি পাঞ্চ সাত। আৰোখানি গুণি পাচে ৰহিলা তথাত। ২০৩৯৫ দুৰ্জ্জন জনৰ বৈৰী আসন্ত সাক্ষাত। বিহস্তোক দুৰ্জ্জনৰ দণ্ড যেত মত॥ পাণ্ডৱৰ বৈৰী ইটো তেসম্বো প্ৰৱল। হঠাৎকাৰ ক্ৰোধত আমাৰ কোন ফল॥ ২০৩৯৬ এহি বুলি খড়গথান আছাৰি পেলাই। বুলিলন্ত ধৃতৰাষ্ট্ৰ নৃপতিক চাই॥
পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/১২৫
অৱয়ব