পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৩০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
হতাশীন
হেঁকটীয়া
২৯০

কেন্দ্ৰ-স্বৰূপ, এই ভাব বুজোৱা হৈছে। এতেকে,—প্ৰিয়তম মানুহ, a dearly beloved person.
হতাশীন মানুহ—বিং , (হুতাশীন = হুতাশন, জুই। ) জুইয়ে যি বস্তু পায় তাকে পুড়ি পেলায়। এই সুলত বুজোৱা হৈছে, যে কোনো মানুহৰ যি বস্তুৰে বা কাৰ্যেৰে সম্পৰ্ক ঘটে, সেই বস্তু বা কাৰ্যই নষ্ট হৈ যায়। এতেকে-ধ্বংসকাৰী মানুহ, a person of destructivo toudei.cies.
হনু বৰ্ত্তা—বিং, ‘শুনো’ ( অৰ্থৎ মই নিজে নাজানো লোকৰ মুখে শুনো) এনে বোলা কথা, উৰা-বাতৰি, a hearsay, a rumour.
হুৰমুৰ যাত্ৰা—বিং, কোনো ঠাইলৈ যাবলৈ হলে শুভ ক্ষণ চাই সেই মতে যাত্ৰা কৰিব লাগে। এই স্থলত, সেইবিলাক নিয়ম-কাৰণ একো নকৰি হৰমুৰ-কৰে ওলাহ গুচি যায় বোলা হৈছে। এতেকে,—হৰমুৰ-কৰে কৰা কাৰ্য্য, anything done in great hast or impulsively.
হুৰ্​হুৰ্​-টক্​টক্​—বিং , কোনো মানুহে হুৰ্​হুৰ্​​-কৰে যায় আৰু মুখেৰে টকাৰ দৰে টক্​টক্​ কৰে অৰ্থাৎ কথা কয়। এতেকে,-ধুমধাম-হাই-উরুমি , bustle and noise.
হুল চাঁচা—ক্ৰি, ( হুল= শূল। ) আহোম-ৰজাৰ দিনত শূল চাঁচি জোঙ্গা কৰি মাটিত পুতি অপৰাধীৰু অৰ ওপৰত তুলি প্ৰাণদণ্ড কৰা হৈছিল। এতেকে,—আনৰ অহিত চিন্তা কৰা, to plot, to design.
হুলে হুল কঢ়া— ক্ৰি, গাত হুল সোমালে আন এভাল হুলেৰে তাক খুঁচি উলিওৱা যায়। এতেকে—উগ্ৰ ৰোগ উগ্ৰ ক্ৰিয়াৰ দ্বাৰা আৰোগ্য হোৱা, the curing of a cruel disease by means of an equally cruel treatment (often used figuratively).
দুৱ.দুৱা লগা—ক্ৰি, [ হোৱ দিয়া লগা] শিয়ালবিলকে হোৱা দিলে বৰ হাই হয়। এতেকে,-কন্দা-কটা কৰি হাই-উরুমি কৰা, to raise a hue and cry.
হেঁকটীয়া মাছ—বি, শৰীৰৰ কোনো ঠাইৰ মঙ্গহ কাঠ বান্ধিলে তাকে হেঁকটীয়া বন্ধা' বোলে। কোনো মাছ সিজালে সি কাঠৰ নিচিনা টাল মাৰি থাকে, কেতিয়াও নিসিজে। তেনে মাইকে হেঁকটীয়া মাছ বোলা যায়। নিসিজা মানুহক হেঁকচীয়া মাছেৰে তুলনা কৰা হৈছে।