পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
সইত
সত্ৰ
২৬৭


কেহা, জলা, লুণীয়া। ] অমৃত পাঁচ প্ৰকাৰ। যেনে:—দৈ গাখীৰ, এৱাঁ গাখীৰ, ঘিঁউ মৌ, চেনি। এতেকে,—খাৱন খোৱা, to eat the choicest food, to partake of delicacies.

স।


সইত খোৱা—ক্ৰি, [ সত্য খোৱা ] সত্য কৈছোঁ বুলি শপথ লোৱা, to swear.

সংসাৰৰ লীলা-খেলা—বিং, জীৱনৰ কাৰ্য্য-কলাপ, worldly activities.

সঁচি ধন—বিং, [ সঞ্চিত ধন ] ভবিষ্যতৰ ব্যৱহাৰৰ নিমিত্তে যাক সাঁচি থোৱা যায় তেনে ধন, reserve fund.

সতৰামৰ নাঙ্গল—বিং, সতৰাম নামেৰে কোনো মানুহ আছিল। হাল বাওঁতে তাৰ নাঙ্গল এঠাইত লাগে, এঠাইত নালাগে। এতেকে,—এলেবাংকৈ কৰা কাৰ্য্য, a work clumsily done.

সতিনীৰহীয়া পৈ—বিৎ, সতিনীৰ প্ৰেম-ৰসপায়ী পতি অৰ্থাৎ দুজনী ঘৈণীয়েক থকা গিৰিয়েক, (চহা), a husband with two wives. (slang).

সত্য-নাৰায়ণৰ ভতিজা—বিং, সত্য-নাৰায়ণ বিষ্ণুৰ এক অৱতাৰ। যি মানুহে সদাই সত্য কথা কয়, তেওঁক সত্য-নাৰায়ণৰ অংশ বোলা হৈছে। এতেকে,—অতি সত্যবাদী মানুহ, (বিদ্ৰুপ), one who habitually speaks truth, (used ironically).

সত্যযুগৰ কথা—বিং, অতি পুৰণি কালৰ কথা, a thing of remote past.

সত্ৰ একওৱা— ক্ৰি, ভকতবিলাক সত্ৰৰ ভিতৰত থাকে। কোনো গুৰুতৰ অপৰাধ কৰিলে তাক সত্ৰৰপৰা বাজ কৰি দিয়া হয়। এতেকে,—ঘৰ-