পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/১১৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অশ্বমেধপূর্ব দ্বিজগণ মিলি স্নান কৰাৱা ঘোৰাৰে । চাৰিবেদ মন্ত্ৰপাঠ কৰে বাৰে বাৰে ৷ শতকুণ্ড জলে অশ্ব কৰাইলন্ত স্নান। ধৌত বস্ত্ৰে জল তুলি দিল৷ নাৰায়ণ ॥ ৩৫০৫৩ দিব্য অলঙ্কাৰ গন্ধে ভূষণ কৰিলা। দিব্যযন্ত্র অলঙ্কাৰ ঘোৰাক পিন্ধাইলা ॥ হুৱৰ্ণ চম্পক মালা দিলা দিব্যহাৰ। গন্ধ পুষ্প পাঠ অৰ্ঘ্য দিল৷ বাৰম্বাৰ ৷৷ ৩৫•54 ঘোটক পূজিয়া ৰাজা কৰে তুতি নতি 1 অনেক অঞ্জলি দিয়া কৰন্ত প্ৰণতি ॥ সুৱৰ্ণ শিকলি ধৰি বাহিৰ কৰিলা। খাণ্ডা লৈয়৷ ব্যাস মুনি ঘোটক ছেদিল৷ ॥ ৩5055 হুৱৰ্ণৰ পাত্ৰে ৰক্ত থৈলা দ্বিজবৰে। ঘৃত দিয়া পুনু পুনু হুনয় যন্ত্ৰেৰে ৷ মাংস খণ্ড খণ্ড কৰি শ্ৰুৱত ভৰিয়া। ঘৃত মধু তিল তাতে চক্কক দিয়া ৷৷ ৩৫০৫৬ বিংশতি সহস্ৰ দ্বিজে কৰে বেদধ্বনি। অগ্নিকুণ্ড মধ্যে মাংস হুনে ব্যাস মুনি ৷ মাংস শেষে মাংস দিয়া হুনে বহুতৰ । দৈৱবিধি যজ্ঞ কৰে ব্যাস মুনিবৰ ॥ ৩৫০৫৭ ব্যাসে বোলে যুধিষ্ঠিৰ শুনিয়ো বচন । পূৰ্ণাৰ যতেক দ্ৰব্য আনিয়ে৷ এখন ॥ ধৰ্ম্মপত্নী সমে অগ্নি পূজিয়ো দেৱতা । মনৰ বাঞ্চিত বৰ মাগ৷ আসি এথা ॥ ৩৫-৫৮ ঋষিৰ বচন শুনি ৰাজা যুধিষ্ঠিৰ পূর্ণাৰ যতেক দ্ৰব্য আনা মহাধীৰ ৷৷ দ্রৌপদীক আনি ৰাঙ্গা বসি একাসনে । পুষ্পাঞ্জলি লৈলা অগ্নি পূজিলা বিধানে ৷৷ ৩৫০৫৯ সুৱৰ্ণৰ ভ্ৰুৱ মধ্যে ফল ফুল দিয়া। ঘৃত মধু হুনে কুণ্ডে চক্ৰৰ মিসায়া ॥ মন্ত্ৰ পঢ়ি পূর্ণা দিলা যত মুনিগণে। বেদমন্ত্র স্তুতি পাঠ পঢ়ে জনে জনে॥ ৩৫০৬০ অগ্নিমধ্যে পুষ্প দিলা দণ্ডৱতে পৰি। পাঞ্চো ভাই সমে ৰাজ্য অগ্নিপূজা কৰি ॥ সপ্তৰাৰ প্ৰদক্ষিণ কৈলা নৰেশ্বৰ। কাঞ্চন দক্ষিণা দিলা পূজাৰ অন্তৰ ৷৷ ৩৫০৬১ মছিদ্ৰ কৰিলা পাচে ধৰ্ম্ম নৃপবৰ । বেদ পঢ়ি আশীর্বাদ দিলা মুনিবৰ ॥ প্রতি জনে জনে বিদ্ৰে দিল। মাশীব্বান। পূৰ্ণাৰ সময় নানা কৈল৷ শুধুবাদ ॥ ৩৫০৬২ শঙ্খ শিঙ্গ। নাদ কৰে নাচে থানে থানে । বেশ্যাগণে নৃত্য কৰে বজ।ৱে ৰাজনে ॥ কৃষ্ণ আগে মন্ত্ৰণা কৰিলা নৃপবৰ। দৈৱজ্ঞ ব্রাহ্মণ যত আছিল অপাৰ ৷৷ ৩৫০৬৩ একজন প্রতি একো ৰত্নাসন দিল।। মণিমুক্ত৷ পোৱালে সবাকে সম্ভোষিলা ॥ এক গজ শত অশ্ব ৰথ একখান। সহস্রেক ধেনু বৎস সঙ্গে দিলা দান ॥ ৩৫.৬৪ ধ্বজ ছত্র অলঙ্কাৰ দিব্য মালা এক । একদ্বিজ প্রতি দিল৷ প্রত্যেক প্রত্যেক ॥ একদ্বিজ প্রতি ৰাজা এহিমতে দিলা। মধুৰে বচনে সবে সন্তোষ কৰিলা ॥ ৩৫০৬৫ এহিমতে দান দিয়া সন্তোষিত কৰি । ৰুক্মিণী সহিতে ৰাজা আছিলা শ্রীহৰি | গন্ধে পুষ্প নৈবেদ্যে পূজিলা নাৰায়ণ । নানা ৰত্ন দিলা ৰাজা অমুল্য ভূষণ ॥ ৩৫০৬৬ যজ্ঞ ফল উছৰ্গিয়৷ কৃষ্ণ আগে দিলা। কনক চম্পক মাল্যে অনেক পূঞ্জিলা ৷ ভীমে আসি সেৱিলন্ত কৃষ্ণৰ চৰণ । হয়ে। কুল মধ্যে প্রভু নেৰা নাৰায়ণ ॥ 35067 যোৰহাতে অৰ্জ্জুনে বুলিলা স্তুতি কৰি । তযু পদে ভক্তি মোৰ থাকোক শ্ৰীহৰি ॥ নকুলে বোলন্ত হৰি দায়াৰ ঠাকুৰ । তোমাৰ চৰণে ভক্তি হৌক দামোদৰ ৷৷ ৩৫০৬ সহদেৱে বোলে হৰি দেৱ দামোদৰ। জন্মে জন্মে নাৰায়ণ নছাৰিবা মোৰ প্রণাম কৰিয়া বোলে দেৱী যাজ্ঞসেনী । অবিৰত মই যেন দেখো চক্রপাণি ॥ ৩৫০৬৯