সত্বৰে আসোক যত আছে মোৰ ঘৰে।
দুতেয়ো জঁনাইলে সবে মন্দিৰে মন্দিৰে॥
সুৰসেন কাশীৰাজ নৃপতি দুতয়।
যুধিষ্ঠিৰ ৰাজাৰো প্ৰাণৰ আতিশয়॥ ২০০৬১
সেহি দুই ৰাজা লৰি গৈলা প্ৰথমতে।
দুই অক্ষৌহিণী সেনা লৰিল তুলতে॥
দ্ৰুপদ নৃপতি পাঞ্চালক নাম জানি।
তান তুলে লৰি গৈলা এক অক্ষৌহিণী॥৷ ২০০৬২
দ্ৰুপদৰ পুত্ৰ আইলা এক শত চাৰি।
তাহাৰ বলক সুৰাসুৰেয়ো নোৱাৰি॥
ধৃষ্টদ্যুম্ন দুৰ্ব্ববিশ অনিৰ্ব্বাৰ ৰণে।
সমৰে সমুখ নাহিবন্ত গুৰু দ্ৰোণে॥ ২০০৬৩
শিখন্দী অপৰাজিত সমস্তে পাঞ্চাল।
মহাগুণে গুণৱন্ত সমস্তে ভুপাল॥
আৰো আনো যত ৰাজা বংশত প্ৰচুৰ।
অভিমন্যু সহিতে যে আসিল অক্ৰূৰ॥ ২০০৬৪
বীৰকেশী চেকিতান সমে মহাধৃতি।
সবে চলি আসিলাহা বিৰাটৰ ভীতি॥
নাৰায়ণ সমে মত বৃষ্ণি ভোজৰাজে।
সবে চলি গৈলা অৰ্জ্জুনৰ প্ৰিয় কাৰ্য্যে॥ ২০০৬৫
অনেক নৃপতিগণ ভৈল একথান।
বিৰাট নগৰী ভৈলা অম্ৰাৱতী মান॥
নট ভাট অনেকে বাহাৱে কতো শঙ্খ।
চিহ্ন ছত্ৰদণ্ড আনো তুৰঙ্গ মাতঙ্গ॥ ২০০৬৬
আনো বাদ্যভণ্ড কৌতুহল নৃত্য-গীত।
বিৰাট নগৰে ভৈলা আতি বিপৰীত॥
সাৰাৎসাৰ ময়মত্ত সহস্ৰেক নাগ।
দশাযুত তৰুণ ঘোটক চলে আগ॥ ২০০৬৭
তিনি খৰ্ব্ব পদাতি যে অযুতেক ৰথ।
চতুৰঙ্গ দলে আইল যাহাব লগত॥
হেন দেখি বিৰাটে হৰিষ ভৈল মনে॥
মোৰ ঠাৱে মাজি আসিলন্ত ৰাজাগণে॥ ২০০৬৮
আপুনি গোবিন্দ আসিলন্ত মোৰ ঠাই৷
বিৰাটে কৰিল ৰঙ্গ আনন্দ বঢ়াই॥
|
আচমনি আসনক মধুপৰ্ক দিল।
সবাহাঙ্কে বিভাগি বিচিত্ৰ বাসে থৈল॥ ২০০৬৯
দুৰস পায়স অন্ন দিলা মধুপানে।
সবাহাঙ্কে বিৰাটে তুষিলা ভিনে ভিনে॥
সুভদ্ৰা আসিলা পুত্ৰ বিবাহক প্ৰতি।
তান তুলে আইলা দশ সহস্ৰ যুৱতী॥ ২০০৭০
শৰীৰত অলঙ্কাৰে শোভে নাৰীগণে।
আঙ্গুষ্ঠি কুণ্ডল হাৰ বিচিত্ৰ বসনে॥
হৰিষ বদনে এহিমতে বহুদিনে।
সবাকে বিৰাটে তুধিলন্ত ভিনে ভিনে॥ ২০০৭১
কথামাতে ৰাজা কতোদিন আছিলন্ত।
কৃষ্ণে পাণ্ডৱক সতকাৰ কৰিলন্ত।
আঙ্গুষ্ঠি বাহুৰি আভৰণ কণ্ঠহাৰ।
সুৱৰ্ণৰ মণিময় হাৰ মুকুতাৰ॥ ২০০৭২
হেন অলঙ্কাৰে সবে কৰি গাৱ সাজ।
পিন্ধিলে দীপিতি কৰে প্ৰভাতৰ সূৰ্য্য॥
গুভলগ্ৰে দিলা জোৰা বান্ধিয়া দৈৱজ্ঞ।
মৎস্যৰ নগৰে মিলি গৈল মহাযজ্ঞ॥ ২০০৭৩
সুগন্ধ চন্দনে অধিবাস দুই ঠাৱ।
কন্যাগণে কৰিলেক উৰুলি আৰাৱ॥
আসন বসন মধুপৰ্ক দান ভৈলা।
সবাহাঙ্কে নিয়া যে বিচিত্ৰ থানে থৈলা॥ ২০০৭৪
কুমাৰীক সাজি পাৰি নিল মৎস্যৰায়।
বিনয়ে বুলিলা কৰা যেহেন যুৱায়॥
কুমাৰীক প্ৰদক্ষিণ কৰাই বাৰেবাৰ।
মুখচন্দ্ৰি কৰাইয়া ফুৰাইলা সাতবাৰ॥ ২০০৭৫
মৎস্যে অলঙ্কাৰ নিয়া উত্তৰে ধৰিল।
অভিমন্যু বীৰে তাক হাততে বৰিল॥
কুমৰো কৰিলা যত বিস্তাৰ আচাৰ।
স্বৰ্গতো নাহিকে হেন দিলা অলঙ্কাৰ॥ ২০০৭৬
কৰ্ণক লাগিয়া দিলা ৰত্নৰ কুণ্ডল।
দীপ্তি জ্যৌতি জ্বলে যেন সূৰ্য্যৰ মণ্ডল॥
হীৰ্ম্মাণি মাণিক্যে নিৰ্ম্মিলন্ত অষ্ট নিধি।
শিখত ত্ৰিশিখ চড়াইলন্ত যেন বিধি॥ ২০০৭৭
|