পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
শোহনি
বড়
২৬৬


নোহাৱা, to have absolutely no rest.

শোহনি থকা—ক্ৰি, চহকী মানুহে পগোৱা গাখীৰ ৰূপৰ পিলাত লৈ শোহা মাৰি খায়। যেতিয়া সেই মানুহৰ আৰ্থিক অবস্থা বেয়া হয়, তেতিয়া তেওঁৰ তেনেকুৱা আয়ম নচলে। এই স্থলত কোৱা হৈছে, যে যদিও পগোৱা গাখীৰ আৰু ৰূপৰ পিয়লা দুইও নাইকিয়া হয়, তথাপি তেওঁৰ পূৰ্ব্বৰ নিচিনা শোহা মাৰি খোৱা অভ্যাসটো থাকে। পূৰ্ব্বে ৰূপৰ বাটিত পগোৱা গাখীৰ শোহা মাৰি খাইছিল, এতিয়া সেই দুইৰ অভাৱত কাঁহৰ বাটিত চেঁচা পানী শোহা মাৰি খায়। কিন্তু শোহ- নিটো অৰ্থাৎ শোহা মাৰি থোৱা ধৰণটো অবিকল পূৰ্ব্বৰ দৰে থাকে। এতেকে,—আৰ্থিক অৱস্থাহীন হোৱা সত্বেও পূৰ্ব্বৰ বৰলোকালি ধৰণ ৰৈ যোৱা, (বিদ্ৰুপ), the lingering of the ways of a rich man on the part of a person who was once a rich man but has now lost his property.

⸻⸻⸻⸻

ষ।

ষাঁড় মেলা—ক্ৰি, বৃষোৎসৰ্গ পূজাত ষাঁড় উছৰ্গা কৰি মেলি দিয়া যায়। ইচ্ছা অনুসাৰে সেই ষাঁড় যতে ততে ফুৰি ফুৰে। যতে ততে ঘুৰি ফুৰা দুষ্ট মানুহক ষাঁড়েৰে তুলনা কৰা হৈছে। এই স্থলত অভিভা- বকে সেই মানুহক ষাঁড়ৰ দৰে মেলি দিয়ে অৰ্থাৎ তত্ত্বাবধান নলয় এই ভাব বুজোৱা হৈছে। এতেকে,—কোনো মানুহৰ তত্ত্বাবধান নলৈ ইচ্ছানুসাৰে কাৰ্য্য কৰিবলৈ তাক এৰি দিয়া, to allow person to act according to his own will and not to take care of him at all.

বড় ৰস পঞ্চামৃতেৰে খোৱা—ক্ৰি, ৰস ছয় প্ৰকাৰ; যেনে:⸻ মিঠা, টেঙ্গা, তিতা,