পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
হাতীয়ে
হাতী-শুড়েৰে
২৮৮

অমঙ্গল দিওঁতা জনৰ আগতে অমঙ্গল নিৰাকৰণৰ নিমিত্তে প্ৰাৰ্থনা জনোৱা, the representing of a grievance by a helpless person to the very person who has caused the grievance.

হাতীয়ে মহে যুঁজা—ক্ৰি, বনৰীয়া হাতী আৰু বনৰীয়া মই দুয়ো সমান বলী। কেতিয়াবা হাবিত সিহঁতৰ ভিতৰত যুদ্ধ হলে বহু পৰ নেৰানেপেৰাকৈ যুদ্ধ চলি থাকে। এতেকে,--দুজন সমান বলী মানুহৰ ভিতৰত নেৰানেপেৰাকৈ ডাঙ্গৰ কাজিয়া লগা, the struggling of two equally powerful combatants in all obstinate manner.

হাতীয়ে মাউতে থাউনি নেপোৱা—বিণ, পানী ইমান দ বোলা হৈছে, যে হাতী আৰু মাউত দুয়ো গোট খাইও থাউনি নাপায় অৰ্থাৎ হাতীৰ ওপৰত থিয় হৈ মাউতে থাউনি নাপায়। এতেকে,—বৰ দ, unfathom- able.

হাতীয়ে মাখিয়ে সমান হবলৈ যোৱা—ক্ৰি, হাতী ডাঙ্গৰ, মাখি সৰু। এই স্থলত মাখিয়ে হাতীৰ সমান হবলৈ যায় বোলা হৈছে। ডাঙ্গৰ মানুহক হাতীৰ আৰু সৰু মানুহক মাৰি তুলনা কৰা হৈছে। এতেকে,— তুচ্ছ মানুহে বৰলোকৰ জোৰ লবলৈ যোৱা, the aping of a great mall by an insignificant person.

হাতীৰ দাঁত—বিং, হাতীৰ দাঁত কট্ কটীয়া। এতেকে,—লৰচৰ নোহাৱা কথা বা কাৰ্য্য on unalterable word or act.

হাতীৰ গালৈ তৰাৰ ফৰ্ম্মুঠি মৰা--ক্ৰি, ফৰ্ম্মুঠি মাৰি হাতীক খেদিব পৰা নাযায়। এই স্থলত তৰা গছৰ ফৰ্ম্মুঠি লোৱা হয় বোলা হৈছে। তৰাৰ ফৰ্ম্মুঠি নিচেই অকামিলা, এনে অকামিলা যে হাতীয়ে তালৈ এফেৰিও ভয় নকৰে, বৰং ৰং পাই তৰা গছ মুখত সুমাই খাই থয়, এনে ভাব বুজোৱা হৈছে। বৰলোকক হাতীৰে তুলনা কৰা হৈছে। এতেকে,— বৰলোকৰ প্ৰতি অকামিলা অস্ত্ৰ নিক্ষেপ কৰা, to direct a useless weapon against a powerful enemy.

হাতীৰ শুড়েৰে বৰষুণ দিয়া— ক্ৰি,জাতীয় শুড়েৰে পানী টানি শুড় ওপৰলৈ তুলি সেই পানী এৰি দিলে যেনেভাৱে পৰে তেনেভাবে বৰষুণ দিয়ে বোলা হৈছে। এতেকে,-- ডাঙৰকৈ বৰষুণ দিয়া, to rain in