সমললৈ যাওক

পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/১০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মহাভাৰত ১৩৫৮ মৎস্যে বোলে সিটো কোন দেৱৰ নন্দন। দেখো হস্তে কৰো তাৰ চৰণে বন্দন॥ কোন দেৱে পুত্ৰক কৰিলে পৰিত্ৰাণ। ৰণত কৰিল সবে ৰিপুৰ নিৰ্য্যাণ। ২০০২৭ পাল বাহুৰাইল আমালাৰ মান্য ৰাখি। তাঙ্ক বহু মান্য কৰি পূঞ্জো যদি দেখি॥ কুমাৰে বোলন্ত পিতৃ আছে অন্তৰ্দ্ধানে। দিন৷ কতিপয়ত দেখিবা বিদ্যমানে॥ ২০০২৮ পিতা পুত্ৰে কথা কৈল| অন্যা অনিদ্য বাণী। অবিদিতে পাণ্ডৱৰ গৈলা দিন তিনি। শুভ দিবসত ভৈলা পাণ্ডৱ বিদিত। শুকলা বসন পিন্ধি যাক যে উচিত। ২০০২৯ অলঙ্কৃতা দ্ৰৌপদীয়ে৷ বিচিত্ৰ বসনে। যুধিষ্ঠিৰ বসিলা মৎস্যৰ সিংহাসনে। পাঞ্চেয়ো পিন্ধিলা বাছি চিত্ৰ অলঙ্কাৰ। ক্ৰিীটি কুণ্ডল কণ্ঠ বন্ধ টাৰ হাৰ॥ ২০০৩০ অঙ্গুষ্ঠি কুণ্ডল হাৰাভৰণ কেয়ূৰ। পিন্ধিলে দীপিতি যেন প্ৰভাত সূৰ্য্যৰ॥ দেৱগণ সহিতে যেহেন পুৰন্দৰ। তাৰাগণ সহিত যেহেন শশধৰ। ২০০৩১ ভ্ৰাতৃগণ সহিতে জ্বলয় যুধিষ্ঠিৰ। বসিয়া আছন্ত ধনু ধৰি মহাবীৰ॥ অভ্যন্তৰ হস্তে মৎস্যৰাজা ভৈলা আসি। দেখৈ সিংহাসনত যে কঙ্ক আছে বসি॥ ২০০৩২ মনে মনে বোলে ব্ৰাহ্মণৰ লঘু মান। বিমৰিষি ক্ষণেকে দিলেক সমিধান॥ তোসবাৰ কঙ্ক মই নেদেখো বিশেষ। সামাজিক হুয়৷ কেনে ধৰা ৰাজবেশ॥ ২০০৩৩ অৰ্জ্জুনে বেলিন্ত নকৰিবা অসন্তোষ। এন্তে বসিলাত ৰাজা আত কিবা দোষ॥ তব আসনত বসিবাৰ অনুচিত। ইহাঙ্ক হোৱন্ত ইন্দ্ৰ আসনে উচিত। ২০০৩৪ নতু জানা নৃপতি ইহান যত গুণ। অৰ্জ্জনে বোলা মৎস্যৰাজা তুমি শুন। ধৰ্ম্ম যুধিষ্ঠিৰ ৰাজা সুশীল লুন্দৰ। ভ্ৰাতৃগণ সমৈ যাক নাহি পটন্তৰ॥ ২০০৩৫ দানে বলি সমান কৰ্ণৰ সম দাতা। তপোবলে ঋষি সম কি কহিবে৷ কথা॥ লক্ষেক নৃপতি সেৱা কৰিল যাহাত। সহস্ৰ সংখ্যাত ৰথ যাহাৰ লগত॥ ২০০৩৬ সুবৰ্ণ-সজ্জিত অযুতেক মত নাগে। বিংশতি সহস্ৰ যাৰ ঘোৰা চলে আগে॥ ৰথৰ সাৰথি চলে হাজাৰ আঠ শত। কীৰ্ত্তিতে বিদিত ৰাজা তিনি ভুৱনত। ২০০৩৭ পাণ্ডুপুত্ৰ পৰম ধাৰ্ম্মিক যুধিষ্ঠিৰ। এহেস্তেসে বলতো জানিবা মহাবীৰ। ইন্দ্ৰপ্ৰন্থে ৰাজা হুয়৷ পালে প্ৰজাগণ। পুত্ৰৱত শাসনত সুখী সৰ্ব্বজন॥ ২০০৩৮ হাজাৰ অশীতি সংখ্যা নিত্য ভুঞ্জে দ্বিজ। স্থৱৰ্ণ পাত্ৰত সদা ত্ৰিংশত দাসী নিজ॥ হেন শুনি মৎস্যৰাঞ্জা বৰ ভৈলা ভয়। এহে যুধিষ্ঠিৰ ৰাজা পাণ্ডুৰ তনয়। ২০০৩৯ ইহান সোদৰ নিৰন্তৰে ধনুৰ্দ্ধৰ। অৰ্জ্জুন কোথাক গৈল ভীম বীৰবৰ॥ নকুল সহদেৱ মহা পৰাক্ৰমশীল। লক্ষ্মীৰূপা পাঞ্চালী যেৱে কোথা গৈল॥ ২০০৪ অৰ্জ্জুনে বোলম্ভ যেৱা তব হুপকাৰ। তেহে ভীমসেন কীচকৰ ক্ষয়ঙ্কাৰ॥ দ্ৰৌপদী সৈৰিঞ্জী বৃহন্নলা ধনঞ্জয়। গৰুপাল অশ্ববন্ধ মাত্ৰীৰ ভনয়॥ ২০০৪১ দ্বাদশ বৰিষ বনে ৰাজ্যত নৈৰাশে। তযু ৰাজ্যে বৰিষেক আছো অজ্ঞবাসে। তোমাৰ প্ৰসাদে সুখে বঞ্চিলো সময়। হেন শুনি মৎস্যে ভৈল বিস্মিত হুদৰ। ২০০৪২ কুমাৰে বোলয় এহে বাহুৰালে পাল। তান শঙ্খৰাৱে মই ভৈলো লালকাল॥ এভো চিকিমিকি কৰে মোৰ দুই আখি। তব্ধ ভৈলো যুজত শৰৰ বৃষ্টি দেখি। ২০-৪০