পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৩০৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
একেখন
ওপৰ-ভাগৰ
২৯৬

এ।

একেখন মেখলাৰে ভাই ককাই— বিং , মেখেলা তিৰোতাৰ পৰিধানীয় বস্ত্ৰ। এতেকে,—একে মাকৰ পৰা জন্ম পোৱা ভাই ককাই, সহোদৰ ভাই ককাই, uterine brothers.

এদোন খুজিলে একঠা পোৱা— ক্ৰি, কোনো মানুহক যিমানখিনি বস্তু খোজা যায়, সিমানখিনি বস্তু সচৰাচৰ পোৱা নাযায়। এই স্থলত কোৱা হৈছে, যে যদি এদোন খোজা যায, তেন্তে একঠা পোৱা যায়। (১ দোন= ১০ কঠা। ) এতেকে,—বহু পৰিমাণ খুজিলে অলপ পৰিমাণ পোৱা, to obtain a trifle of anything if one asks for a good deal of it.

এশ জালুকৰ মূল— [এশ জালুকৰ সমান মূল] এনে বিশিষ্ট মূল অৰ্থাৎ ঔষধৰ শিপা বোল হৈছে যে এশ জালুক গোটালে যিমান গুণ হয়, তাৰ অকলৈ সিমান গুণ আছে। এই স্থলত, অতি উগ্ৰ মানুহক তেনে শিপাৰে তুলনা কৰা হৈছে। এতেকে,—অতি উগ্ৰ, প্ৰতাপী বা কাৰ্য্যদক্ষ মানুহ, one who is exceedingly sharp, resourceful, competent

⸻⸻

ও।

ওপৰ-ভাগৰ দোষ— বিং, [ওপৰ-ভাগৰ বিপক্ষে দোষ] ওপৰ-ভাগত থকা অথাৎ স্বৰ্গবাসী দেৱতাৰ বিপক্ষে কৰা দোষ, transgressions against the deities of the heaven.

⸻⸻