পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৩০৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কল
খাই
২৯৭

ক।

কল খাই বাকলি পেলোৱা—ক্ৰি, নিজে কল খাই বাকলিটো আনে খাবলৈ পেলাই দিয়ে বোলা হৈছে। এতেকে,—কোনো বস্তুৰ প্ৰধান অংশ নিজে উপভোগ কৰি অকামিলা অংশ লোকক দিয়া, to give away to another the useless portion of a thing by enjoying the essential portion oneself.

কচু লৰা—বিং, অসমীয়া প্ৰসূতীয়ে কচুৰ জাল খায়। কচু চোকা হলে লৰা চোকা হয়, এনে বিশ্বাস আছে। এই বাক্যত কচু চোকা, এই ভাব নিহিত আছে। এতেকে,—টটাটিঙ্গা লৰা, a naughty boy.

কমোৱা তুলা—বিং, কমোৱা তুলা নিচেই কোমল। এতেকে,—সুকোমল মানুহ, a very delicate person

কমোৱা তুলা থোৱা দি থোৱা—ক্ৰি, কমোৱা তুলা নিচেই পাতল, অলপ বতাহতে উড়ি যায়। সেই দেখি তাক অতি যতনেৰে থোৱা হয়। এতেকে,— অতি যতনেৰে থোৱা, to keep with utmost care.

কীলৰ কুটুম—বিং, [ কীলৰ ভয়ত কুটুম ] কুটুম=(এই স্থলত) বন্ধু। কীলাৰ বুলি মনত ভয় পাই হোৱা বন্ধু , a person who turns out to be a friend under the influence of fear.

কেপে খোৱা—ক্ৰি, সাপে ধৰিলে ভেকুলীয়ে কেপ্-কেপ্ কৈ মাতে। কিছুমান চৰাইয়ে কেপ্ কেপ্ শব্দকৰে। এনেৰূপ শব্দ অন্যান্য ঠাইৰপৰাও শুনা যায়। মানুহে কেঁচুৱা লৰাক নিচুকাবলৈ কেপে খাব বুলি মিছা ভয় দেখুৱায়। এতেকে,—মিছা ভয়ৰ দ্বাৰা অভিভূত হোৱা, to be overcome with unreal fear.

⸻⸻

খ।

খাই গাহৰি—বিং, [ খাই হোৱা গাহৰি ] জন্মৰ দ্বাৰা নহৈ খাৱনৰ দ্বাৰা গাহৰি

হৈছে বোলা হৈছে। গাহৰি লেতেৰা জন্তু। এতেকে,—খকুৱা

৩৮