পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
শিলেৰে
শূদিৰৰ
২৬৪


liable to be altered or modified on any consideration.

শিলেৰে খুণ্ডা—ক্ৰি, বৰকৈ মাৰকীল কৰা, to beat severely.

শিশুপাল খেদা—বিং, শ্ৰীকৃষ্ণে শিশুপালৰ প্ৰতি যিৰূপ খেদা দিছিল সেইৰূপ খেদা অৰ্থাৎ কোবাল খেদা, a hot pursuit.

শীতল সন্নিপাত—বিং, শীতল সন্নিপাত এবিধ সাংঘাতিক জ্বৰ। এই জৰত বাহিৰে গাটো চেঁচা হৈ থাকে, ভিতৰে দাহ হয়। এতেকে,—বাহিৰে শিষ্ট-শান্ত কিন্তু ভিতৰে অঘাইটং মানুহ, an innocent-looking knave.

শুকান জেওৰা খৰি—বিং, জওৰা ৰদত থাকি শুকই যায়। কেঁচা বাঁহৰ ৰস থাকে, কিন্তু জেওৰাৰ বাঁহত ৰস নাথাকে। সেই দেখি শুকান জেওৰাৰ বাঁহ আনি মানুহে খৰি পোৰে। ৰস-পম নোহোৱা মানুহক তেনে খৰিৰে তুলনা কৰা হৈছে। এতেকে,—নি:কিন, a pauper.

শুকান বালি তিয়াব নোৱৰা—ক্ৰি, শুকান বালিত পানী ঢালিলে পানী শুহি যায়, আৰু বালি তিতি তেতিয়াই আকৌ পূৰ্ব্বৰ দৰে শুকান হৈ পৰে। দুখীয়া মানুহক পৰে ধন-বস্তু দিলেও, সেই ধন ব্যয় হৈ, সি পূৰ্ব্বৰ দৰে দুখীয়া হৈ পৰে। এতেকে,—নিজৰ উপাৰ্জ্জনৰ বাট নাথাকিলে পৰে সাহায্য কৰি সদাই তাৰিব নোৱৰা, to be unable to keep in comfort by providing outside relief a person who has no independent source of income.

শুকানী অপেচৰাই পোৱা—ক্ৰি, শুকানী অপেচৰাই পালে মানুহ দিনে দিনে ক্ষীণাই-শুকাই যায়। এতেকে,—ক্ৰমশঃ দুৰ্ব্বল হোৱা, to lose strength slowly and steadily.

শুদাশুদি মানুহ—বিং, গাত গুণ নোহোৱা শুদা মানুহ, সাধাৰণ লোক, a person without accomplishments, an average person.

শুদ্ধে-অশুদ্ধে—ক্ৰি-বিণ, আধা-শুদ্ধকৈ আৰু আধা-অশুদ্ধকৈ অৰ্থাৎ অসম্পূৰ্ণভাবে, imperfectly.

শুহুৰিধটা—ক্ৰি, ( শহুৰ শাৰীক খটা ] স্বামীৰ সহবাসত থকা, to live in the husband's home.

শূদিৰৰ পঢ়ুৱা--বিং, আগৰ দিনত শূদিৰৰ বিষয়-বাসনা আছিল, বামুণৰ বিদ্যা- চৰ্চ্চা আছিল। এতেকে,—নিয়মৰ বহিৰ্ভূত কাৰ্য্য কৰা মানুহ, a