পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ওঁঠ
ওজাৰ
৩০


ও।


ওঁঠ-চেপিলে পিয়াহ ওলোৱা - বিণ, কেঁচুৱা লৰাই ওঁঠৰ দ্বাৰা পিয়াহ চুপি খায়। এই স্থলত লৰাটো ইমান সৰু বুলি কোৱা হৈছে যে তাৰ ওঁঠ চেপিলে এতিয়াও পিয়াহ ওলায় অৰ্থাৎ সি মাকৰ পিয়াহ খাবলৈ এৰা বহু দিন হোৱা নাই। এতেকে,—সৰু, (লৰাত খাটে। ) infant.

ওঁঠ চেলেকা—-ক্ৰি, কোনো বস্তু খাবৰ নিমিত্তে বৰকৈ লোভ লাগিলে ওঁঠৰ পানী ওলায়। যদি খাবলৈ পোৱা নাযায় তেনেহলে ওঁঠটো জিভাৰে চেলেকি পানীখিনি গুচাই পেলোৱা হয়। এতেকে, —বৰকৈ লোভ কৰি খাবলৈ নাপাই নিৰাশ হোৱা। তাৰপৰা, যেই সেই কোনো কাৰ্য্যত নিৰাশ হোৱা, to be disappointed.

ওঁঠৰ পানী পৰা—ক্ৰি, কোনো বস্তু খাবৰ নিমিত্তে বৰকৈ লোভ লাগিলে ওঁঠৰ- পৰা পানী পৰে। এতেকে, —বৰকৈ লোভ লগা, to be strongly tempted to eat or drink.

ওঁঠাৰখন মুখেৰে কোৱা – ক্ৰি, বহু বাৰ সলাই কথা কোৱা, to make varying statements.

ওঁঠাৰটা নাম দিয়া—ক্ৰি, [ওঁঠাৰটা বেয়া নাম দিয়া ] যি যেনেকুৱা কাৰ্য্য কৰে, সি সেই অনুযায়ী নাম পায়। এতেকে,--বহু বেয়া কাৰ্য্য কৰে বুলি দোষাৰোপ কৰা, to ascribe too many faults to any one.

ওচৰৰ পুঠি খলিহা—বিং, পুঠি খলিহা নিচেই সৰু মাছ। তথাপি তাক যদি ওচৰতে পোৱা যায় তেনেহলে সিও লাভজনক হয়। সেইৰূপে অলপীয়া ধন-বস্তু যদি ওচৰতে পোৱা যায় তেনেহলে তাকো লাভ- জনক বুলি ধৰা হয়। এতেকে,- ওচৰতে পোৱা বাবে লাভজনক বুলি ধৰা অলপীয়া ধন-বস্তু, small things near at hand and considered on that account to be profitable.

ওজাৰ নাকত খঁৰে খোৱা—ক্ৰি , (ওজা = বৈদ্য। ) ওজাই পৰৰ ৰোগ ভাল কৰে। কিন্তু তেওঁৰ নিজৰ নাকতে খঁৰে খায়। খঁৰ সাধাৰণতঃ নাকত নহয়, কিন্তু ওজাৰ তেনে ঠাইতে খঁৰ হয়। এই স্থলত দুটা ভাব বুজোৱা হৈছে:-
(১) সকলোৱে দেখা ঠাইতে খঁৰ হয়।
(২) খঁৰে খাই ছিঙ্গি পেলায় অৰ্থাৎ নাক নাইকিয়া হয় বা লাজ