পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/১১৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

$65-8 হাম্ফ কৰি ৰুক্মিণীয়ে বুলিলন্ত বাক। আমি সমে চলা তোৰ! জল ভৰিবাক! সত্যভামা বোলে প্ৰভু শুনিয়ো বচন। মানী হয়৷ মান প্ৰভু এবা কি কাৰণ॥ ৩৫০৩৬ বেদত শুনিছো প্ৰভু পুৰুষ প্ৰধান। খ্ৰীসঙ্গে জল ভৰি পাব৷ অপমান! অপযশ ঘুষিবেক সকল সংসাৰে। পত্নীসঙ্গে জল ভৰে দেৱ দামোদবে॥ ৩৫০৩৭ অকীৰ্ত্তি বহিব লোকে আমি পাইবো লাজ। এহি বুদ্ধি কোনে কৈলা দেৱ দুৰাজ॥ ধিক ধিক বলবীৰ্য্য জীৱন যৌৱন 1 কাৰ কন্যা হুয়া জল ভৰিবো কেমন॥ ৩৫০৩৮ আৰো নাৰীগণে বোলে জল ভৰিবাৰে। লাজ দূৰ কৰি থৈয়৷ দেৱ দামোদবে॥ হাসিয়া বোলন্ত কৃষ্ণে শুনা সুবদনী। জ্ঞাতিৰধ ডৰে যজ্ঞ কৰে নৃপমণি॥ ৩৫০৩৯ পাণ্ডৱৰ হিত মই চিন্তে৷ সৰ্ব্বক্ষণ। মহাভাৰত পৰম বান্ধৱ মোৰ পাণ্ডুৰ নন্দন॥ মই তুষ্ট ভৈলো যজ্ঞ কৰে নৰপতি। তাত কেনে হেন বাক্য বোলা সত্যৱতী॥৩৫০৪০ সেৱক বৎসল তুমি কৰুণা শৰীৰ। পৰম বান্ধৱ মোৰ ৰাজা যুধিষ্ঠিৰ॥ সতী পতিব্ৰত! মোৰ সহস্ৰ সুন্দৰী। তোৰা সমে আনন্দে আনিবো জল ভবি॥৩৫০৪১ বেদত কহিছে সেহি জলে যজ্ঞ হয়। পতিব্ৰতা এত নাৰী কোথাত আছয়॥ সি কাৰণে জল ভৰিবাক মই যাওঁ। বাজাৰ সমান বন্ধু কৈত মই পাওঁ॥ ৩৫০৪২ বিলম্বত প্ৰয়োজন নাহিকে সুন্দৰী। যজ্ঞপূৰ্ণা দিবে লাগি জল আনো ভৰি। কৃষ্ণৰ বচন শুনি যতেক ৰমণী। হুৱৰ্ণৰ ঘট লৈলা আনিবাক পানী॥ ৩৫০৪৩ হেন দেখি এক ঘট লৈলা দামোদৰ। নাৰী সমে কৃষ্ণদেৰ চলিলা সত্বৰ॥ একনাৰা এক হৰি আগ পাচ হয়।। পৰম কৌতুকে চলে দিব্য ঘট লৈয়!। ৩৫০৪৪ পাটাম্বৰ পিন্ধি কেহো কহো নেতাঞ্চল। শুক্লবস্ত্ৰ পিন্ধি কেহো নামে গঙ্গাঞ্জল | মণিযুক্ত। হাৰ শোভি আছে তান গলে। স্নান কৰিবাক লাগি নামিলন্ত জলে # ৩৫০৪৫ একহৰি একনাৰী কৰে জলকেলি। কৃষ্ণ সমে অন্যো অন্যে কৰে জলাঞ্জলি | জল লৈয়া ক্ৰীড়া কৰে দেৱ নাৰায়ণ। সহস্ৰ সুন্দৰী সমে আনন্দিত মন॥ ৩৫০৪৬ আনন্দে কৰয় কৃষ্ণে জলত বিহাৰ। প্ৰফুল্ল কমল যেন জলত অপাৰ॥ ক্ৰীড়া কৌতূহল কবি ফুৰে জল লৈয়া। একগতি একনাৰী পদগতি হৈয়া॥ ৩৫০৪৭ চতুৰ্ভিতি আশ্চৰ্য দেখন্তে সৰ্ব্বজন। ত্ৰিভুৱনপতি জল আনে পত্নী সম॥ চক্ষুভৰি চাহে সবে অসংখ্যাত হৰি। যতনাৰী ততহৰি আনে জল ভৰি॥ ৩৫০৪৮ আব কতোজনে বোলে দেখিয়ো কৌতুক। বসি আছে কৃষ্ণ জানা ৰাজাৰ সমুখ॥ আৰে৷ কতোজনে বোলে দেখিয়ো বিশেষ। মুনিগণ মধ্যে বসি আছে হৃষীকেশ॥ ৩৫০৪৯ মায়াৰূপ কৃষ্ণদেৰ গুণে নাহি সীমা। আশ্চৰ্য্য দেখিয়া সবে হাসে সৰ্ববজনা॥ বিস্ময় দেখিয়া সবে চাহে একমনে। ভুৱন মোহন মায়। কেহোৱে নজানে। ৩৫০৫০ নৃত্যগীত আনন্দে আনিলা জলভৰি। যজ্ঞ স্থানে জল ভৰি আনিলা শ্ৰীহৰি! যুধিষ্ঠিৰ বিদ্যমানে বোলে নাৰায়ণ। ব্যাস আদি মুনিগণ আনিয়ো এখন॥ ৩৫০৫১ কৃষ্ণৰ বচনে ৰাজ৷ শুনিক অনাইলা। ব্যাসক সম্বুধি কৰি তেখনে বুলিলা॥ কোন জনে কোন কৰ্ম্ম কৰিব এখন। ব্যাসে বোলে অশ্ব স্নান কৰিয়ে৷ ৰাজন॥৩৫০৫২