পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
সন্নিপতীয়া
সৰসতী-বাণ
২৬৮


বাৰী এৰুৱাই দূৰলৈ খেদাই দিয়া, দেশান্তৰ কৰা, to drive a person away from hearth and home.

সন্নিপতীয়া মানুহ—বিং, সন্নিপাত দুষ্ট জ্বৰ, ই সোনকালে আৰোগ্য নহয়। এতেকে,—দুষ্ট মানুহ, wicked person.

সন্ধিৰ বাঁহ বুদ্ধিৰে উলিওৱা—ক্ৰি, জোপাৰ মাজৰ বাঁহ সন্ধিত থাকে, তাৰপৰা তাক কাটি উলিওৱা টান। এই স্থলত কোৱা হৈছে, যে বুদ্ধিৰ দ্বাৰা তেনে বাঁহো উলিয়াব পৰা যায়। এতেকে,—কোনো জটিল কাৰ্য্য বুদ্ধিৰে উদ্ধাৰ কৰা, to perform a difficult operation tact- fully.

সবাহৰ কল—বিং , সবাহৰ কল সকলোকে বিলাই দিয়া যায়। এতেকে,—যাকে তাকে বিলাই দিব পৰা অলপীয়া মুল্যৰ বস্তু, a thing of trifling value.

সভা-শুৱনী—বিণ, সভাৰ শোভা বঢ়োৱা থুলন্তৰ, grand.

সময়ৰ শৰ—বিং, যি সময়ত শৰ মাৰিলে শত্ৰু ৰক্ষা নপৰে, চল চাই ঠিক সেই সময়তে শৰ মাৰে বোল হৈছে। এতেকে,—কালোচিত কাৰ্য, an act in the right moment.

সম্পদীয়া পাৰ—বিং, প্ৰবাদ আছে যে কোনো মানুহৰ সম্পদৰ সময়ত পাৰবিলাকে নানা ঠাইৰপৰা ভাগি আহি তাৰ ঘৰত বাহ লয়। কিন্তু তাৰ বিপদৰ সূচনা হোৱা মাত্ৰেই, একে সময়তে জাঁকি মাৰি আটাইবিলাক পাৰ উৰি পলায়। এতেকে,—সম্পদৰ কালত লগ লোৱা আৰু বিপদৰ কালত আঁতৰি যোবা বন্ধু-বান্ধৱ, ইষ্ট-মিত্ৰ আদি মানুহ, a friend in prosperity but not in adversity.

সৰকি যোৱা—ক্ৰি, কোনো মানুহক আবদ্ধ কৰি থলে সি কেনিবা অলপ সুৰুঙ্গা পালেই, সেই পোনে দি সৰকি পাই লৰ মাৰে। এই, স্থলত, সংসাৰত আবদ্ধ আৰু সুৰুঙ্গাই দি সৰকি সংসাৰৰ পৰা পলাই যায় বোলা হৈছে। এতেকে,—মৃত্যু প্ৰাপ্ত হোৱা, to die.

সৰগৰ তৰা—বিং, [ স্বৰ্গৰ তৰা ] তৰা ওখ ঠাইত জ্বলি থাকে। এতেকে,—ওখ খাপৰ মানুহ, প্ৰখ্যাত মানুহ, a person of high order, a distinguished person.

সৰসতী ৰাগ—বিণ, [ সৰস্বতী-ৰাণী ] কথকী, garrulous.