পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
হামৰাও
হিয়াৰ
২৮৯


torrents.

হামৰাও কঢ়া—ক্ৰি, [ হাম্বা ৰৱ কৰা ] গাই-গরৰুৱে পোৱালি হেৰালে হাম্বা ৰৱ কৰি ফুৰে। এতেকে,--ব্যাকুলভাৱে কোনো বস্তুৰ নিমিত্তে অভিলাষ কৰা, অতিকৈ হেঁপাহ কৰা, to hanker, to have a longing desire.

হামিয়াই হেঁকটিয়াই থকা—ক্ৰি, অধিক চিন্তা হলে মানুহে হামিয়াই হেঁকটিয়াই থাকে। এতেকে,—চিন্তা-ব্যাকুলিত হোৱা, to live in anxiety.

হায়ৌবিয়ৌ কৰা—ক্ৰি, [ ‘হে আই ঔ' বাই ঔ’ কৰা ] বেজাৰত বিহ্বল হৈ কোঢ়াল কৰা, to lament distressfully.

হাৰলী আই—বিং, [ ‘সাত ভাই চম্পা' সাধুকথাৰপৰা লোৱা বাক্য ] (’হাৰলী’ শব্দ ‘সৰল’ শব্দৰপৰা ওলাইছে। আজলী আই, a simple loving mother.

হাৰামৰ নেগুৰ—বিং, 'হাৰাম’ যাৱনিক শব্দ, ইয়াৰ অৰ্থ 'অশুচি বস্তু। নেগুৰ জন্তুৰ শৰীৰৰ বেয়া ভাগ। এতেকে,—নিকৃষ্ট মানুহ, the vilest person.

হালত যোড়া—ক্ৰি, গৰুক যেনেকৈ হালত যোড়ে তেনে কৰা অৰ্থাৎ সেও কৰি নিজৰ কামত লগোৱা, to reduce to slavery.

হালে হালে সাঙ্গোৰা—ক্ৰি, অধিক বন্দী মানুহক নিবলৈ হলে দুটা-দুটাকৈ সাঙ্গুৰি লয়, যাতে সিঁহতে লৰি পলাবলৈ চল নাপায়। এতেকে,—সমূলি তলতীয়া কৰা, সাৱশেষকৈ ঘটুওৱা, to subdue thoroughly.

হিয়া ধাকুৰা—ক্ৰি, অতিৰিক্ত বেজাৰ হলে মানুহে হিয়া ধাকুৰি অৰ্থাৎ ভুকুৱাই কান্দে। এতেকে,— কান্দি ব্যাকুল হোৱা, to lament loudly, to grieve bitterly.

হিয়া ধুনা— ক্ৰি, ধেনুৰে যেনেকৈ তুলা কোবাই ধুনে, হাতেৰে তেনেকৈ হিয়া কোবাই জৰ্জ্জৰিত কৰে, এই ভাব বুজোৱা হৈছে। অতিকৈ কান্দিলে মানুহে হাতেৰে বুকু চপৰিয়ায়। এতেকে,—কান্দি ব্যাকুল হোৱা, to lament loudly, to grieve bitterly.

হিয়া ভুকুওৱা—ক্ৰি, [ "হিয়া ধাকুৰা’’ চোৱা। ] -

হিয়াৰ আমঠু—বিং, ( আমঠু=হিয়াৰ মাজৰ কলাডিল। ) হিয়া মৰমৰ বাসস্থান। কোনো মানুহ ইমান প্ৰিয়তম যে তেওঁ সেই স্থানৰ৩৭