পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৩০৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
অঁকৰা
আঘোণ-মহীয়া
২৯৫


ওপৰঞ্চি।

অ।


অকৰা গাহৰি—বিং বনৰীয়া গাহৰি অঁকৰা অৰ্থাৎ সি যেই পোনে যাব খোজে, সেই পোনেই গুমগুমাই যায়, একে বাধা-বিঘিনিলৈ কাণশাৰ নকৰে। এতেকে,-আকোঁৰ্গোজ মানুহ (নিন্দা প্ৰয়োগ ), an obstinate fellow.

অধিক ওজা হলে গুড় ধমনা হোৱা—ক্ৰি, গুড় প্ৰস্তুত কৰিবলৈ পাৰদৰ্শিতা লাগে। কিন্তু ওজা যদি অধিক হয়, তেনেহলে গুড় ভাল নহৈ ধমনা হয় অৰ্থাৎ গুড় সমভাৱে নাথাকি ঠাইয়ে ঠাইয়ে কটকটীয়া টান মাৰে। এতেকে,— অতিৰিক্ত-সংখ্যক মানুহৰ দ্বাৰা পৰিচালিত কাৰ্য্যৰ ফল হীন হোৱা, the coming of an action to be poor in its result if it is directed by too many experts.

আ।

আঘোণ-মহীয়া ধান চপোৱা দি চপোৱা—ক্ৰি, আঘোণ মাহত পথাৰত ধান পকে। সেই ধান কোবা-কুবিকৈ দাই ভঁড়ালত চপাই থব লাগে, নহলে বা- বৰষুণত বা অন্যান্য কাৰণত ধান নষ্ট হবৰ আশঙ্কা থাকে। এতেকে,— কোবা-কুবিকৈ বহল পৰিমাণে কোনো কাৰ্য্য কৰা, to do any thing hastily and plentifully.