পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/১১৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অশ্বমেধ পৰ্ব বেদবিধি দান কৰে ধৰ্ম্মৰ নন্দন। মুনিগণ তুধিলেক দিয়া বহু ধন॥ যজ্ঞৰ পূৰ্ণাত দ্ৰব্য লাগে কোন কোন। নৃপতিৰ আগে কহে কৰিয়া যতন॥ ৩৫০১৯ বেদৰ বিধাতা তুমি ত্ৰিজগত গুৰু। কি কৰিবে৷ সত্তানে থাকস্তে কল্পতঙ্ক॥ তুমি বিদ্যমানে মই কি কৰিতে পাৰি। কি কাৰণে আমাত পুছাহা অধিকাৰী॥৩৫০২০ যতেক আনিবে বোলা শুনাহা শ্ৰীহৰি। পতিব্ৰত৷ নাবী আনা সহস্ৰ সুন্দৰী॥ হুৱৰ্ণৰ ঘটে জল লাগে আনিবাক। যজ্ঞ পূৰ্ণা দিবে বোলে ভৈলা অভিষেক॥ ৩৫০২১ পতিব্ৰত৷ নাৰী স্বামী সঙ্গে ঘট লই। তীৰ্থজল আনিবাক হুচক্ষিতা হই॥ সেহি জলে যজ্ঞঘোৰা কৰাইবেক স্নান। গন্ধ পুষ্প দিয়৷ তাকে পূঞ্জে বিদ্যমান॥ ৩৫০২২ সহস্ৰেক দ্বিজৰৰ পূজায়ে ধৰিয়া। সুৱৰ্ণ ৰজতে তাক সন্তোষ কৰিয়!॥ শুভক্ষণে ঘোটক ছেদিবা নৰপতি। তাৰ ৰক্ত লৈবা হুৱৰ্ণৰ থালি পাতি॥ ৩৫০২৩ কুণ্ড মধ্যে হুনিবাহ৷ যতেক মুনিগণে। তাৰ মাংস খণ্ড খণ্ড কৰিব৷ যতনে। ঘৃত দিয়া কুণ্ডে মাংস হুনিবা শ্ৰীহৰি। দেৱপতি মুনিগণে শুভ যজ্ঞ কৰি॥ ৩৫০২৪ অস্থি মাংস যদি তাৰ ভৈল অৱশেষ। তেবে যজ্ঞ পূৰ্ণ৷ দিব৷ শুনা হৃষীকেশ॥ যন্ত্ৰ নাম লৈয়া অগ্নি পূজিবা বিধানে। ভ্ৰুক্ ভ্ৰুৱ ফল পুষ্প লৈবাহ৷ যতনে॥ ৩5025 অষ্টমন্ত্ৰ জপি পূৰ্ণা দিব বিপ্ৰগণে। বেদৰ বিহিত এই শুনা জনাৰ্দ্দনে॥ মন্ত্ৰ পঢ়ি হন্তত পুষ্পক লৈব তুলি। মনৰ ৰাঞ্চিত যত সিদ্ধি হৈব বুলি॥ ৩৫০২৬ দধি মধু দিবা ভেবে অগ্নিৰ উপৰে। দক্ষিণা নিবাহা প্ৰভু তাহাৰ অন্তৰে। Sete তুষ্ট হুয়া দ্বিজে কৰিবেক আশীৰ্বাদ। বেদধ্বনি কৰিবন্ত হৈবেক সাহলাদ॥ ৩৫০২৭ কহিলো সকলে প্ৰভু তোমাৰ গোচৰ। এহিমতে যজ্ঞ পূৰ্ণা দিবা দামোদৰ ব্যাসৰ বচনে হৰি ধৰ্ম্ম ৰাজাগণে। মন্ত্ৰণা কৰিয়া বোলে সহোদ্ৰ সমে৷ ৩৫০২৮ যুধিষ্ঠিৰ বিদ্যমানে কহিলা শ্ৰীহবি। পতিব্ৰতা নাৰী আনা সহস্ৰ সুন্দৰী॥ পূৰ্ণাৰ যতেক দ্ৰব্য আনিয়ো সত্বৰ। কালি যজ্ঞ পূৰ্ণা দিবা শুনা নৃপবৰ॥ ৩৫০২৯ যুধিষ্ঠিৰে বোলে প্ৰভু শুনা জগন্নাথ। পতিব্ৰতা এত নাৰী পাইবোহো কোথাত॥ যদি অনুগ্ৰহ দেৱ থাকয় তোমাৰ। জলৰ উপায় কাৰ্য্য কৰা দামোদৰ॥ ৩৫০৩ তঘু পদ পৰে গতি নাহি নাৰায়ণ। আপুনি উপায় চিন্ত৷ জলৰ কাৰণ॥ ৰাজাৰ বচনে হাসি বোলে নাৰায়ণ। জল আনিবাক আসিয়োক নাৰীগণ॥ ৩৫০৩১ পূৰ্ণাৰ যতেক দ্ৰব্য আনিবে৷ আপুনে। কিবা প্ৰয়োজন ৰাজা চিন্তা কৰ৷ মনে এহি বুলি নাৰায়ণ উঠিলা সম্বৰে। ৰাজাক লগত লৈয়া গৈলা যজ্ঞঘৰে॥ ৩৫০৩২ যজ্ঞগৃহে গৈয়া যত দ্ৰব্য থৈল৷ আনি। পূৰ্ণা দিবে অধিবাস কৰিলন্ত মুনি॥ শাস্ত্ৰৰ বিধানে যত অধিবাস কৈল। নৃত্যগীত কৰি সেহি ৰজনী বঞ্চিল॥ ৩৫০৩৩ ৰজনী প্ৰভাত ভৈল উদিত ভাস্কৰ। কৃষ্ণ আগে কহিলেক সৰে নৃপবৰ॥ আপুনি ভৈলাহা কৰ্ত্তা কৰা কোন কাজ। তোমাৰ প্ৰসাদে যেন নাহিকয় লাজ॥ ৩৫০৩৪ ৰাজাৰ বচনে হালি বুলিল৷ শ্ৰীহৰি। কক্মিণী সহিতে আসা সহস্ৰ সুন্দৰী॥ কৰযোৰে নাৰীগণে বুলিলা বচন। কোন কৰ্ম্মে আজ্ঞা কৰা কহিয়ো এখন॥৩৫০৩৫