পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/১০১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিৰাট পৰ্ব্ব ১৩৫৯

বিকৰ্ণক কাটিয়া কৰ্ণক খেদি ৰণে।

সবে ৰণ ভঙ্গে পলাইলেক কুৰ্গণে॥

হেন শুনি ৰাজা কুমাৰৰ মুখ চাই।

পাণ্ডৱক পূজিবাক আমাৰ যুৱাই।। ২০০৪৪

মোকো সুশৰ্ম্মায়ে জিনি নেই বন্দী কৰি।

তৈতো ভীমসেনে মোক আনিল উদ্ধাৰি॥

তোমাকো অৰ্জ্জুনে কৰিলেক পৰিত্ৰাণ।

পাৱ পখালোহো ভৃঙ্গাৰত জল আন।। ২০০৪৫

অনুৰূপে পাঞ্চকো কৰিবো সতকাৰ।

অৰ্জ্জুনক বিহা দিবো কুমাৰী আমাৰ।

হেন বুলি ৰাজা যেৱে পুচে উত্তৰত।

কুমাৰে বোলয় কিবা সোধাহা আমাত॥ ২০০৪৬

কুমাৰৰ বচনে হৰিষ ভৈল মন। কৰযোৰে সন্নিত চাপিল সেহিক্ষণ॥ সবাকো প্ৰণামি ৰাজ৷ মধুৰ বচনে। অনেক মিনতি বোলে সঙ্কুচিত মনে।। ২০০৪৭ গজ বাজী ৰথ মোৰ দাস দাসী ধন। দণ্ড পাট সিংহাসন যত পৰিজন॥ পৰিহৰা দোষ ভৈলো চৰণৰ দাস। অনেক প্ৰকাৰে ৰাজা মাতৈ লাসেলাস॥২০০৪৮ নিচিনিলো বাপ আছিলাহা মোৰ ঠাৱ। নাজানি সে মই কৰিলোহো এন ভাৱ। অজ্ঞান ভাৱত মই কৈলো যত দোষ। সবে ক্ষেম! কৰি হুয়ো ভৃত্যত সন্তোষ।। ২০০৪৯ আগবাঢ়ি বিৰাটে জুৰিল দুই কৰ। আখাৰেক বিনাইতে মোহোৰ লাগে ডৰ। যদি তুষ্ট হোৱা কোপ নাহিকে তোমাৰ। অৰ্জ্জুনত বিহা দেওঁ কুমাৰী আমাৰ। ২০০৫০ তাহাঙ্ক সদৃশ ধনঞ্জয় হোন্ত বৰ। সম্বন্ধ কৰিয়ে৷ যেৱে হোৱে ৰুচিকৰ॥ অৰ্জ্জুনক চাহিলন্ত পাণ্ডুম তনয়। তেহে বুঞ্জিলন্ত মন ধৰ্ম্মৰ আশয়। ২০০৫১ অৰ্জ্জুনে বোলম্ভ শুনিয়োক সংঘৰায়। তোমাৰ কুমাৰী মোৰ পুত্ৰ যুৱাই। ১৩৫৯ মৎস্যে বোলে জীয়া মোৰ সৰ্ব্ব সুলক্ষণে। আপুনি বিবাহ নকৰিয়ে৷ কি কাৰণে॥ ২০০৫২ কিবা দোষাদোষ মোত কহিয়ো আন্নয়। মৎস্যৰ শুনিয়া বাক্য বোলে ধনঞ্জয়॥ নিত্য কৌতূহল শিখাইলোহো তান ঠাৱে। তাহাত আমাৰ আছিলেক ভিন্ন ভাৱে॥ 20053 আমাক কুমাৰী আৰাধিল পিতৃৱতে। তাঙ্ক আমি গ্ৰহণ কৰিবো কেনমতে॥ বৰিষেক দুহান্তে আছিলো একথানে। শুনি শঙ্ক৷ কৰিবেক সকল সজ্জনে। ২০০৫৪ অৰ্জ্জুনে বোলন্ত শুনিয়োক মৎস্যৰায়। তোমাৰ আমাৰ যেৱে সম্বন্ধ যুৱাই॥ ৰূপে গুণে বয়সে পুত্ৰটি মোৰ সৰি। সম্বন্ধ কৰিয়া যেৱে দিয়ো বধূ কৰি॥ ২০০৫৫ দ্বাৰকাৰ অধিপতি দেৱ দামোদৰ। তাহান ভাগিন অতিৰথী ধনুৰ্দ্ধৰ। শুভদ্ৰাৰ গৰ্ভে আসি ভৈলা অৱতাৰ। সুৰাহুৰ নৰে যাৰ নসহে প্ৰহাৰ॥ ২০০৫৬ হুন্দৰ যুৱত আতিশয়ে শুভ নয়। সাক্ষাতে দেখিয় পুৰন্দৰৰ আম্বয়॥ শ্ৰীকৃষ্ণৰ ভাগিন শুভদ্ৰ৷ যাৰ মাতা। বিৰাটেয়ে! বঙ্গ ভৈলা শুনি এহি কথা॥ ২০০৫৭ বিৰাটে বোলস্ত শুনিয়োক ধনঞ্জয়। জন অপবাদ যাহাৰ থাকে ভয়॥ দশোদিশে প্ৰকাশে যাহাৰ যশৰাশি। হেয় পাগুৱে কাল ক্ষেপিলস্ত আসি॥ ২০০৫৮ তিনিয়ো ভুৱনে মোৰ কাকো নাই ভয়। যাহাৰ সহায় কুম্ভীহুত খনঞ্জয়॥ বিৰাটৰ প্ৰিয় হেন মধুৰ বচনে। শুনি যুধিষ্ঠিৰৰ হৰিষ ভৈলা মনে॥ ২০০৫৯ অৰ্জ্জুনক চাহিলন্ত কুন্তী প্ৰিয় হুত। কৰিয়ে৷ সম্বন্ধ মাধৱক যায়োক দ্ৰুত॥ দ্বাৰকাক যুধিষ্ঠিৰে পঠাইলন্ত দূত। কহিল সমস্ত কথা কৃষ্ণত প্ৰস্তুত। ২০০৬০