কঙ্কত কাতৰ ৰাজা কৰিলা জুনাই।
কঙ্কে বোলে তোমাসাৰ কিছো দোষ নাই॥
পূৰ্ব্বতে তোমাৰ ক্ষেমিলোহো অপৰাধ।
গাঁৱ চালা সত্বৰে শোণিত কৰা বাজ॥ ২০০১০
মোহোৰ শোণিত পৰে যি ৰাজ্যে ভূমিত।
অবিলম্বে সিটো জানা ৰাজা হুই হত॥
মুখ পথালিল যেন নেদেখি ৰুধিৰ।
এতহন্তে আসিলা অৰ্জ্জুন মহাবীৰ॥ ২০০১১
অৰ্জ্জুনো মাতন্ত যুধিষ্ঠিৰক প্ৰণামি।
কৌৰৱ ৰাজাৰ বস্ত্ৰ দিলো আনি আমি॥
কৰিলো আৰতি যে তোমাৰ কৈলো বাক।
হেন বুলি বস্ত্ৰ আনি দিলা উত্তৰাক॥ ২০০১২
বস্ত্ৰ পাই কন্যাৰ যে উল্লসিল মন।
আমাৰ ৰাজ্যত নাই হেনয় বসন॥
এহি বুলি মনৰঙ্গে নাচয় সুন্দৰী।
কন্যাগণে বস্ত্ৰক লৈলন্ত ভাগ কৰি॥ ২০০১৩
স্ত্ৰীভাগ্যেতে কতো এক বটিকা লৱৰি।
বিষম শিৱলে দেখি কতো একে নাৰী॥
কতো শুক্ল বসন কতোহো নেতবন্ধ
যাক পিন্ধিবাক দেৱলোকৰো প্ৰবন্ধ। ২০০১৪
কতো নেত খৰ্ব্ব কতো নীল পাতঞ্জল।
নিখিল আশ্ৰয় ৰামায়ণৰ সঞ্চল॥
মহাঋষিগণ সমে আছন্ত ধিয়ানে।
কৌৰৱ পাণ্ডৱ লিখি আছে বিদ্যমানে। ২০০১৫
লঙ্কাখান লিখিলেক যেন যেন কাৰ্য্য।
সুৱৰ্ণৰ পুৰী লঙ্কা সাগৰৰ মাজ॥
সেতু বান্ধি ৰাম যে সসৈন্যে ভৈলা পাৰ।
দুৰ্জ্জয় ৰাৱণে যেন কৰিলন্ত ধাৰ। ২০০১৬
ৰাম আৰ লক্ষ্মণ অপৰ হুনুমান।
সুগ্ৰীৰ অঙ্গদ লিখি আছে বিমান॥
নীলক লিখিয়া আছে অগনিৰ সুত।
যাহাৰ কাহিনী শুনন্তেও অদভুত॥ ২০০১৭
ৰাৱণক লিখি আছে দশগোটা শিষ।
নীলবৰ্ণ গাৱ পুলন্তৰ মহাবীৰ॥
|
তান এক পাশে মন্দোদৰী বসি আছে।
ধৌলিৱৰ গৃহক লিখিল তাৰ পাচে॥ ২০০১৮
দশ শিৰ কুৰি বাহু কুৰিগোটা আখি।
থানে থানে তাহাৰ সুৱৰ্ণময় দেখি॥
কুৰি কৰ্ণে তাৰ দিব্য জ্বলয় কুণ্ডল।
প্ৰত্যক্ষে দেখিয়া যেন ৰবিৰ মণ্ডল॥ ২০০১৯
সাৰ্থক ৰাৱণ ৰাজা বিশ্বশ্ৰবা সুত।
যাহাৰ কাহিনী শুনন্তেও আদভুত॥
প্ৰভাৱতী হৰণক লিখিল তাহাতে।
বজ্ৰনাভ বধ ভৈল কামদেৱ হাতে॥ ২০০২০
গোপীগণ সহিত নন্দৰ সুত কাণে।
গন্ধৰ্ব্ব দেৱতাগণ লিখি আছে থানে॥
পৰ্ব্বত লিখিল নদী নদ সৰোবৰ।
চৰাই চকোৱা ৰাজহংস যোৰেযোৰ॥ ২০০২১
স্বৰ্গ মৰ্ত্ত্য পাতাল যতেক কুতূহল।
বিশ্বকৰ্মা সমে তাক লিখিল সকল॥
বাসুকিক লিখিলন্ত সহস্ৰেক ফণ।
ইন্দ্ৰ আদি কৰিয়া সমস্ত দেৱগণ॥ ২০০২২
ত্ৰিদশ দেৱক ভিতৰত পূজিছয়।
সচকিত মৎস্য কৌৰৱক খুজি পাই॥
মৎস্যে বোলৈ জীউ দেখা কেমন বসন।
দীপ্তি জ্যোতি জ্বলে যেন তাৰা অগণন॥ ২০০২৩
কঙ্কৰ বচন এৱে জানিলোহো সাৰ।
বৃহন্নলা নোহয় মুনিষ আচ্ছোৱাৰ॥
মৎস্যে বোলে শুন পুত্ৰ দিব্য ধনুৰ্দ্ধৰ।
কৰ্ণ কৃপ ভীষ্মক নাহিকে পটন্তৰ॥ ২০০২৪
দ্ৰোণ অশ্বত্থামা দুৰ্য্যোধন কুৰুৰায়।
তাসম্বাক জিনিলাহা কমন উপায়॥
আমি মুবুজিলোহো কুমাৰে বোলে বাণী।
দেৱপুত্ৰে আমাক দিলন্ত বণ জিনি॥ ২০০২৫
কৌৰৱক জিনি পাল আনি দিলে মোকে।
দুনাই অবিদিত ভৈল নিচিনয় লোকে॥
সংগ্ৰাম-ভূমিত যত তৈল কুতূহল।
পিতৃৰ আগত কথা কহিল সকল॥ ২০০২৬
|