পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ওপৰ
ওলোটা
৩১


নাইকিয়া হয়। এতেকে, যি কোনো মানুহে কোনো কাৰ্য্যত পৈণত সেই কাৰ্যতে সেই মানুহে ঘাটি খোৱা, to be worsted in a field which is specially one's own.

ওপৰ-চকুৱা মানুহ—বিং , ওপৰলৈ চকু কৰি ফুৰিলে হূল-জোঙ্গে ফুটিবৰ আশঙ্কা। থাকে। এতেকে,— গমা-গপা নকৰা লোক, তললৈ নমনা মানুহ, অসাৱধান বা বে-হিচাবী মানুহ, a superficial, indiscriminate, or careless person.

ওপৰ-পেটত খোৱা—ক্ৰি, পেট- পেটৰ আহাৰ॥. আহাৰৰ ওপৰত, অৰ্থাৎ আহাৰৰ পূৰ্ব্বে খোৱা, to eat before meal.

ওপৰ-হাত—-বিণ, যুঁজত হাত ওপৰ হৈ থাকিলে তাক চলাব পৰা যায়। এতেকে, – আনতকৈ শ্ৰেষ্ঠ superior.

ওফন্দি গঙ্গাটোপ হোৱা— ক্ৰি, গঙ্গাটোপ মাছ ওফন্দি ওখ হৈ থাকে, কিন্তু সি আহাৰৰ নিমিত্তে অযোগ্য। এতেকে,--অযোগ্য মানুহে নিজে ডাঙ্গৰ বুলি ভেম পাতি থকা, to be puffed up with vanity.

ওফোন্দা ভেম—বিং, কোনো বস্তু ওফন্দিলে ডাঙ্গৰ বুজায়। এতেকে,—ডাঙ্গৰ ভেম, great vanity.

ওভোতাই মোট ছেলোৱা—ক্ৰি, আহোম-ৰজাৰ দিনত গুৰুতৰ অপৰাধ কৰিলে ওভোতাই গাৰ মোট ছেলোৱা হৈছিল। এতেকে,—উগ্ৰ শাস্তি দিয়া, to punish severely.

ওৰা পতা—ক্ৰি, কাছ-আদি কোনো কোনো প্ৰাণীয়ে লেথেৰি পাতি কণী পাৰে। তাকে ‘ওৰা পতা’ বোলে। এতেকে,—সন্তান প্ৰসৱৰ নিমিত্তে আৰম্ভ কৰা, অৰ্থাৎ ভবিষ্যতে বহু সন্তান-জন্মৰ পূৰ্ব্ব-লক্ষণ-স্বৰূপে প্ৰথম সন্তান প্ৰসৱ কৰা, (তিৰোতাত খাটে। ) to be delivered of a child heralding the birth of a number of children in future years.

ওলোটা বেদ—-বিং, হিন্দুৰ ক্ৰিয়া কাণ্ড বেদৰ বিধি অনুযায়ী কৰা হয়। এতেকে,—

বিপৰীত নিয়ম বা প্ৰণালী, an unusual rule or procedure.

⸺⸻