পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
সৰিয়হৰ
সৰ্গদেৱ
২৬৯


সৰিয়হৰ জনম ধৰি বেটেৰিৰ চেপালৈ ভয় কৰিব নলগা—ক্ৰি,সৰিয়হ বেটেৰিত ভৰাই তাক চেপি তেল উলিওৱা হয়। এই স্থলত কোৱা হৈছে, যে সৰিয়হক ভৰাই চেপিবই, সৰিয়হ-স্বৰূপে জন্ম ললে বেটেৰিৰ চেপালৈ ভয় কৰা নিৰৰ্থক। এতেকে,—যি কাৰ্য্যৰ যি ফল নিশ্চিত সেই কাৰ্য্য কৰি এঁটাই সেই ফাললৈ ভয় কৰিব নলগা, not to shrink from facing the consequences of an action after the particular action has been deliberately performed.

সৰু সূতা কটা—ক্ৰি, সৰু সূতা কাটিবলৈ টান। এতেকে,—মিহি বা টান বন কৰা, to do a piece of fine or difficult work.

সৰু হৈ সৰকা— ক্ৰি, ভূতে মেকুৰী বা আন জন্তুৰ নিচিনা সৰু আকাৰ ধাৰণ কৰি মানুহৰ দুই ভৰি মাজে দি সৰকি যায়। সেইৰূপে সৰকি যাব পাৰিলে, সি মানুহটো ছলিব পৰা শক্তি শক্ত কৰে। 'সৰুৰ আন অৰ্থ নম্ৰ’ এতেকে,—সৰু বুজাই স্বাৰ্থসিদ্ধি , to serve one's ends by pretending to be obedient, hum- ble or modest.

সৰুৰ দোষে খুচৰি খোৱ—ক্ৰি (সৰু= ইতৰ মানুহ। ) কোনো কোনো ছালৰ ৰোগে ৰোগীক খুঁ চৰি খায় অৰ্থাৎ ৰোগ ক্ৰমশ: বিয়পি গৈ ৰোগীৰ গুৰুতৰ যন্ত্ৰণাদায়ক হয়। এতেকে,—ইতৰ মানুহক কোনো অপ- ৰাধৰ নিমিতে গুৰুতৰ দণ্ড দিয়া, the punishing of a weak person relentlessly.

সৰু পানী ছোৱা—ক্ৰি, মুত্ৰত্যাগ কৰিলে অলপ পানী লৈ হাত ভৰি ধুব লাগে। এতেকে,—মুত্ৰত্যাগ , to discharge urine.

সৰু নাওত বৰ ভৰা দিয়া— ক্ৰি, সৰু নাওত সৰু ভৰা দিব লাগে, বৰ ভৰা দিলে নাও বুৰি যায়। এতেকে,—নিশকতীয়া মানুহক সহিব নোৱৰা ভাৰ দিয়া, to over-burden a week a person.

সৰু সূতাৰ তাঁত বোৱা—ক্ৰি, সৰু সূতাৰ তাঁত ববলৈ টান, কিয়নো সূতাবিলাক বেগতে ছিগি যায়। এতেকে,—মিহি বা টান বন কৰা, to do a piece of fine or difficult work.

সৰ্গদেৱ ঈশ্বৰ—বিং, আহোমবিলাকে তেওঁলোকৰ আদি ৰজা খুনলুং আৰু খুনলাই স্বৰ্গৰ পৰা নামি আহিছিল বুলি কয়। 'সৰ্গদেৱ’ শব্দে