পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/১১৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অষ্টাদশ পৰ্ব অসমীয়া মহাভাৰত মঙ্গলাচৰণ পদ আশ্ৰমিক গল্প জয় জয় যদুপতি যাদৱ মাধৱ। জয়তি জগত গুৰু পাণ্ডৱ বান্ধৱ॥ যাৰ নাম গুণচয় পাপৰ দাহক। চৰণে শৰণ লৈলো ৰাখিব! আমাক॥ ১ তুমি সদানন্দ পিতা তুমিয়ে বিধাতা। তুমি মহামোক্ষ ৰূপ তুমি সুখদাতা॥ মহামোক্ষ পাৱে তযু সেৱাৰ প্ৰভাৱে। এতেকে ভব্জিলো মই পাপী তযু পাৱে॥ ২ নমো নমো কৃষ্ণদেৱ পুৰুষ উত্তম। সৰ্ব্বধৰ্ম্মশিৰোমণি ভুৱা গুণ নাম || মঙ্গলৰে| সুমঙ্গল চৰণ তোমাৰ। তযু পাৰে কৰো শত শত নমস্কাৰ॥ ৩ যুগে যুগে অৱতাৰ ধৰা তুমি হৰি। সন্তক পালন কৰা দুষ্টক সংহৰি॥ কৃষ্ণৰূপে গোকুলভ হুয়৷ অৱতাৰ। ব্ৰজ আৰে৷ বৃন্দাবনে কৰিলা বিহাৰ॥ ৪ সেৱকবৎসল তুমি সেৱাক বখানি। পাণ্ডৱ বান্ধব তৈলা অসহায় জানি দুৰ্ব্বাসা মুনিৰ কোপে কৰিলা ৰক্ষণ। দ্ৰৌপদী সতীৰ লাজ কৈল৷ নিবাৰণ॥ ৫ মোহ জলধিত তল গৈল৷ পাৰ্থ ৰথী। বেত্ৰহস্ত হুয়া তুমি পাৰ্থৰ সাৰথি॥ কৰ্ম্মজ্ঞান ভক্তিযোগে মহানৌকা দিলা। আপোন দয়ায়ে অৰ্জ্জুনক উদ্ধাৰিলা॥ ৬ দৰিদ্ৰ বিপ্ৰৰ সাধিলাহ৷ বহুমান। উদ্ধৱ বান্ধৱ বুলি দিলা ভক্তি জ্ঞান॥ এতেকতে পুনৰপি কৰো দণ্ডৱত। তযু কৃপ৷ অণুমাত্ৰ মিলোক আমাত॥ ৭ তোমাৰ কৃপাৰ পাত্ৰ যিটোজন হয়। বোবা হুয়া বহু কথ৷ স্বভাৱে কহয় # মহা মূৰ্খঞ্জন হোৱে বেদজ্ঞ পণ্ডিত পঙ্গু হয়৷ উলঙ্ঘয় উচ্ছিত পৰ্বৰত॥ ৮ ইহ পৰলোকে পাৱে মুকুতি অপাৰ। গো-খোজ সমানে তৰে দুস্ত্যজ সংসাৰ তোমাৰ কৃপাৰ প্ৰভু কি কৈবে| মহিমা। ব্ৰহ্মা হৰ আদি দেৱে নপাৱন্ত সীমা॥ ৯ নজানোহো স্তুতি নতি নজানো ভকতি। পশু-পক্ষী সুখলব্ধ আমি মন্দমতি নুবুজিলো মনুষ্য জন্মৰ কিবা হিত। পত্নী পুত্ৰ ধন লাগি দ্ৰৱ ভৈলা চিত॥ ২০