পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/১১৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মহাভাৰত 3068 পাণ্ডৱৰ স্তুতি দেখি তুষ্ট ভৈলা হৰি। ৰাজ্য সমন্বিতে কৃষ্ণ চলে নিজ পুৰী ৷ কুন্তী গান্ধাৰীক পাচে নমস্কাৰ কৰি । ৰথে চৰি নিজ পুৰী চলিলা শ্রীহৰি ৷৷ ৩৫০৭০ পাঞ্চ ভাই দ্রৌপদী আনন্দ কৰি মন। পাঞ্চ ভাই সমে ৰাজা কৰিল৷ গমন | ভ্রাতৃসমে আসি ৰাজ৷ বসিল। মন্দিৰে ৷ কৃষ্ণক স্মৰিয়া ৰাজা বিকল শৰীৰে ॥ ৩৫০৭১ ভ্ৰাতৃসব প্ৰবোধিয়৷ ৰাজ। যুধিষ্ঠিৰ । কৰিল৷ নানান ব্যগ্ৰ মন কৰি স্থিৰ ॥ আনন্দে বঞ্চিলা ৰাজা কৰি নানা হুখ। বিমৰিষ কৰি মনে কিছুমাত্ৰ দুখ ৷৷ ৩৫০৭২ ৰাজাৰ বচনে চলে চাৰি সহোদৰ । পত্নীসমে গৈলা নিজ যাৰ যেহি ঘৰ ॥ চাৰি সহোদৰ গৈলা যাৰ যেহি পুৰে। ক্রীড়া কৌতূহল কৰে বিনোদ মন্দিৰে ॥ ৩৫০৭৩ দৌপদী সহিতে ধৰ্ম্ম গৈলা নিজপুৰী ৷ অকণ্টকে ৰাজ্যভোগ কৰম্ভ শ্রীহৰি । ব্রাহ্মণ দৈৱজ্ঞ সব যত আছে মানে। তুষিলেক নানাবিধে বস্ত্ৰ আভৰণে ॥ ৩৫০৭৪ গে৷ ভূমি কাঞ্চন দিলা নানাবিধ দান। আশীৰ্ব্বাদ কৰি গৈলা যাৰ যেহি স্থান ॥ চলিলন্ত কৃষ্ণ দেৱ দ্বাৰকা নগৰ। এৰাইলেক নদী নদ নিকুঞ্জ বিস্তৰ ॥ ৩৫০৭৫ প্ৰৱেশিলা কৃষ্ণ গৈয়া দ্বাৰকা নগৰ। দ্বাৰকাবাসীয়ে দেখি আনন্দ অপাৰ ৷৷ যাৰ যেহি গৃহে গৈলা যত নাৰীগণ । সৈন্য সেনাপতি ৰথী যত বীগণ || ৩৫০৭৬ সমস্তকে তুষিলেক দিয়া নানা ধন । বস্ত্ৰ আভৰণ পাই হৰ্ষিত মন || নট ভাট তুষিলেক যন্ত্ৰ অলঙ্কাৰে । পৰম আনন্দে গৈলা যাৰ যেহি ঘৰে ॥ ৩৫০৭৭ তপস্বী সন্যাসী যোগী বহু যত দুখী। বেশ্য৷ সমস্তক ধনে কৰিলন্ত সুখী । যতী সতী পতিব্রতা যত নাৰীগণ। তুষিলন্ত যুধিষ্ঠিৰে দিয়া বহু ধন ॥ ৩৫০৭৮ ধৰ্ম্ম পুৰোহিতক তুষিলা নান৷ ধনে। সবলোক তুষ্ট ভৈলা নানাবিধ দানে পুৰীমধ্যে নাৰীগণ আনা নৃপবৰে। তুষিলন্ত নানা বিধ অনেক প্ৰকাৰে৷ ৩৫০৭৯ মাতৃগণ পিতৃগণ মিত্র বন্ধুঞ্জন। বস্ত্ৰ অলঙ্কাৰে ৰাজা কৰিলা ভূষণ ॥ জৈমিনী বদতি কথা শুনা জন্মেজয়। এহিমতে যজ্ঞ কৈলা ধৰ্ম্ম মহাশয় ॥ ৩৫০৮০ কহিলো সকলে কথা শুনা মহামতি । যেহিমতে অশ্বমেধ কৈল৷ নৰপতি ॥ মাঙ্গল্য কৰিলা হৰগৌৰীৰ মঙ্গল । মঙ্গল কৰিলা সবে দেৱতাসকল ॥ ৩৫০৮ মাঙ্গল্য কৰিলা লক্ষ্মীদেৱী বিষ্ণু সমে। আনন্দে মাঙ্গল্য কৰে বিৰিঞ্চি তেখনে! মাঙ্গল্য কৰয় সবে স্বৰ্গে পুৰন্দৰ ৷ অশ্বমেধ যজ্ঞ কৰে ধৰ্ম্ম নৃপৰৰ ৷৷ ৩৫০৮২ আকাশে দুন্দুভি ৰাজে নাচে অপেশ্বৰা। নানামতে ৰঙ্গ ঢঙ্গ ভৈলন্ত প্ৰজাৰ ৷ চন্দ্ৰ সূৰ্য্য বায়ু দেৱ বৰুণ সমান। জলত সাগৰে নাচে জল দৈত্যগণ ॥ ৩৫০৮৩ অশ্বমেধ পুণ্য কথা ভাৰতৰ সৰি । শুনিলে সকলে পাপ হোৱয় সংহাৰ ॥ ব্রহ্মহত্যা গোহত্যা স্থৰাদি পাতক । শুনিলে সকলে পাপ হবে বিনাশক ॥ ৩৫০৮৪ ধন ধান্য বাঢ়ে সবে পাৱে মুক্তিপদ। পাপ নাশ পুণ্য বাঢ়ে অতুল্য সম্পদ ॥ ভ্রণয় হুবুদ্ধি দাসে অশ্বমেধ পর্ব। ইহলোকে হুখভোগ পৰলোকে স্বৰ্গ। ৩৫০৮৫ যেহি গাৱে যেহি শুনে অন্তে স্বৰ্গৰ্গতি। সভাসদে বৰ দিয়োক দেবী লক্ষ্মীপতি ॥ কৃষ্ণৰ কিঙ্কৰে কহে এবং আন ফাঁস । পাতক ছাৰোক ডারি বোলা ৰাম ৰাম ॥ ৫০৮৬ অশ্বসেষপর্ব সমাপ্ত